...বহুতো বেয়া লগা, বেয়া পোৱা কথাক সাৱটি ধৰি থাকিব লগা হয় বহু সময়ত। এই
বাধ্যবাধকতাত একোটা সম্পর্কও বান্ধ খাই থাকে প্রায়ে। এৰি দিলেই সুলকি যায়
এই সম্পর্কৰ বান্ধোন। ঠিকেই, বাধ্যবাধকতা কিছুমান সম্পর্কৰ অন্য নাম।
একেসময়তেই কিছুমান সম্পর্ক সংজ্ঞা হয় জীৱনৰ, হিৰণ্ময় অর্থ হয় জীয়াই থকাৰ।
কিছুমান সম্পর্কই প্রতিদান নিবিছাৰে.....কিছুমানে অধিকাৰ সাব্যস্ত কৰাৰ
অধিকাৰত উন্মত্ত হয়। কিছুমান সম্পর্কক নাম দিব নোৱৰি...বৈধ-অবৈধৰ দোমোজাত
আবেগসিক্ত হৈ থাকে ই। আনহাতে কিছুমান একে তেজ অবিহনেও আত্মীয়তাৰ উমেৰে উমাল
হয়...চর্তহীন চেনেহেৰে জীপাল হয়। জীৱনৰ দৰেই বিশাল সম্পর্কৰ সংজ্ঞা।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment