বতাহ এজাকে গোটেইখন ঢপলিয়াই ফুৰিছে। যেনি-তেনি ঠাঁৰি ছিগা সোণাৰুৰ ফুল। বতাহ—হাৱা হাৱাই—ৱিণ্ড কেন বিকাম ষ্টৰ্ম এট টাইমছ। কোনো নিয়ম নামানে বতাহে। মন গ’লেই ছন পৰা মাটিত বীজ সিঁচে অথবা পাৰ হৈ যায় “ভাঙি থৈ মোৰ পঁজা”। বতাহৰ দৰে হ’ব পাৰে নে মানুহ? ভৰ জোনাকৰ ছাদত বহি নতুনকৈ জ্বলোৱা চিগাৰেটটোত হোপা মাৰি ভাবিলে পৰশে। ইচ্ছা কৰিলেই আমি অঘৰী, সম্পূৰ্ণ স্বাধীন আৰু অকলশৰীয়া হ’ব পাৰোঁ নে? কোনো বান্ধোন, কোনো ভাবনা নোহোৱাকৈ পাৰ কৰিব পাৰোঁ নে দিন? মায়াই কৈছিল—“অন্ততঃ বুঢ়া কালটো মানুহে অকলশৰে কটাই দিব নোৱাৰে বুইছ। সেইকাৰণেই মানুহে এটা সময়ত লগ বিচাৰিব লগা হয়।” নিয়ম! স্বাৰ্থ নেকি তাতো?
উস, সেইজনী মায়া! মায়াৰ সৈতে তাৰ সম্পৰ্কটোও আছিল অদ্ভুত। বহুতৰ বাবে জটিল কিন্তু সিহঁত দুয়োটাৰ বাবে এটা বৰ সৰল সম্পৰ্ক। চিৰকাললৈ নহয়, এটাই আনটোৰ সান্নিধ্য বিচাৰিছিল মাত্ৰ নিৰ্দিষ্ট এছোৱা সময়ৰ বাবে। যেন এক চুক্তি—সম্পৰ্কৰ কণ্ডিচনেল কণ্ট্ৰেক্ট। কোনো প্ৰতিশ্ৰুতি নাই, কোনো অভিনয় নাই, নাই কোনো বান্ধোন---মাথোন ভালপোৱা। নিয়ম নমনাৰ নিয়ম! চিনাকি মানুহৰ বৃত্তটোৱে হেঁচা মাৰি আনে। কিয়, প্ৰেম কৰিলে ঘৰ পাতিবই লাগিব নেকি? অ’ লাগিবতো। নহ’লে তুমি তৃতীয়১ আৰু তৃতীয়২ ব্যক্তি দুগৰাকীক ঠগিছা। সঁচা জানো? মোৰ মতে নহয়। হয় হয় হয়। নহয় নহয়। হয়েই হয়। নেপথ্যত শুনো নুশুনো মাত--ৰাধা-কৃষ্ণ, ৰাধা-কৃষ্ণ।
বতাহৰ ঘৰ নাথাকে। অঘৰী বতাহ। আৰু মানুহ? পৰশে তাৰ আঙুলিৰ ফাঁকত ক্ৰমা্ৎ ছাই হৈ অহা চিগাৰেটটোলৈ চালে। ক্ষণস্থায়ী মানুহ। হেৰাই যাবলৈ মানুহে ভয় কৰে। সেয়েহে কিজানি মানুহে ঘৰ বান্ধে, পৰিয়াল বঢ়ায়। ক’ৰবাত নিজৰ চিন এটা! ইয়ো এক নিয়ম। ঘৰ-পৰিয়াল থকা মানুহ বতাহ হ’ব নোৱাৰে।
বন্ধু সমীৰণলৈ মনত পৰিল পৰশৰ। যোৱা চাৰি বছৰে কমেও চাৰিটা চাকৰি সলোৱা (বিচাৰিলে পায় দেখোন সি) সমীৰণক অলপতে নাহৰলগুনত লগ পাইছিল সি।
:
…..থাকি যাম বুইছ ইয়াতে। ছোৱালী এজনী লগ পালো। ৰিন্যা। ৰিন্যা কপ।
:
অয়ে অয়ে, ফচিলি মানে ন’। ডিটেইল ক ভাই।
:
…..।
এই সমীৰণৰ নিজৰ বুলিবলৈ কোনোৱেই নাই। এতিয়ালৈকে নাই কোনো স্থায়ী ঠিকনা। বতাহৰ দৰেই অঘৰী সি। তথাপিও সি নিয়মৰ পৰা মুকলি হ’ব পাৰে
নে? ওঁহো!
ব্যৱসায়বোৰ সি বঢ়াই লোৱাৰ পিছত মাকে বিয়াৰ কথা পৰশৰ কাণ চোৱাবলৈ লৈছে। উপাৰ্জনৰ বাট হ’লেই ত্ৰিশত বিয়া, বত্ৰিশত
সন্তান, সন্তান ডাঙৰ
হ’ব, স্কুল-কলেজ-বিশ্ববিদ্যালয় (গান-ৰেকেট-মেডেল), সন্তানৰ প্ৰেম,
…..। ইয়াৰ
পিছত নাতি-পুতিৰ সৈতে মৃত্যুলৈ বাট চাই থাকা। মানুহৰ ৬০ বছৰীয়া জীৱনটো
ইয়াতকৈতো বেছি ইণ্টাৰেষ্টিং হ’ব লাগিছিল। ভাবে সি। মাককতো ক’ব নোৱাৰি।
সেয়ে কেৱল ভাবে।
নিয়মৰ বাহিৰত একো ঘটা
নাই আমাৰ জীৱনত। পৰশৰ
জীৱনত ঘটা নাই। তাৰ
মাকৰ জীৱনত ঘটা নাই।
তোমাৰ ঘটা নাই, মোৰো
ঘটা নাই (ভূপেন দাৰ ঘটিছে নেকি? ডালি নতুবা
মামণি বাইদেউৰ? মহাভাৰত অথবা ৰামায়ণত ঘটিছিল নে?) আমি একান্তই সাধাৰণ,
গতানুগতিক।
ফ্ৰেমৰ বাহিৰলৈ গৈ আমি নিজকে চাব নোৱাৰোঁ। আমি বতাহ হ’ব নোৱাৰোঁ।
অনুৰাধা বাইদেউৰ
‘এজন পুৰুষৰ গল্প এগৰাকী নাৰীৰ গল্প’টো¹
আমাৰ এজনেও লিখিব নোৱাৰোঁ। সমীৰণে নোৱাৰে। পৰশে নোৱাৰে। আনকি মায়ায়ো নোৱাৰে।
(¹‘এগৰাকী পুৰুষৰ গল্প এগৰাকী নাৰীৰ
গল্প’ নামৰ গল্পটো অনুৰাধা শৰ্মা পূজাৰীৰ ‘কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া’ নামৰ গল্প সংকলনখনিত
আছে।)
Comments
Post a Comment