বহুদিনৰ আগেয়ে ৰথীন্দ্রনাথ গোস্বামীৰ (ৰথীন মামা) বিদেশ ভ্রমণৰ মনোৰম
অভিজ্ঞতাৰে লিখা 'বিদেশী বন্ধুৰ দেশত' নামৰ কিতাপখন পঢ়িছিলোঁ আৰু ভাল
পাইছিলোঁ। বাৰেৰহণীয়া অভিজ্ঞতাৰে সমৃদ্ধ এনে কিতাপ বা লেখাৰ প্রতি তীব্র
আগ্রহ ইয়েই বোধহয় জন্ম দিছিল। তেতিয়াৰপৰা মাজে-সময়ে কাকতে-আলোচনীয়ে
প্রকাশিত বিভিন্নজনৰ বিদেশ বা কোনো নতুন ঠাই ভ্রমণৰ কাহিনী পঢ়ি ভাল পাওঁ।
এনে লেখা বা কিতাপত লেখকে ঠাইডোখৰৰ লগতে তাৰ মানুহখিনিৰ বিষয়ে যি যি ভাল
মন্তব্য দিয়ে তাক দেখি সেই ঠাইলৈ নিজে এবাৰ যাবলৈ মন যায়। অর্থাত্ কোনো
ঠাইৰ মানুহৰ শলাগিবলগীয়া সময়ানুৱর্ত্তিতা, আন কাৰোবাৰ অতিথিপৰায়ণতা, কোনো
জাতিৰ পৰিপাটী জীৱনশৈলী নাইবা কাৰোবাৰ সাংস্কৃতিক বৈশিষ্ট্যই সকলোকে আকর্ষণ
কৰে যাৰ বাবে মানুহে সেই ঠাই ফুৰিবলৈ ইচ্ছা কৰে। ইয়াৰ প্রভাৱ পৰোক্ষ বা
প্রত্যক্ষভাৱে সেই দেশৰ পর্যটন ক্ষেত্রখনৰ ওপৰত পৰে। ভাৰতীয় হিচাপেই হওক বা
অসমীয়া হিচাপেই হওক, বিভিন্ন দেশৰ লোকৰ দৰে আমাৰো কিছুমান নিজা গুণ বা
বৈশিষ্ট্য আছে। আমি আমাৰ জাতিটোৰ দোষ প্রায়ে খুচৰি থাকোঁ কিন্তু গুণ কি কি
আছে তাক বেছিভাগ সময়তে বিচাৰ নকৰোঁ। যদি আমি আমাৰ জাতিগত চাৰিত্রিক গুণসমূহ
বিচাৰি উলিয়াই তাৰ বিকাশৰ চেষ্টা কৰোঁ সেইটো নিশ্চয়কৈ পর্যটন উদ্যোগটোৰ
বাবে বৰ লাভজনক হ'ব। তাৰ বাবে আমি প্রথমে নিজেই আমাৰ যোগাত্মক জাতিগত
দিশসমূহ বিচাৰি উলিওৱাৰ প্রয়োজন হ'ব। কিন্তু আমাৰ প্রত্যেকজন লোকে এই কথা
হৃদয়ংগম কৰি সেইমতে কাম কৰিলেহে এই উদ্দেশ্য সিদ্ধি হ'ব।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment