Skip to main content

গ্রন্থমেলা আৰু কিছু অনুভৱ

           শীতকালটো কাষ চাপি অহাৰ লগে লগে পৰিৱেশটো সলনি হয়। ফুল ফুলাৰ বতৰ এয়া। ভাল লাগে নিয়ৰ, কুঁৱলী আৰু নির্মেঘ আকাশ। শীতে আন এক আমেজো কঢ়িয়াই আনে। কিতাপৰ আমেজ, গ্রন্থমেলাৰ আমেজ। বার্ষিক গ্রন্থমেলাবোৰ আৰম্ভ হোৱাৰ লগে লগে চহৰবোৰ ব্যস্ত হৈ পৰে, গ্রন্থপ্রেমীসকল একেলগ হয়। বছৰটোলৈ বিভিন্ন বিষয়ৰ কিতাপবোৰ কিনা হয় ইয়াতে। গ্রন্থমেলাৰ আগে আগে কিনিবলগা কিতাপৰ তালিকা বনোৱাটো মোৰ বাবে এটা বৰ দৰকাৰী কাম। সেইমতে প্রয়োজন হ'ব বুলি অনুমান কৰা টকাকেইটা দেউতাৰপৰা (আচলতে মাৰপৰা) লওঁ। নিজৰ উপার্জন নাই যেতিয়া কিতাপ কিনোতে সাৱধান (বা মিতব্যয়ী) হ'ব লগা হয়। পিছে যিমানেই হিচাপ-নিকাচ মিলাই নাথাকোঁ কিয়, কিতাপ কিনোঁতে সদায় হাত খৰছৰো অলপ খৰছ হৈ যায়েই। তালিকাৰ বাহিৰৰ কিতাপো কিনা যায় অৱধাৰিতভাৱে। তথাপিও শেষত দেখোঁ যে দুখনমান বৰ ভাল (বা লোভনীয়) কিতাপ থাকি গ'ল কিনিবলৈ। হ'ব, অহাবাৰলৈ কিনিম বুলি নিজকে প্রবোধ দিয়া যায় তেতিয়া। উপায় নাই। নিজৰ ঠাইত (চহৰ বা জিলাখনত) গ্রন্থমেলা শেষ হোৱাৰ পিছত যেতিয়া আন এঠাইত আৰম্ভ হয় তেতিয়া তালৈকো গুচি যাবলৈ মন গৈ থাকে। কিয়নো গুৱাহাটীৰ দৰে ঠাইত গ্রন্থমেলা হ'লে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ বন্ধুবোৰ (ফেচবুকৰ নাম ল'বই লাগিব) তাত লগ হয়, গল্প কৰে, বন্ধুৰ কিতাপ উন্মোচন হয় ইত্যাদি। কিতাপ চোৱা বা কিনাৰ কথাটো সেই সময়ত গৌণ হৈ পৰে। ভাবোঁ, এদিন গৈ আহিব পৰা হ'লে! পিছে কি হ'ব, বুজাব নোৱাৰা অসুবিধাৰ জঁট ভাঙিব নোৱাৰোঁ। বৰ আগ্রহেৰে বাট চাওঁ--- আকৌ আহিব গ্রন্থমেলা। তাতেই লগ হ'ম আটাইবোৰ বন্ধু (বিশেষকৈ ফেচবুকৰ) আৰু কিতাপৰ সুবাসৰ মাজত প্রাণখুলি আলাপ কৰিম।

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)