Skip to main content

অসমীয়া বাজীৰাও মস্তানী

  যোৱাটো বছৰৰ শেষৰফালে সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত বুৰঞ্জীৰ ওপৰত আধাৰিত ছবি বাজীৰাও মস্তানীয়ে মুক্তি পাইছিল। সৰ্বসাধাৰণ দৰ্শকৰ দৃষ্টিৰে প্ৰায় সকলোফালৰ পৰা বাজীৰাও মস্তানীক একেষাৰে এখন উপভোগ্য ছবি বুলি ক’ব পাৰি। ব্যাৱসায়িক দিশৰ পৰা চাবলৈ গ’লে বক্স অফিছ ইণ্ডিয়াৰ হিচাপ অনুযায়ী এতিয়ালৈকে (৮ জানুৱাৰী ২০১৬) ছবিখনে ১৬৬ কোটিটকৈয়ো অধিক টকাৰ ব্যৱসায় কৰিছে আৰু মুক্তিৰ তৃতীয় সপ্তাহত ২৭ কোটি টকা আয়েৰে তৃতীয় সপ্তাহত সৰ্বকালৰ সৰ্বাধিক আয় কৰা বলিউডী ছবিৰ তালিকাত (পিকে, ৩ ইডিয়টছ আৰু বজৰংগী ভাইজানৰ পিছত) চতুৰ্থ স্থান লাভ কৰিছে।

বাজীৰাও মস্তানীৰ দৰে বুৰঞ্জীৰ ওপৰত আধাৰিত বা বুৰঞ্জীৰ দ্বাৰা অনুপ্ৰাণিত কথাছবি ভাৰতত আগৰে পৰা নিৰ্মাণ কৰা হৈ আহিছে। উদাহৰণস্বৰূপে ৬০ৰ দশকত নিৰ্মিত পৃথ্বিৰাজ কাপুৰ অভিনীত মোগল-ই-আজম নাইবা বৈজয়ন্তীমালাৰ আম্ৰপালীৰ পৰা আৰম্ভ কৰি একবিংশ শতিকাৰ অশোকা দ্য গ্ৰেট, যোধা আকবৰ আদি কথাছবিৰ কথা ক’ব পাৰি। এনে ছবিৰ গুৰুত্ব আৰু দীৰ্ঘকালীন জনপ্ৰিয়তা তুলনামূলকভাৱে অধিক যেন ভাৱ হয়। উল্লিখিত ছবিসমূহৰ কোনোখনেই ব্যৱসায়িকভাৱে অসফল হোৱা নাই। (ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত নিৰ্মিত দ্য ৰাইজিং: বেলাড অফ মঙ্গল পাণ্ডে, দ্য লিজেণ্ড অফ ভগত সিং আদি চলচ্চিত্ৰৰ কথা ইচ্ছা কৰিয়েই উল্লেখ কৰা নাই।) বৰ্তমানৰ অসমীয়া চলচ্চিত্ৰৰ নিশকতীয়া অৱস্থাৰ সময়ত আমি এই কথা ভাবিব পাৰোঁ যে অসমীয়া ভাষাত বাজীৰাও মস্তানীৰ মানদণ্ডৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিব নোৱাৰোঁ নেকি? কথাটো শুনিলে কোনোবাই ইয়াক হাস্যকৰ বুলি ক’ব পাৰে কিন্তু এয়া অসম্ভৱ নহয়। এইখিনিতে কোনোবাই হয়তো ভাবিব পাৰে যে অকল বুৰঞ্জীমূলক ছবিৰ ওপৰতে কিয় গুৰুত্ব দিয়া হৈছে! বুৰঞ্জীমূলক ছবিৰ যোগাত্মক দিশটো এয়ে যে ই একচন, থ্ৰীলাৰ, ৰোমাঞ্চ, হাস্যৰস, সামাজিক সমস্যা, অপৰাধ, অনুসন্ধান আদি বহুতো দিশ একেলগে সামৰি ল’ব পাৰে। কিন্তু ইয়াৰ কোনো এটা গুণেই একঘেয়ামী বা ম’নট’নাছ ৰূপত স্থায়ীভাৱে আৰম্ভণিৰ পৰা শেষলৈকে থাকি যাব নোৱাৰাৰ অনেক সুৰুঙা থাকে। সহজ ভাষাত ক’বলৈ গ’লে প্ৰতিজন দৰ্শকে এনে ছবিত একো একোটা আকৰ্ষণীয় দিশৰ সন্ধান পাব পাৰে। গতিকে স্বাভাৱিকতে এনে ধৰণৰ চিনেমাই বিভিন্ন প্ৰকাৰৰ দৰ্শকক সাঙুৰি ল’ব পাৰে। কিন্তু অন্য চিনেমাৰ ক্ষেত্ৰত এনে হয় যে একচন ছবি চাই ভাল পোৱাসকলে সমান্তৰাল ধাৰাৰ ছবি এখনত ৰস বিচাৰি নাপায়, বা ৰোমাণ্টিক ছবি চোৱাসকলে অপৰাধমূলক ছবিত আমোদ নাপায়।

অসমীয়া চলচ্চিত্ৰৰ ইতিহাসলৈ যদি আমি লক্ষ্য কৰোঁ তেন্তে দেখা পাম যে আদি অৱস্থাৰ পৰা ৬০ৰ দশকলৈকে অসম বুৰঞ্জীক মূল হিচাপে লৈ বৰ কম সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। ১৯৩৫ চনত মুক্তি পোৱা ৰূপকোঁৱৰ পৰিচালিত প্ৰথম অসমীয়া কথাছবি জয়মতীকে ধৰি কমল নাৰায়ণ চৌধুৰীৰ বদন বৰফুকন (১৯৪৬), ফণী শৰ্মাৰ পিয়লি ফুকন (১৯৫৫), লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ লাচিত বৰফুকন (১৯৬১), সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান (১৯৬৪) আদিক এই ভাগত ৰাখিব পাৰি। ২০০৬ চনত মঞ্জু বৰাই নিৰ্মাণ কৰা জয়মতী, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বীৰ চিলাৰায়  আদি চিনেমা এই তালিকাত অন্যতম সংযোজন।

বুৰঞ্জীমূলক ছবি এখন নিৰ্মাণ কৰাটো সহজ কথাও নহয়। ওপৰুৱাকৈ মন কৰিলে বুজিব পাৰি যে এখন বৰ্তমান কালৰ পটভূমিত এখন ছবি নিৰ্মাণ কৰোঁতে যিমান অৰ্থ আৰু কলা-কৌশলৰ প্ৰয়োজন হয় তাতোকৈ পৌৰাণিক (অথবা মধ্যযুগীয়) পটভূমিত নিৰ্মাণ কৰা ছবি এখন প্ৰায়ে অধিক ব্যয়বহুল হ’ব পাৰে। কিয়নো ‘ছেট’ নিৰ্মাণ, সাজ-পোছাক, অন্যান্য যাৱতীয় সামগ্ৰী আদি যোগাৰ কৰোঁতে যঠেষ্ট অধ্যয়ণ, কাৰিকৰী পাৰদৰ্শিতা আৰু অৰ্থৰ প্ৰয়োজন হয়। সেইবাবে এনে ছবিসমূহৰ নিৰ্মাণ ব্যয় প্ৰথমবিধ ছবিৰ নিৰ্মাণ ব্যয়তকৈ সততে বেছি। ইয়াৰ বিপৰীতে অসমত অসমীয়া ভাষা কোৱা (বা বুজি পোৱা) লোকৰ সংখ্যা কিজানি ডেৰ কোটিৰ বেছি নহ’ব। অসমীয়া চিনেমা চোৱা লোকৰ সংখ্যা তাতোকৈয়ো বহু কম। অৰ্থাৎ অসমীয়া ছবিৰ দৰ্শক নাই। গতিকে এনে ছবিৰ নিৰ্মাণ ব্যয় ছবিখনৰ আয়ে পূৰাব পৰাৰ সম্ভাৱনা ক্ষীণ হোৱাৰ বাবে প্ৰযোজক-পৰিচালকে বাজেট সীমিত কৰিবলৈ বাধ্য হয়।

ইয়াৰ পিছত অসমীয়া ছবিয়ে মুখামুখি হোৱা উমৈহতীয়া সমস্যাসমূহৰ নাম ল’ব লাগিব, যেনে বলিউডকে মুখ্য কৰি অন্যান্য চলচ্চিত্ৰ উদ্যোগৰ ফালৰ পৰা অহা প্ৰতিদ্বন্দ্বীতা, পৰিৱেশকৰ অনীহা, চিত্ৰগৃহৰ অভাৱ, উপযুক্ত প্ৰচাৰৰ অভাৱ ইত্যাদি।

কলা-কুশলীৰ অভাৱ বুলি বহুলোকে ক’লেও প্ৰকৃতাৰ্থত ই এক অৰ্থজনিত সমস্যাহে। অৰ্থৰ ব্যৱস্থা হ’লেই চলচ্চিত্ৰ এখনৰ বিভিন্ন দিশত (যেনে কলা নিৰ্দেশনা) প্ৰয়োজন হোৱা পাৰদৰ্শী কলা-কুশলীৰো যোগাৰ কৰিব পৰা যায়। সেই ফালৰ পৰা আমি কলা-কুশলীৰ অভাৱৰ ধাৰণাটো নুই কৰিব পাৰোঁ।

এই অসুবিধা বা সমস্যাবোৰ আঁতৰ কৰিবলৈ হ’লে কোনো মিৰাকলৰ নিশ্চয় প্ৰয়োজন নাই। কিন্তু সেয়ে হ’লেও অৰ্থৰ সমস্যাটো বৰ সৰল নহয়। অসমত ভাল পৰিচালক, ভাল অভিনয় শিল্পী, অন্যান্য কলা-কুশলী এই সকলোবোৰ আছে। দৰ্শক সৃষ্টি কৰিবলৈ হ’লে এই আটাইকেইটা উপাদানৰে সঠিক মিশ্ৰণ হ’ব লাগিব। সেয়া সফল ৰূপত কৰিব পাৰিলে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ পৰাও আমি বাজীৰাও মস্তানীৰ দৰে সৰ্বাংগসুন্দৰ আৰু ব্যৱসায়িকভাৱে সফল ছবি উপহাৰ পাম।
(এই লেখাটো এজন সাধাৰণ চলচ্চিত্ৰপ্ৰেমীৰ দৃষ্টিভংগীৰে লিখা হৈছে। পঢ়ুৱৈসকলে ইয়াত কোনোধৰণৰ পাৰদৰ্শী বা পেছাগত অনুভৱ অথবা মন্তব্য বিচাৰি নাপাব পাৰে।)

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)