সেমেকা বালিত আমি উদং গাৰে শুই আছিলো। ৰঙীণ শামুকৰ সৰু সৰু খোলাবোৰত ৰ'দে জুম বান্ধি বান্ধি পৰিছিলহি। হাতত হাত মুঠি মাৰি আমি কথা পাতিছিলো। ওঁঠত ওঁঠত থৈ চাকি চাইছিলো বিশ্বাস আৰু অন্তৰংগতা। বতাহখোৱা চৰাইবোৰ লাজ পাই উৰি গৈছিল। লুণীয়া পানীৰ ঢৌবোৰে খিলখিলাই হাঁহিছিল। অদূৰৰ মাছমৰীয়া নাওঁবোৰক আওকাণ কৰি আমি মিচিকিয়াই আছিলো। হঠাৎ আকাশখনে মন মাৰি পেলালে। তেওঁৰ চকুত দুফোটা পানী। বুকুত শিলভাৰ লৈ কাইলৈ আমি নিজ নিজ বাটে যামগৈ।
তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...
Comments
Post a Comment