Skip to main content

শৰতৰ এমুঠি স্কেট্‌ছ

(১)
মেঘে সামৰি আনিছে আন্ধাৰ বৰণীয়া পোছাক
বা-মাৰলিৰ দীঘলীয়া উছাহৰ শেহতীয়া দিন
এতিয়াও ক্ষীণকৈ বাজি উঠোঁ হেন কৰে
বৰষুণৰ সজালধৰা সেউজীয়া বাঁহী
আকাশৰ শৰীৰজুৰি স্পন্দিত এটি ফৰকাল গীত।

(২)
গুনগুন আন্ধাৰে মেৰাই ধৰিছে সন্ধিয়া
খহি পৰাৰ নিৰলস প্রচেষ্টাত বিভোৰ
নিয়মীয়া তৰাকেইটা লুকুৱাই ৰখাৰ ব্যস্ততাৰে
বন-পাতৰ কেঁচা আলিবাটেদি
কুঁৱলীৰ নিমাত সমদল এটাৰ সঘন অহা-যোৱা।

(৩)
কৃষ্ণাইৰ মূৰৰ শেৱালী এপাহ মুকলি হ'ল
ফেঁহুজালিৰ অৰণ্যজোৰা গীত নবজালৈকে
সেই চিনাকি গোন্ধটোৰ সৈতে ৰাতিটোৱে
হাতে হাত ধৰি আলাপ কৰিব
ৰ'দ সৰিলেই সিহঁতে জিৰণি লোৱাৰ কথা।

(৪)
নিয়ৰ ভাঙি আগুৱাই এজাক চেমনীয়া বতাহ
বেলিৰ চোওঁ-নোচোওঁ আঙুলিও চেঁচা পৰে
গোটেই পথাৰজুৰি এবুকু সেমেকা সেউজীয়া
কোনজনী ৰোৱণীৰ শাওণীয়া চেনেহত
শালিৰ গেঁৰ ধৰা আহিন আজি লহপহীয়া।

(৫)
বুকুত ঘৰ সাজিব ধৰা নীলাভ জোন এটাৰ সৈতে
অকাল বোধনৰ নির্মল জোনৰ নিৰপেক্ষ তুলনাত
পাৰ হয় কাতিমহীয়া খাদ্যহীনতাৰ ঋতু
পুৱালৈ সময়ে বোকোচাত গুঁজি দি যায়
কুহকসনা একোটা জোনাকী ৰাতি।

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়।            হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে                    মৌ-সৰা দি জহি

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ এক

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)