কোনে জানে, উদং বুকুত অজানিতে
কেতিয়া নিগাজি হয় কাৰ
অমিতাভ পদধ্বনি
জপনামুখত প্ৰাচীন চিনাকি
মুখবোৰৰ ভিৰ
আহত পদূলিটো উচপিচাই উঠে
শিলেৰে বন্ধা দেৱাল বগাই
ছাঁ এটা পাৰ হৈ আহে
প্ৰেম আৰু বিচ্ছেদে শ্যামবৰণীয়া
সূতাৰে সাজি দিয়া
অভিজ্ঞতাৰ আটোমটোকাৰী
চোলাটো পিন্ধি
মই বাট ভেটি থিয় দিওঁ
কপৌজনীৰ পাখিত বিষাদবোৰ
শুকাবলৈ বুলি নুৰিয়াই
থওঁ
মোৰ চহৰত এতিয়া বসন্ত
উৎসৱ
উদযাপন কৰো বিশ্বাস আৰু
ভালপোৱা
নোজোকাবি হেৰ’ সোঁৱৰণি
জীৱনটো ভাললগাকৈ চুটি
হোৱাৰ বাবেই
Comments
Post a Comment