তাই কবিতা নিলিখে
তাই কবিতা নপঢ়েও
ৰূমমেটে সজাই দিয়া মেহেন্দী হাতেৰে
চুই নাচায় কবিতাৰ অমোঘ শৰীৰ
হাচনাহানা ৰাতিৰ পদূলিত ৰৈ
এৰালছিগা কবিতাৰ আখৰা কৰোঁতে
তাই ৰ’ লাগি চাই থাকে
কবিৰ আঙুলিবোৰ
অথচ তাই নাজানে, কবিৰ
জপনামুখত তাইৰ বাবেই
কুৱঁলীত ভিজি সৰু সৰু কবিতাবোৰ সৰি থাকে
বোকোছাত আধালিখা কবিতা এবাহ লৈ
কবিৰ কিৰিকিয়েদি উজাই আহে
নিষিদ্ধ নদীৰ সোণোৱালী মাছ
আপোনজনে ওঁঠত ওঁঠ থ’লে
সৰি পৰা কবিতা এটি তাই আলফুলে সামৰি থয়
আৰু সিফালে কোনোবা প্ৰেমিকৰ দিনলিপিৰ পৃষ্ঠাত
কবিতাই হাঁহে, হুমুনিয়াহ
কাঢ়ে
নাইবা উচুপি উঠে নিৰল সন্ধিয়া
তাই কবিতা নিলিখে, নপঢ়ে কবিতা
জিভাত লৈ চাকি নাচায় কবিতাৰ লুণীয়া সোৱাদ।
Comments
Post a Comment