Skip to main content

মিয়াজাকিৰ স্পিৰিটেড এৱেৰ সঁচা চৰিত্ৰবোৰ

নিগনি এটা বৰ জোৰেৰে দৌৰি আহিছে পিছে পিছে এটা বোন্দা মেকুৰী দুৱাৰখন পাৰ হৈয়েইচোন নিগনিটো বেৰৰ দাঁতিত ৰৈ আৰে, কি কাৰবাৰ! মেকুৰীটো দুৱাৰেদি পাৰ বলৈ ধৰোঁতেই সি দিলে লেং মাৰি আৰু বপুৰা হামখুৰি খাই পৰিলগৈ ¾এয়া হৈছে আমি সচৰাচৰ টেলিভিছনৰ পৰ্দাত দেখি থকা টম আৰু জেৰী (Tom & Jerry) এনেকৈয়ে কাৰ্টুন বা এনিমেছন কথাছবিসমূহে শিশুৰ লগতে প্ৰাপ্তবয়স্ক দৰ্শককো সততে আমোদ দিয়ে বৰ্তমান ত্ৰিমাত্ৰিক বা থ্ৰীডি (3D) কথাছবিয়ে ৯০ৰ দশকৰ জনপ্ৰিয় দ্বিমাত্ৰিক এনিমেছন কথাছবিসমূহৰ ঠাই লৈছে তথাপি দ্বিমাত্ৰিক এনিমেছনৰ আদৰ এতিয়াও কমা নাই

জাপানী শৈলীৰ কমিকছ অৰ্থাৎ মংগাৰ জগতত হায়ায়মিয়াজাকি (Hayao Miyazaki) এটা বহুল পৰিচিত নাম লগতে তেওঁ এগৰাকী মংগা শৈলীৰ এনিমেছন চলচ্চিত্ৰৰ লেখক, পৰিচালক আৰু প্ৰযোজকযুদ্ধ বিভীষিকা, ধনতান্ত্ৰিক সমাজ ব্যৱস্থা, গোলকীকৰণ আৰু আধুনিক জীৱনযাত্ৰাত ইয়াৰ প্ৰভাৱক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই এনিমেছন চলচ্চিত্ৰসমূহৰ বাবে তেওঁ আন্তৰ্জাতিক মহলতো সমাদৃত মিয়াজাকি স্পিৰিটেড এৱে (Spirited Away) নামৰ চলচ্চিত্ৰখনে এনিমেছন কথাছবি শিতানত ২০০১ চনৰ অস্কাৰ বঁটা লাভ কৰিছিল পৰৱৰ্তী সময়ত তেওঁৰ হাওলছ মুভিং কেচল (Howl's Moving Castle) আৰু দ্য ৱিণ্ড ৰাইজেছ (The Wind Rises) নামৰ কথাছবিকেইখনে অস্কাৰৰ মনোনয়ন লাভ কৰিছিল

এতিয়া আহোঁ স্পিৰিটেড এৱেৰ কথালৈ স্পিৰিটেড এৱে ২০০১ চনৰে এখন মংগা শৈলীৰ দ্বিমাত্ৰিক এনিমেছন চলচ্চিত্ৰ। আজিৰ পৰা প্ৰায় তিনি বছৰৰ আগেয়ে (২০১৩) এই কথাছবিখন প্ৰথমবাৰলৈ চোৱাৰ সুযোগ লাভ কৰিছিলো ইয়াৰ কাহিনীভাগ ফেণ্টাচী আৰু জাপানী লোককথাৰ সংমিশ্ৰন এজনী ১০ বছৰীয়া ছোৱালী চিহিৰঘটনাৰ পাকচক্ৰত পৰি এক পৰলৌকিক জগতত (কামিকাকুশ্বি, অৰ্থাৎ ভগৱানে লুকুৱাই ৰখা) বন্দী হৈ পৰে চিহিৰ মাক-দেউতাক দুয়ো স্পিৰিট বা আত্মাসমূহলৈ সজাই ৰখা খাদ্য অনুমতি অবিহনে খোৱাৰ ফলত অবোধ গাহৰিলৈ ৰূপান্তৰিত হয় সেই ঠাইৰ গৰাকী য়ুবাবা নামৰ যাদুকৰী এজনীয়ে চিহিৰ নিজৰ ৰাজহুৱা স্নানাগাৰত (bath house) কৰ্ম সংস্থাপন দি ৰাখে সেই স্নানাগাৰটোলৈ জগতৰ বিভিন্ন আত্মাবোৰ পৰিষ্কাৰ বলৈ আহে স্নানাগাৰত কাম কৰাৰ সময়ছোৱাত কণমাণি চিহিৰ বহু কথা শিকে আৰু ক্ৰমান্বয়ে এজনী বুজন ছোৱালীলৈ পৰিৱৰ্তিত হয় পিছলৈ অন্যান্য বন্ধু আৰু য়ুবাবাৰ যমজ ভগ্নী যাদুকৰী জেনিবা সহায়ত চিহিৰ নিজৰ লগতে পিতৃ-মাতৃকো সেই ঠাইৰ পৰা উদ্ধাৰ কৰি নিবলৈ সক্ষম হয়

স্পিৰিটেড এৱে চলচ্চিত্ৰৰ এক স্ক্ৰীণশ্বট (স্বত্ব নিৰ্মাতাৰ)
স্পিৰিটেড এৱে চলচ্চিত্ৰৰ এক স্ক্ৰীণশ্বট (স্বত্ব নিৰ্মাতাৰ)

এই গোটেই চলচ্চিত্ৰখন বহুকেইটা প্ৰতীকাত্মক উপাদানেৰে ৰচনা কৰা হৈছে। চিহিৰ’ৰ মাক-দেউতাক সমাজৰ ভোগবাদী শ্ৰেণীৰ প্ৰতিনিধি। তেওঁলোক ভোগবাদী কায়দাত এনেদৰে অভ্যস্ত যে ক্ৰেডিট কাৰ্ডেৰে বিল পৰিশোধ কৰাৰ সুবিধা থকাৰ সুবাদতে অচিনাকি ঠাই এখনৰ গৰাকীবিহীন বিপনীৰ আহাৰ অনুমতি অবিহনেই গোগ্ৰাসে শেষ কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাই। সামাজিক ব্যৱস্থাই তেওঁলোকৰ মানৱীয় আচাৰ নিঃশেষ কৰিছে আৰু সেইবাবে দুয়ো গাহৰিলৈ ৰূপান্তৰিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। অন্যহাতে কণমাণি চিহিৰ’ক ভোগবাদে তেতিয়াও গ্ৰাস কৰিব পৰা নাই। বিবুধিত (confusion) পৰা চিহিৰ’ই ক্ৰমাৎ স্বচ্ছ অৱয়ব এটা পাইছে। অৰ্থাৎ চাৰিওফালে বিৰাজ কৰা কলুষতাৰ মাজত তাই হেৰাই যোৱাৰ উপক্ৰম হৈছে। পিছলৈ স্নানাগাৰত কাম কৰা অৱস্থাত চিহিৰ’ক অতিশয় সহানুভূতিশীল ৰূপত উপস্থাপন কৰা হৈছে। কুমলীয়া বয়সতে লাভ কৰা কঠিন অভিজ্ঞতাই চিহিৰ’ক ক্ৰমান্বয়ে প্ৰাপ্তবয়স্ক হিচাপে গঢ় দিছে। আনহাতে যাদুকৰী য়ুবাবাৰ কণমাণি সন্তান ব’হেও বিশেষ তাৎপৰ্য বহন কৰিছে। ব’হক ৰূগীয়া বা নিশকতীয়া বুলি ঘৰৰ ভিতৰতে আটোলটোলকৈ ডাঙৰ কৰা হৈছে। ব’হে আনকি নিজে খোজ দিবও নাজানে। কিন্তু প্ৰকৃততে ব’হৰ অসুখৰ প্ৰকৃত কাৰণ হৈছে মুকলি প্ৰকৃতিৰ সংস্পৰ্শ নোপোৱাকৈ ঘৰৰ ভিতৰতে থাকি পোৱা আৰাম আৰু আদৰ। গতিকে ব’হ বৰ্তমান সমাজৰ ক্ৰীমি লেয়াৰটোৰ (creamy layer) ভিতৰুৱা চেমনীয়াচামৰ প্ৰতিনিধি।

মূল কাহিনীভাগত স্নানাগাৰলৈ অহা স্পিৰিট বা আত্মাসমূহৰ মাজত নদী এখনৰ ৰক্ষক আত্মাই (guardian spirit) বিশেষ ভূমিকা লৈছে। মানুহৰ আৱৰ্জনাৰ পৰা নদীখন ইমানেই প্ৰদূষিত হৈ পৰিছে যে নদীৰ আত্মায়ো আনকি কদৰ্য ৰূপ এটা লাভ কৰিছে। অন্য এটা আত্মা ন’ ফেচে (No Face) ভাল-বেয়াৰ বিচাৰ নকৰাকৈ অন্ধ-অনুকৰণ কৰোঁতা সমাজৰ ভাগটোক প্ৰতিনিধিত্ব কৰিছে। এনে অনুকৰণৰ বাবেই আত্মাটোৰ নিজস্ব বৈশিষ্ট্য নাই। সেয়ে ই নিজৰ চিকাৰটোৰ মাত-কথা আৰু ভাৱ-ভঙ্গীকে অনুকৰণ কৰে।

সামগ্ৰিকভাৱে এখন ফেণ্টাচী এনিমেছন চলচ্চিত্ৰ হিচাপে স্পিৰিটেড এৱে শিশু আৰু কিশোৰসকলৰ বাবে নিশ্চয়কৈ উপভোগ্য। কিন্তু চলচ্চিত্ৰখনৰ যোগেদি অতিশয় সংবেদনশীল ৰূপত উপস্থাপন কৰা আধুনিক জীৱনশৈলীৰ অন্ধকাৰ দিশটোৱে প্ৰাপ্তবয়স্কসকলৰো অন্তৰ চুই যায় আৰু ক্ষণিক মুহূৰ্তৰ বাবে হ’লেও ইয়াৰ সমাধানৰ বাবে চিন্তা তথা কাম কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগায়। সেয়েহে মুক্তিৰ প্ৰায় ১৫ বছৰৰ পিছতো চলচ্চিত্ৰখন প্ৰাসংগিক হৈ ছে। আমাৰ ভাৱ হয় যে শিশু-কিশোৰহঁতৰ লগতে প্ৰত্যেকজন প্ৰাপ্তবয়স্ক লোকেও এবাৰ হ’লেও স্পিৰিটেড এৱে চোৱা উচিত।

 ¹কথাছবি বুলি ৫-১০ মিনিটৰ চুটি কথাছবি আৰু তাতোকৈ দীৰ্ঘ সময়ৰ কথাছবি উভয়কে বুজোৱা হৈছে।

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়।            হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে                    মৌ-সৰা দি জহি

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ এক

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)