#ভাগৰুৱা চকুবোৰে উচুপিছে লাহে লাহে
এটি এটি ছাঁয়াছবি যায় আহে নীৰৱে
কলিজাতে বাৰে বাৰে উচুপিছে কিনো দুখে
কোন কেনি কাক এৰি বাট বুলে কোনে জানে
এই দিন হ'ব সোঁৱৰণি
এৰি গ'লো স্মৃতিকে সাৱটি
নতুন সময় আঁকোৱালি
#স্বপ্নময় দিন ৰাতি ভাৱনাৰে কথা পাতি
সপোনৰ বালিঘৰ ভঙা-গঢ়া ঘনেপতি
প্রতিটো পল প্রতিটো ক্ষণ পাৰ হৈ যায় এনেকৈয়ে
পুৰণিয়ে মেৰিয়াই দিনবোৰ সামৰিলে
তথাপিও থমকে দুভৰি
এৰি গ'লো স্মৃতিকে সাৱটি
নতুন সময় আঁকোৱালি
#কলিজাৰে এনাজৰী যায় জানো জহি-খহি
চেনেহৰে বান্ধ খুলি বর্ত্তমান যাব কেনি
থোকাথুকি বেজাৰতে আজিয়ে বিদায় ল'লে
যতনেৰে জাপি দিলোঁ সময়ৰ বোকোচাতে
পাঁচোটা বছৰ গণি গণি
এৰি গ'লো স্মৃতিকে সাৱটি
নতুন সময় আঁকোৱালি
-----মোৰ জীৱন পৰিপূর্ণ কৰি তোলা প্রত্যেকজন সহপাঠীৰ হাতত।
এটি এটি ছাঁয়াছবি যায় আহে নীৰৱে
কলিজাতে বাৰে বাৰে উচুপিছে কিনো দুখে
কোন কেনি কাক এৰি বাট বুলে কোনে জানে
এই দিন হ'ব সোঁৱৰণি
এৰি গ'লো স্মৃতিকে সাৱটি
নতুন সময় আঁকোৱালি
#স্বপ্নময় দিন ৰাতি ভাৱনাৰে কথা পাতি
সপোনৰ বালিঘৰ ভঙা-গঢ়া ঘনেপতি
প্রতিটো পল প্রতিটো ক্ষণ পাৰ হৈ যায় এনেকৈয়ে
পুৰণিয়ে মেৰিয়াই দিনবোৰ সামৰিলে
তথাপিও থমকে দুভৰি
এৰি গ'লো স্মৃতিকে সাৱটি
নতুন সময় আঁকোৱালি
#কলিজাৰে এনাজৰী যায় জানো জহি-খহি
চেনেহৰে বান্ধ খুলি বর্ত্তমান যাব কেনি
থোকাথুকি বেজাৰতে আজিয়ে বিদায় ল'লে
যতনেৰে জাপি দিলোঁ সময়ৰ বোকোচাতে
পাঁচোটা বছৰ গণি গণি
এৰি গ'লো স্মৃতিকে সাৱটি
নতুন সময় আঁকোৱালি
-----মোৰ জীৱন পৰিপূর্ণ কৰি তোলা প্রত্যেকজন সহপাঠীৰ হাতত।
Comments
Post a Comment