অ' কহুঁৱা,
তোৰ ছাঁতে লুকুৱাই থ'
মোৰ ঘামত ভিজা দুপৰীয়া ছাঁ
ৰূপ চৰোৱা কপাহী গাৰ
ধনুগুনীয়া ভাঁজত লৈ আহ
আহিনৰ গোটেই মাহজোৰা বতাহ
উৰুৱাই দে টুকুৰা ডাৱৰ
ঢাকি পেলা শৰতৰ আকাশ
পছিমত বাজক লাহে লাহে
বেলি লহিওৱাৰ হেঙুলীয়া গান
তোৰ ছাঁতে লুকুৱাই থ'
মোৰ ঘামত ভিজা দুপৰীয়া ছাঁ
ৰূপ চৰোৱা কপাহী গাৰ
ধনুগুনীয়া ভাঁজত লৈ আহ
আহিনৰ গোটেই মাহজোৰা বতাহ
উৰুৱাই দে টুকুৰা ডাৱৰ
ঢাকি পেলা শৰতৰ আকাশ
পছিমত বাজক লাহে লাহে
বেলি লহিওৱাৰ হেঙুলীয়া গান
Comments
Post a Comment