অলপ আগলৈকে আমি কথা কৈ আছিলোঁ
জীয়া মাছৰ দৰে খলখলাই আছিল মুখ বাগৰা ৰ'দ জিলিকা হাঁহি
উফৰি ফুৰিছিল টুকুৰা-টুকুৰ ফিৰিঙতি শব্দ
অলপ আগলৈকে ছটফটাই ফুৰা
শব্দৰ সেউজীয়া ফৰিঙটোৰ পাখি কোনে কাটিলে,
কোনে কপালত আঁকি দিলে বয়স্কৰ টিকটিকীয়া ফোঁট?
কিমান আপোন হ'লে এৰি অহাৰ পৰত কলিজা ফাটে,
চকুৱেদি বৈ আহে ক'বলৈ ৰৈ যোৱা কথাৰ লুণীয়া?
কিমান আপোন হৈ পৰিলে বিচ্ছেদৰ যন্ত্রণা দুচকুত ৰঙা হৈ জ্বলে?
বুকুত এটা শিল গজিছে
লৰাব নোৱাৰো, খহাব নোৱাৰো, ভাঙিবও নোৱাৰো
এয়া বিদায় লোৱাৰ ক্ষণ
এতিয়া গোটেইখন নিমাওমাও
(সময়ে লগ এৰোৱাব বিচৰা কলেজৰ অন্তৰংগ বন্ধু-বান্ধৱীকেইটাৰ হাতত মৰমেৰে)

Comments
Post a Comment