উভালি পৰা আকাশৰ বিদীৰ্ণ সেওঁতাৰে
ক’লা ঘোঁৰাজাকৰ
বনৰীয়া চেঁকুৰ
এজনৰ বিধ্বস্ত দুচকুত
আনজনৰ সাৱলীল টোপনিৰ ঘৰ
মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ,
জোনৰ বুকুৰ বেঙুনীয়া ঘাঁবোৰ নুশুকুৱালৈকে
তৰ্জনী আঙুলিৰে আঁতৰাই থোৱা প্ৰতিটো তৰা।
খিৰিকিৰ আইনাত হতাশাত হালধীয়া পৰা
এটি এটি লুণীয়া কবিতাৰ নিৰ্বাক আঙুলি
জাৰকেঁকোৱা আন্ধাৰত উজাগৰে নতশিৰ
সৰিয়হফুলা হেঁপাহৰ পুৰাতন জুপুৰি
দুহাত মেলি দিয়া অস্থিৰ বুদ্ধ,
চিনাকি মেঘবন্দৰত পৰুৱাই পোৱা বেলিৰ
নিৰ্বিকাৰ টোপনি নভঙালৈকে
মহতিয়াই পেলোৱা বিষাদ-বৰষুণজাক।
Comments
Post a Comment