Skip to main content

অসমীয়া ৱিকিপিডিয়া আৰু কিছু কথা


২০১১ চনৰ শেহৰফালৰ কোনোবা এটা দিন আছিল। ফেচবুকৰ কোনোবা এজন বন্ধুৱে আচামিজ ৱিকিপিডিয়া কমিউনিটী গোটটোত সদস্যভুক্ত কৰাই দিছিল। ইয়াৰ আগলৈকে অসমীয়া ভাষাত ৱিকিপিডিয়া এখন উপলব্ধ হোৱাৰ ভূকে পোৱা নাছিলো। সি যি কি নহওক, উক্ত গোটটোত ৱিকিপিডিয়ানসকলৰ প’ষ্ট, আলোচনাবোৰ পঢ়ি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ ৱিকিপিডিয়াৰ বহু কথাৰ উমান পোৱাৰ লগতে সততে মাতৃভাষাৰ ৱিকিপিডিয়াৰ ব্যৱহাৰ কৰাটোও সম্ভৱপৰ হ’ল। সেই সময়ত ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমলৰ অৱস্থাটো বৰ উন্নত বা বৰ্ধিত পৰ্যায় এটাত আছিল বুলি ক’ব নোৱাৰি। গতিকে বৰ্তমানৰ ইংৰাজী মাধ্যম আৰু ডিজিটেলকৰণৰ জয়যাত্ৰাৰ যুগত অসমীয়া ভাষাৰ স্থিতি মুঠেই সন্তোষজনক নাছিল। এমুঠিমান ব্যক্তিগত তথা সমূহীয়া ব্লগ আৰু দুই-এখন ই-আলোচনীৰ বাদে ইণ্টাৰনেটত অসমীয়া ভাষাৰ কোনো সমল নাছিল। অসমীয়াত কথা-বতৰাকে ধৰি ফেচবুকৰ অন্যান্য গোটত বহু লোকে অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কত শংকা প্ৰদৰ্শন আৰু অন্তহীন আলোচনাত লিপ্ত থকাৰ বিপৰীতে মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধিৰ বাবে প্ৰকৃতাৰ্থত পৰিকল্পিতভাৱে কাম কৰি আছিল। ইয়াৰ ভিতৰত মাথো কেইজনমান লোকেহে ৱিকিপিডিয়াৰ কাৰিকৰী দিশটোৰ লগতে প্ৰৱন্ধ লিখাত অহৰহ অৰিহণা যোগোৱা দেখিছিলো। ভাবিছিলো এই প্ৰকল্পটোৰ সৈতে কেনেবাকৈ জড়িত হৈ সহায় আগবঢ়াব পাৰি নেকি! এইদৰেই ২০১২ চনৰ ১৫ মে’ত অসমীয়া ৱিকিপিডিয়াত যোগদান কৰি (প্ৰথমটো প্ৰৱন্ধ ২১ মে’ত) অসমীয়া ভাষাৰ এই সূৰ্যমুখী যাত্ৰাৰ অংশীদাৰ হ’লো। এই বিষয়ত তেজপুৰৰ বিষ্ণু শইকীয়া দাই যিকোনো সময়তে পৰামৰ্শ আৰু সহায় আগবঢ়াই উৎসাহিত কৰিছিল। এই উৎসাহৰে ফলত পিছলৈ ইংৰাজী ৱিকিপিডিয়াতো সৰু-সুৰা সম্পাদনা কৰিবলৈ আৰম্ভ কৰাৰ লগতে ৱিকিউৎসতো দুই-এটা বৰঙণি আগবঢ়াইছিলো। পৰৱৰ্তী সময়ত এই যাত্ৰাত মাজে সময়ে বিৰাম ল’লেও ৱিকিপিডিয়াৰ প্ৰতি টান আৰু অসমীয়া ভাষাৰ প্ৰতি দায়িত্ববোধ আজিও অলপো কমা নাই। বৰঞ্চ ২০১৪ চনত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৱিকি মীট-আপত অংশগ্ৰহণ কৰি যঠেষ্ট সতেজহে অনুভৱ কৰিছো।
এজন ৱিকিপিডিয়ান হিচাপে অৱধাৰিতভাৱে বন্ধু-বান্ধৱকো অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে জনাই আহিছো। এটা কথা উপলব্ধি কৰি দুখ লাগে যে অসমীয়া ভাষাত এখন ৱিকিপিডিয়া থকাৰ কথা এতিয়াও বহুতে নাজানে বা জানিলেও আজিলৈকে ইয়াৰ সদব্যৱহাৰ কৰি পোৱা নাই। আনহাতে বহুতে ইয়াক ইংৰাজী ৱিকিপিডিয়াৰ এক অনুকৰণ মাত্ৰ বুলি ভাবে। প্ৰায়বোৰ ব্যৱহাৰকাৰীয়ে কোনো বিষয়ৰ ওপৰত নিৰ্ভৰযোগ্য তথ্য বিচাৰিলে ইংৰাজী ৱিকিপিডিয়াৰ সহায় লয়। কিন্তু অনলাইন বিশ্বকোষখনৰ আঞ্চলিক ভাষাৰ অন্যতম ভাগ হিচাপে অসমীয়া ৱিকিপিডিয়াতো সেই একেখিনি তথ্যই মাতৃভাষাত উপলব্ধ। তাৰোপৰি ইংৰাজী বা অন্য ভাষাৰ ৱিকিপিডিয়াত বিতংকৈ তথ্য নোপোৱা অসমৰ বিভিন্ন অঞ্চল, জনগোষ্ঠী, লোক সংস্কৃতি বা ব্যক্তিৰ বিষয়েও সবিশেষ অসমীয়া ভাষাৰ সংস্কৰণত আছে। এই কথাবোৰ সৰ্বসাধাৰণ ব্যৱহাৰকাৰীয়ে উমান পোৱাৰ ব্যৱস্থা কৰিব পাৰিলেহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব। এইক্ষেত্ৰত ৱিকি মীট-আপসমূহে যঠেষ্ট সফলতা লাভ কৰিছে। এইক্ষেত্ৰত ৱিকিপিডিয়ানসকলৰ লগতে অফলাইন সমন্বয়ৰক্ষী যেনে বাতৰি কাকত-আলোচনীৰ সহযোগিতাৰো আৱশ্যক যেন অনুভৱ হয়।
২০১১ চনৰ অসমীয়া ৱিকিপিডিয়াৰ নিশকতীয়া অৱস্থাৰ বিপৰীতে আজিৰ তাৰিখত (৩ নৱেম্বৰ, ২০১৫) অসমীয়া ৱিকিপিডিয়াত প্ৰৱন্ধৰ সংখ্যাই ৩,৭৭১ পাইছেগৈ। ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প অনলাইন মুক্ত পুথিভঁৰাল ৱিকিউৎসৰ অৱস্থা চকুত লগা নহ’লেও মুষ্টিমেয় কেইজনমান সদস্যৰ অশেষ চেষ্টাৰ বলত ইয়াৰ লেখাৰ সংখ্যা ১,২১৫ হৈছেগৈ। ইয়াত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আদি অসমীয়া অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ মহা মূল্যৱান লেখাসমূহৰ লগতে গুৰু দুজনাৰ কীৰ্তন আৰু নামঘোষাকো ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছে। সেইফালৰ পৰা চাবলৈ গ’লে অসমীয়া ৱিকিপিডিয়াৰ ভাল দিন আৰম্ভ হৈছে। এই উন্নতিৰ গতি খৰতকীয়া কৰি অসমীয়া ভাষা-সংস্কৃতিক সময়োপযোগী ৰূপত নিৰাপদ কৰি ৰাখিবলৈ পৰৱৰ্তী সময়তো আমাক বৰ্তমানৰ কৰ্মোদ্যমৰ প্ৰয়োজন হ’ব।

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)