Skip to main content

কোনোবাদিনা অনামিকা...

কোনোবাদিনা তুমি হঠাত্‍ ফোন কৰি ক'বা ---
"তোমাৰ ওচৰলৈ গৈ আছোঁ,
FSA -ৰ নোটছবোৰ জেৰক্স কৰা হৈ গ'ল"
ধৰমৰাই মই বিছনাৰপৰা উঠিম
কিমান ভ'ল্টৰ বিজুলী গাৰ মাজেদি গ'ল
তাৰ উমান লোৱাৰ অবাক চেষ্টা এটা কৰিম
বহুদিনৰ মূৰত কাপোৰবোৰ আলনাডালত
নিজৰ সঠিক ঠাইত শান্তিৰে বহিব
চুক এটাত শুই থকা ঝাৰুটোৱে সাৰ পাব
(ছেঃ, জধলা টেবুলখন তথাপি জধলা!)
হিচাপ ল'ম তিনিবাৰমান ----
দুকাপ কফিৰ জোখাৰে সকলো আছেনে নাই

'নতুন কি লিখিলা' বুলি সোধোঁতে অকণমান হাঁহিটো
কেনি বাগৰি গ'ল মই চাই থাকিম
লাহে লাহে তুমি এটা কবিতা হৈ পৰিবা
দৰদী, অভিমানী, অভিসাৰী কবিতা

এদিন তুমি হঠাত্‍ আহিবা অনামিকা

Comments