মন যায়.......
ৰাজপথৰ কিনাৰৰ প্রতিখন দেৱালত যেন আঁকি দিম তেলৰঙত তৃষ্ণাতুৰ অৰণ্যৰ কাব্য
প্রতিটো সর্পিল আলিবাটত যেন বাগৰ সলাবলৈ এৰি দিম হালধীয়া সৰাপাতৰ ফাগুন
ৰুই দিম কপহুৱা ডাৱৰৰ শীতল ছাঁ প্রতিটো ৰ'দে পোৰা ঘৰৰ চাদত
মাতি আনিম চহৰখনলৈ বা-মাৰলীৰ চেৰেকীপকীয়া নাচোন
নিজকে হেৰুৱাব ধৰা প্রতিজন নগৰবাসীৰ ওঁঠত
গুঁজি দিম
জীয়াই থকাৰ অমৃতময় ইচ্ছা
শেষত নিজকে অনুবাদ কৰিম মেঘমল্লাৰ ৰাগৰ তন্ময়তালৈ।

Comments
Post a Comment