...বহুতো বেয়া লগা, বেয়া পোৱা কথাক সাৱটি ধৰি থাকিব লগা হয় বহু সময়ত। এই
বাধ্যবাধকতাত একোটা সম্পর্কও বান্ধ খাই থাকে প্রায়ে। এৰি দিলেই সুলকি যায়
এই সম্পর্কৰ বান্ধোন। ঠিকেই, বাধ্যবাধকতা কিছুমান সম্পর্কৰ অন্য নাম।
একেসময়তেই কিছুমান সম্পর্ক সংজ্ঞা হয় জীৱনৰ, হিৰণ্ময় অর্থ হয় জীয়াই থকাৰ।
কিছুমান সম্পর্কই প্রতিদান নিবিছাৰে.....কিছুমানে অধিকাৰ সাব্যস্ত কৰাৰ
অধিকাৰত উন্মত্ত হয়। কিছুমান সম্পর্কক নাম দিব নোৱৰি...বৈধ-অবৈধৰ দোমোজাত
আবেগসিক্ত হৈ থাকে ই। আনহাতে কিছুমান একে তেজ অবিহনেও আত্মীয়তাৰ উমেৰে উমাল
হয়...চর্তহীন চেনেহেৰে জীপাল হয়। জীৱনৰ দৰেই বিশাল সম্পর্কৰ সংজ্ঞা।
তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...
Comments
Post a Comment