কৃষ্ণকায় গছ এজোপাৰ
অবিন্যস্ত জখলাৰে
নীলাভ জোনটো বগুৱা বাই
নামি আহে লাহে লাহে
ভাললগা গানৰ কলি এটাই ক'ৰবাত ডেউকা কোবায়
জোনাকে বুকুৰ এচুকত
ৰুই থৈ যায়
উশাহ লৈ থকা এমুঠা শব্দৰ
শিপাৰ জঁট নভঙা পুলি।
অবিন্যস্ত জখলাৰে
নীলাভ জোনটো বগুৱা বাই
নামি আহে লাহে লাহে
ভাললগা গানৰ কলি এটাই ক'ৰবাত ডেউকা কোবায়
জোনাকে বুকুৰ এচুকত
ৰুই থৈ যায়
উশাহ লৈ থকা এমুঠা শব্দৰ
শিপাৰ জঁট নভঙা পুলি।
Comments
Post a Comment