চেঁচা বতাহৰ অবিৰাম টনা-আঁজোৰাত
ধৰাশায়ী হৈ পৰিছোঁ
খহি পৰিছোঁ ভাগৰত
লাহে লাহে মাটিত বিলীন হৈ যাম
শিপাৰে বগুৱা বাই সোমাম
শীতক আওকাণ কৰি
পুনৰ সেউজীয়া হৈ পোখা মেলিম
বাসন্তী পুৱাত
ধৰাশায়ী হৈ পৰিছোঁ
খহি পৰিছোঁ ভাগৰত
লাহে লাহে মাটিত বিলীন হৈ যাম
শিপাৰে বগুৱা বাই সোমাম
শীতক আওকাণ কৰি
পুনৰ সেউজীয়া হৈ পোখা মেলিম
বাসন্তী পুৱাত
Comments
Post a Comment