নাজানো, কেতিয়া চামিল হৈছিলোঁ অসুখী মানুহ এজাকৰ বিৰাট সমদলটোত। (থকাখিনিক
লৈ সম্পূর্ণ সন্তুষ্ট নোহোৱাজন অসুখী হ'লে মইনো কেনেকৈ সুখী হ'ম!) ৰূপকথাৰ
কল্পবৃক্ষ এজোপাৰ অন্তহীন সন্ধানত নামি পৰিছিলোঁ নিজে নুবুজাকৈ। আশা পূৰণ
কৰা সেই কল্পবৃক্ষৰ সন্ধানত বিৰামহীন জীৱনৰ দৌৰ। হয়তো উদ্দেশ্য প্রত্যেকজনৰ
ভিন্ন কিন্তু একেই লক্ষ্য। এই লক্ষ্য কিমান দূৰত নাজানো, সমুখৰ ফালেই
বুলি নিশ্চিত মাত্র। সেইবাবেই এই দৌৰো অন্তহীন। কেৱল কাষৰজনতকৈ আগবাঢ়ি
থকাটোৱেই সাফল্য। থমকি ৰ'লেই শত যোজন (সময়ৰ হিচাপত শতিকা) পিছ পৰি যোৱাৰ
শংকা। হয়তো এই অঘোষিত যতিহীন দৌৰ প্রতিযোগিতাত জীৱনৰ অন্তিম মুহূর্ত্তলৈকে
প্রত্যেকেই ভাগ লৈ থাকিব।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment