নিষিদ্ধ আন্ধাৰৰ কিলবিল আঙুলিবোৰে মোক চুই চাব খোজে
বাৰে বাৰে বাট হেৰুৱাওঁ, আকৌ বিচাৰি পাওঁ
পুনৰবাৰ হেৰুৱাওঁ পৈত্রিক কক্ষপথ
থান-বান হয় পুৰাতন লক্ষ্মণৰেখা
নষ্ট সময়ৰ সৈতে বর্ধমান মিতিৰালিত
ৰক্তাভ লক্ষ্যই ক্রমাত্ বাগৰ সলায়
এনেকৈয়ে এৰাসূঁতি সময়ত অপৈণত অতীতক এৰোঁ
আঁউসীৰ আকাশ সাৱটি জ্বলে মোৰ নতুন জোন
সন্তপর্ণে অনুসৰণ কৰোঁ এক নতুন স্বর্ণিম সপোন
(অলপতে এজন অন্তৰংগ বন্ধুৱে ক'লে -- কলেজৰ পাঁচোটা বছৰত ময়েই সকলোতকৈ বেছি সলনি হ'লো...কথাষাৰে বৰকৈ ক্রিয়া কৰিলে...সেই অনুভূতি-অনুভৱেৰেই এই শাৰীকেইটা লিখিলোঁ।)

Comments
Post a Comment