পূজাত নো কি দিওঁ তোমাক
দুহাত যে উকা
পৰা হ'লে পথালোহেঁতেন
কুঁৱলীত সেমেকা
তলসৰা শেৱালীৰ এটি পুৱা
(তুমিতো চাগে তাত
শেৱালীৰ গোন্ধ নাইপোৱা!)
পথালোহেঁতেন নিয়ৰত তিতা
অকাল বোধনৰ নিশা
(নিয়ৰ পৰিছে নেকি তাত?)
ইন্টাৰনেটত পথাইছোঁ
শুভেচ্ছা, ভালপোৱা আৰু
বন্ধুত্বৰ অশেষ কৃতজ্ঞতা..
(অসমৰ বাহিৰত থকা, অসমৰ দুর্গোত্সৱ 'মিছ' কৰা মোৰ বন্ধু-বান্ধৱী, তোমালোকৰ হাতত এই কবিতাটো দিলোঁ।)
দুহাত যে উকা
পৰা হ'লে পথালোহেঁতেন
কুঁৱলীত সেমেকা
তলসৰা শেৱালীৰ এটি পুৱা
(তুমিতো চাগে তাত
শেৱালীৰ গোন্ধ নাইপোৱা!)
পথালোহেঁতেন নিয়ৰত তিতা
অকাল বোধনৰ নিশা
(নিয়ৰ পৰিছে নেকি তাত?)
ইন্টাৰনেটত পথাইছোঁ
শুভেচ্ছা, ভালপোৱা আৰু
বন্ধুত্বৰ অশেষ কৃতজ্ঞতা..
(অসমৰ বাহিৰত থকা, অসমৰ দুর্গোত্সৱ 'মিছ' কৰা মোৰ বন্ধু-বান্ধৱী, তোমালোকৰ হাতত এই কবিতাটো দিলোঁ।)
Comments
Post a Comment