তেওঁ
উদঙাই দিয়ে হাতীদাঁতৰ শৰীৰ
কামিজৰ
জেপত মই দুচকু সোলকাই থওঁ
কলিজাৰ
এন্ধাৰ কোঠাত বিপন্ন প্ৰজাপতি
তেওঁৰ
বুকুৱেও হাহাকাৰ কৰে নে,
টেবুলৰ
পৰা বাগৰি পৰা কবিতাবোৰৰ
বিষাদত
দোৰোল খোৱা জিভা দেখি?
খিৰিকি
খুলিলেই সোমাই আহে আঁউসীৰ সেমেকা জোন
চিনাকি
দেৱালত চিনাকি দুখৰ পানীৰঙী ছাঁ
জলঙাৰ
সিপাৰে সেই শুকান ওঁঠযোৰ কঁপে
এইপাৰে
বিষাদত ভিজে মোৰ সৰিয়হ ফুলা হেঁপাহ
ৰাতি
দোভাগত কেনি সৰে কেতেকীৰ মাত?
এন্ধাৰত
তলমূৰ কৰি থাকে প্ৰতিটো ষ্ট্ৰীটলাইট
নিজানত
অকলে তেওঁৰো কলিজা
বিষায় নে
জিভাত
ছেদেলি-ভেদেলি তৰাবোৰ লৈ
দুডোখৰকৈ
ভাগি পৰি থকা ধৰাশায়ী আকাশ দেখি?
চকু
তুলিলেই তৰাবোৰ খহি পৰে কেনিবা
ওখতকৈয়ো
ওখ ডালটোত ওলমি ৰয় নিচলা আকাশ
আহত
মজিয়াত সিঁচৰতি জিঁয়াপাখি
কঁপে নে
তেওঁৰো সেই এজাৰ ফুলৰ ওঁঠ
শেতেলীৰ
শিলচেঁচা খামোচত উচুপি উঠা
ৰ’দে পোৰা হাবিয়াসৰ শেষপৃষ্ঠা পঢ়ি?
Comments
Post a Comment