কেতিয়াবা বাৰাণ্ডাত থিয় দি বৰষুণ চাওঁতে
টোপালবোৰ মোৰ খটখটীয়েদি উঠি আহিব
আৰু বহি পৰিব চিকুণকৈ মুচি থোৱা মজিয়াত
মই নুসুধাকৈয়ে অনৰ্গল কৈ যাব সিহঁতে
ছাঁদত ভাঁহি থকা দুখন সুৱদী মুখ
আৰু এইমাত্ৰ ভিজি পৰা চুলি একোছাৰ কাহিনী।
--------------------------------
তাত এখন ঘৰ হ’ব, আৰু ইয়াত এখন বাগিছা
গুলঞ্চ ফুলবোৰৰ দাঁতিয়ে পাজৰে উৰি ফুৰা
সৰু সৰু চৰাইবোৰ চাই
মই নিজকে তোমাৰ বিষয়ে ক’ম।
-------------------------------
মোৰ কথা ওলালে তেওঁ হয়তো তোমাক সুধিব,
“এতিয়াৰ দৰেই নিৰিবিলি সন্ধিয়াবোৰত
তুমি পকা লিচু এটাৰ দৰে গোন্ধাইছিলা নে?”
Comments
Post a Comment