পছিমত মনো-নমনো ডাৱৰৰ পানীগছা
আধৰুৱা জোনটো তাৰ ছাঁতে লুকাল
আবেলিৰপৰা আকাশত ধূলি আৰু ধূলি
সৰাপাতবোৰ ইফাল-সিফাল
মোৰ বুকুত এটা পানীপিয়া চৰাই
তাৰ ঠোঁটত বহুদিনীয়া পিয়াহ
মেঘ চোৱাৰ হেঁপাহ ডেউকাত
আবেলি আলি কিনাৰত দেখিছিলোঁ
এখিলাও পাত নোহোৱাকৈ
ফাগুন ৰঙা হৈ ফুলি থকা
শুনিছিলোঁ বতাহে সাৱটি থকা
যাদুকৰী মেঘমল্লাৰ
বাৰে বাৰে আকাশলৈ চাওঁ
আটাইবোৰ তৰাৰ ওঁঠত মেঘ আৰু মেঘ
বিচনাত ইকাটি-সিকাটিকৈ থকাতকৈ
আজি খিৰিকিমুখত মই মোক থৈ দিম
বৰষুণৰ প্রাচীন আখৰা চাবলৈ
আধৰুৱা জোনটো তাৰ ছাঁতে লুকাল
আবেলিৰপৰা আকাশত ধূলি আৰু ধূলি
সৰাপাতবোৰ ইফাল-সিফাল
মোৰ বুকুত এটা পানীপিয়া চৰাই
তাৰ ঠোঁটত বহুদিনীয়া পিয়াহ
মেঘ চোৱাৰ হেঁপাহ ডেউকাত
আবেলি আলি কিনাৰত দেখিছিলোঁ
এখিলাও পাত নোহোৱাকৈ
ফাগুন ৰঙা হৈ ফুলি থকা
শুনিছিলোঁ বতাহে সাৱটি থকা
যাদুকৰী মেঘমল্লাৰ
বাৰে বাৰে আকাশলৈ চাওঁ
আটাইবোৰ তৰাৰ ওঁঠত মেঘ আৰু মেঘ
বিচনাত ইকাটি-সিকাটিকৈ থকাতকৈ
আজি খিৰিকিমুখত মই মোক থৈ দিম
বৰষুণৰ প্রাচীন আখৰা চাবলৈ
Comments
Post a Comment