Skip to main content

এনাজৰী

(১)
নিমাতীৰ ভিজা বালি চাপৰি
অকলশৰীয়া চিফুং এটাৰ মাতত
জিৰজিৰকৈ সৰি পৰে জোনাক
দুবাহুত মোৰ পাখি গজে
দিখৌৰ বুকুতো উথপ্‌থপ্‌ লগাই
এজাক উজানৰ চকামকা মাছ।

(২)
ক'ত নাচিছে বাগুৰুম্বা?
ঢোলৰ মাতত ফাল ফাল বতাহ
আৰু দুখোজমান যাওঁ নেকি আগুৱাই?
মোৰ টাই-ফাকে গাৱঁৰ কেঁচা আলিবাট
যেন কোনোবা মলামুখীয়া বড়ো গাভৰুৰ
ঘনক'লা কেঁকোৰা চুলিৰ খেলিমেলি ভাঁজ।

(৩)
নাচাওঁ বুলি ভাবোঁ একোবাৰ
আংলঙৰ ডাৱৰে ঢকা পাহাৰৰ ৰং
বন্ধ চকুৰ অন্ধকাৰতো ঘনাই জিলিকে
চমাঙৰ* শাৰী শাৰী চাঙঘৰ
আৰাকৰ* নিচাত মজি থাকে
পাহাৰ-ভৈয়ামৰ একেখন আকাশ।

(৪)
বকুলতলৰ নঙলামুখত ছাঁ পৰিল
কহুঁৱাৰ ফাঁকেৰে সৰকি পৰিছে বেলি
ডবাৰ কোবতেই হয়তো গধূলি নামে
আন্ধাৰ-পোহৰৰ প্রশান্ত দোমোজাত
গুনগুনকৈ শুনো আই-চিং-লাও*।

(৫)
বলিয়া বতাহেৰে পাক মিলাই ঘূৰে
মনসা পূজাৰ দেওধনী ছোৱালী
উদং ভৰিৰ গিৰিপনিত সাৰ পাই
বছৰজুৰি শুই থকা কন্‌কনীয়া চোতাল
হাবিখনৰ বুকু ভেদি জয়ঢোলৰ মাত।

(৬)
নগা পাহাৰত বৰষুণ পৰিলে
উন্মনা হয় ভৈয়ামৰ নদী
মানাহৰ উলু পোৰা ধোঁৱাৰ দৰে
ৰং হেৰুৱা আকাশ ধুঁৱলী-কুঁৱলী।

*চমাং>কার্বি লোক, আৰাক>কার্বিসকলৰ পৰম্পৰাগত পানীয়, আই-চিং-লাও>আহোমসকলৰ আদি প্রার্থনা।

Comments

  1. Are these poems written by you??? If yes, nice work.... Though I dont understand difficult words in Assamese, I can still read them and understand fairly... Keep it up...
    http://spotlessdiva.blogspot.com/

    ReplyDelete
  2. yes...it's my own creations. thanks a lot...

    ReplyDelete

Post a Comment

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়।            হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে                    মৌ-সৰা দি জহি

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ এক

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)