উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ কথা। ইণ্ডিয়ান ইক'নমি ভাগটো আশ্রাফুজ্জামান
চৌধুৰী নামৰ এজন ছাৰে পঢ়ুৱাইছিল। নতুনকৈ চাকৰিত সোমাইছে। অর্থনীতি বিজ্ঞান
আমাৰ প্রায়বোৰৰে (প্রায় ১৬০ টা/জনী) এটা মূল বিষয় যদিও বেছিভাগৰে বাবে
বিষয়টোৰ উক্ত ভাগটো আমনিদায়ক । ল'ৰা-ছোৱালী অত্যাধিক হোৱাৰ বাবেই প্রতিদিনে
হুলস্থূল হয়। কোঠা দুটামানৰ ভঙা-গঢ়া চলি আছিল বাবে ছেকচন এটাই আছিল। ছাৰৰ
অভিজ্ঞতা নথকাৰ বাবেই বোধহয় আনে কৰাৰ দৰে তেওঁ ক্লাছতো ৰসালো কৰিব পৰা
নাছিল আৰু চম্ভালিবও পৰা নাছিল। ৰোল কলৰ সময়ত এটাৰ ৰোলত বদমাচি কৰি ৫/৬ টাই
মাতে। আচলটোৱে গালি খাইগৈ। ছাৰে বর্ডলৈ পিঠি দিলে কেন্টিনত বহাৰ দৰে
উত্পাত। ছাৰে অতিষ্ঠ হৈ ক্লাচ কৰাৰ মন নাথাকিলে ওলাই যাবলৈ কয়। পিছে কোনো
উঠি নাযায়। HOD ক অভিযোগ দিলেও point out কৰিব নোৱাৰিলে কাকো গাইগুটীয়াকৈ
একো শাস্তি দিব নোৱাৰে। মুঠতে আমাৰ ৰাজত্ব আৰু ছাৰৰ মূৰ কামোৰণি। এদিন
দুর্ভাগ্যক্রমে মই প্রথম বেঞ্চত বহিছিলোঁ। ছাৰে কিবা এটা কওঁতে মোৰ ঠিক
পিছত বহাটোৱে "আজিলৈ হ'ব" বুলি ডাঙৰকৈ ক'লে। হাঁহিটো ৰখাব নোৱাৰিলোঁ
কোনোমতে। ছাৰে ধৰিব নোৱাৰি মোকে নি ছোৱালীবোৰ বহি থকা শাৰীটোৰ ঠিক সন্মুখত
থিয় কৰাই থ'লে। তাৰ উপৰিও কিমান তিৰস্কাৰ। মই 'কমেন্ট নাইমৰা' বুলি ক'বহে
পাৰোঁ পিছে প্রমাণ কেনেকৈ দিওঁ! থাকিলো থিয় হৈ। অৱস্থাটো অলপ বেছিয়েই ভাল
হ'ল। তাতে তেতিয়া ইমানখিনি সহপাঠীৰ সমুখত থিয় হৈ থাকিবলৈ লাজটো এতিয়াৰ দৰ
নাইকিয়া হোৱা নাছিল। অলপ পাছতে বেল পৰাতহে ৰক্ষা। এই ঘটনাটো মনত পৰিলে
এতিয়াও কাণ-মূৰ গৰম হৈ যায়। হাঁহিও উঠে আৰু একেসময়তে ভালো লাগে অলপ। ছাৰলৈ
ক্ষমা প্রার্থনা।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment