Skip to main content

তিনিজন ভাই-ককাই

(জে.কে. ৰাউলিঙৰ মূল ইংৰাজী পুথি ‘The Tales of Beedle The Bard’ৰ ‘The Tale of the Three Brothers’ৰ অনুবাদ)

এবাৰ জোনাক ৰাতি তিনিজন ভাই-ককাই লুঙলুঙীয়া পথ এটাৰে গৈ আছিল। বহুদূৰ যোৱাৰ পিছত তেওঁলোকে দেখিলে যে তেওঁলোকৰ সন্মুখত বৰ গভীৰ আৰু খৰস্ৰোতা নৈ এখন বৈ যাব লাগিছে। কিন্তু ককাই-ভাই তিনিজন সাধাৰণ মানুহ নাছিল। তেওঁলোক প্ৰত্যেকেই আছিল একো একোজন পাৰদৰ্শী যাদুকৰ। গতিকে তেওঁলোকে নিজৰ নিজৰ যাদুকাঁঠী উলিয়ালে আৰু একগোট হৈ নৈখনৰ ওপৰত এডাল ওলোমা সাঁকো সাজিলে। তেওঁলোক সাঁকোডালৰ ওপৰেদি গৈ আধামান পাইছিলহে মাত্ৰ, জলহু সাজ-পোছাকেৰে গা-মূৰ ঢকা এক অৱয়ব তিনিওৰে বাট ভেঁটি আৱিৰ্ভাৱ হ’ল। সেয়া আছিল স্বয়ং মৃত্যু।

সেই নদীত ডুবি সাধাৰণতে ভ্ৰমণকাৰী লোকবোৰ মৃত্যুমুখত পৰিছিল। এই ককাই-ভাই তিনিজনে চতুৰতাৰে অৱধাৰিত মৰণৰ হাত সাৰি যাব খোজা দেখি মৃত্যুৰ বৰ খঙ উঠিছিল। স্বয়ং মৃত্যুৰ চকুত ধূলি দিয়ে? ই কেনে কথা! কিন্তু ধূৰ্ত্ত মৃত্যুৱে বাহিৰত সেই ভাৱ নেদেখুৱাই তিনিওৰে যাদুবিদ্যাৰ শলাগ ল’লে। তেওঁ কলে যে ভ্ৰাতৃকেইজনে কৌশলেৰে মৃত্যুক অতিক্ৰম কৰিব পৰাৰ বাবে তেওঁ তিনিওকে একো একোটা পুৰস্কাৰ দিবলৈ ইচ্ছা কৰিছে।

হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাৰ এক এনিমেটেড দৃশ্যাংশ। কপিৰাইট নিৰ্মাতাৰ।
জ্যেষ্ঠ ভ্ৰাতৃজন আছিল যুঁজ-বাগৰ কৰি ভালপোৱা মানুহ। তেওঁ মৃত্যুৰ পৰা আটাইতকৈ শক্তিশালী এডাল যাদুদণ্ড বিচাৰিলে যিডালৰ সহায়ত ইয়াৰ গৰাকীজনে যিকোনো দ্বৈতযুদ্ধত বিজয়ী হ’ব পাৰে। সেইমতেই মৃত্যুৱে নৈপাৰৰ বুঢ়া গছ এজোপাৰ ডাল এটাৰ পৰা ক্ষণিকতে এডাল যাদুদণ্ড সাজি জ্যেষ্ঠ ভ্ৰাতৃজনৰ হাতত দিলে।

দ্বিতীয়জন ভ্ৰাতৃ আকৌ আগৰজনতকৈ এখোপ চৰা আছিল। তেওঁ মৃত্যুৰ পৰা মৃত লোকক পুনৰাই ঘূৰাই আনিব পৰা শক্তি বিচাৰিলে। মৃত্যুৱে নৈপাৰৰ পৰা এটুকুৰা পাথৰ তুলি লৈ তেওঁৰ হাতত দি ক’লে যে এই পাথৰটুকুৰাৰ সহায়ত মৃত লোকক পুনৰাই ঘূৰাই আনিব পৰা যাব।

নুমলীয়া ভ্ৰাতৃজন আছিল কেওজনৰ ভিতৰতে নম্ৰ আৰু জ্ঞানী। তেওঁ মৃত্যুৰ চলাহী কথাত মুঠেই ভোল যোৱা নাছিল। সেয়ে তেওঁ মৃত্যুৰ পৰা এনে এক বস্তু বিচাৰিলে যাৰ সহায়ত তেওঁ মৃত্যুৱে অনুসৰণ কৰিব নোৱাৰাকৈ সেই ঠাইৰ পৰা যাব পাৰে। গতিকে চৰম অনিচ্ছাস্বত্তেও মৃত্যুৱে তৃতীয় ভ্ৰাতৃজনক নিজৰ অদৃশ্য চোলাটো দিব লগা হ’ল।

ইয়াৰ পিছতেই মৃত্যুৱে তেওঁলোকক যাবলৈ বাট এৰি দিলে। তিনিওজন ককাই-ভাই এই অবিস্মৰণীয় অভিজ্ঞতা আৰু তেওঁলোকে লাভ কৰা অসাধাৰণ উপহাৰকেইটাৰ কথা পাতি পাতি আগুৱাবলৈ ধৰিলে। কিছুদূৰ যোৱাৰ পিছত তেওঁলোক এৰাএৰি হ’ল আৰু প্ৰত্যেকেই নিজ নিজ গন্তব্যস্থান অভিমুখে বাট বুলিলে।

প্ৰথম ভ্ৰাতৃজন এসপ্তাহৰ যাত্ৰাৰ মূৰত এখন গাঁৱত উপস্থিত হ’লগৈ। তাতেই আন এজন যাদুকৰৰ সৈতে কোনো কাৰণত তেওঁৰ দ্বন্দ্বযুদ্ধ লাগিল। মৃত্যুৱে দিয়া সবাতোকৈ শক্তিশালী যাদুদণ্ডৰ আগত সাধাৰণ যাদুদণ্ড কেনেকৈ টিকে? অৱধাৰিতভাৱে দ্বন্দ্বযুদ্ধত জ্যেষ্ঠ ভ্ৰাতৃজন বিজয়ী হ’ল আৰু তেওঁৰ হাতত আনজনে মৃত্যুবৰণ কৰিলে। উল্লাসিত ভ্ৰাতৃজন গৈ এখন চৰাইখানাত সোমাল আৰু তাত সকলোৰে আগত নিজৰ মহিমাময় যাদুদণ্ডৰ গুণ বখানিবলৈ ধৰিলে।

কিন্তু দুখৰ কথা, সেই ৰাতিয়েই তৃতীয় এজন যাদুকৰে নিচাত নিদ্ৰামগ্ন ভ্ৰাতৃজনৰ ডিঙি ৰেপি হত্যা কৰিলে আৰু যাদুদণ্ডদাল লৈ উধাও হ’ল। এনেকৈয়ে মৃত্যুৱে প্ৰথমজন ভ্ৰাতৃক বশ কৰিলে।

আনফালে, দ্বিতীয় ভ্ৰাতৃজন নিজ ঘৰ অভিমুখে ৰাওনা হৈছিল। ঘৰ গৈ পায়েই তেওঁ মৃত্যুৱে দিয়া পাথৰটো লিৰিকি-বিদাৰি চাবলৈ ধৰিলে। তেনেতে ভ্ৰাতৃজনক আচৰিত কৰি তেওঁৰ সন্মুখত এক মানৱী মূৰ্ত্তিৰ আৱিৰ্ভাৱ হ’ল। আৰে এয়া কোন? সেয়া আছিল দ্বিতীয় ভ্ৰাতৃজনৰ অকালতে মৃত্যুবৰণ কৰা প্ৰেয়সী। তেওঁ আছিল বৰফৰ দৰে শীতল আৰু নীৰৱ। এক অতিভৌতিক আৱৰণে প্ৰেয়সীৰ অৱয়বটোক তেওঁৰ পৰা নিলগাই ৰাখিছিল। জীৱলোকলৈ তেওঁ উলটি আহিছিল। কিন্তু হায়, তেওঁ জীৱিত অৱস্থাত নাছিল। প্ৰেয়সীক সেই অৱস্থাত দেখি দ্বিতীয় ভ্ৰাতৃজনে হিতাহিত জ্ঞান হেৰুৱাই পেলালে আৰু পৰকালত তেওঁৰ লগ লাগিবৰ বাবে আত্মহত্যা কৰিলে।

এনেদৰে মৃত্যুৱে দ্বিতীয়জনকো বশীভূত কৰিলে।

ইফালেদি নুমলীয়া ভ্ৰাতৃজনক মৃত্যুৱে বহুদিন ধৰি বিছাৰি ফুৰিলে। কিন্তু তেওঁৰ কোনো ফুটকে উলিয়াব নোৱাৰিলে।
 
হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাৰ এক এনিমেটেড দৃশ্যাংশ। কপিৰাইট নিৰ্মাতাৰ।
      এনেকৈ বহু বছৰ বাগৰিল। তৃতীয় ভ্ৰাতৃজন তেতিয়া যথেষ্ট বুঢ়া হৈছিল। বিভিন্ন জৰা-ব্যাধিয়ে তেওঁৰ লগ লৈছিল। তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ জীৱনকাল সামৰিবৰ সময় আহিছে। সেয়ে এদিন তেওঁ নিজৰ পৰিয়ালৰ সকলোটিৰ পৰা বিদায় ল’লে আৰু অদৃশ্য চোলাটো খুলি নিজৰ পুত্ৰৰ হাতত দিলে। ইয়াৰ পিছতেই তেওঁ মৃত্যুক পুৰণি বন্ধুৰ দৰে আদৰণি জনালে আৰু আনন্দমনেৰে মৃত্যুবৰণ কৰিলে।

Comments

জনপ্ৰিয় লেখাসমূহ

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

অসীমত যাৰ হেৰাল সীমা

সেই ঠাইত থমকি ৰৈছিল সময় আঁকিবলৈ লৈ অতীত আৰু বর্তমানৰ সীমাৰেখা বুজাবলৈ লৈ জীৱন আৰু মৃত্যুৰ প্রভেদ একাকাৰ হৈ গৈছিল ভ্রম আৰু বাস্তৱৰ সংজ্ঞা অসীমত চাৰিজন লোকৰ সীমা হেৰাইছিল। (মোৰ অন্যতম প্রিয় উপন্যাস কাঞ্চন বৰুৱাৰ 'অসীমত যাৰ হেৰাল সীমা' পঢ়াৰ অনুভূতিৰে এই খেলিমেলি শাৰীকেইটা লিখিলোঁ।)