দুদিন ধৰি ৰ'দে পুৰিছে মাটি
গছপাত এখিলাও লৰা নাই
থমথম নিথৰ গৰমত
পছোৱা কুৰুৱাই
নিজে পাই জানো উশাহ?
জোনৰ ওঁঠতো মিছলীয়া ডাৱৰ
ডোখৰ ডোখৰ হৈ ওলমিছে
এতিয়া মোৰ প্রিয় ফুল বিজুলী,
প্রিয় গান উধামুধা এজাক বতাহ
গছপাত এখিলাও লৰা নাই
থমথম নিথৰ গৰমত
পছোৱা কুৰুৱাই
নিজে পাই জানো উশাহ?
জোনৰ ওঁঠতো মিছলীয়া ডাৱৰ
ডোখৰ ডোখৰ হৈ ওলমিছে
এতিয়া মোৰ প্রিয় ফুল বিজুলী,
প্রিয় গান উধামুধা এজাক বতাহ
Comments
Post a Comment