প্রায়ে ভাবোঁ নিয়মীয়াকৈ ডায়েৰী লিখোঁ বুলি, কিন্তু নহয়গৈ। দুখনকৈ ডায়েৰী
পেট পেলাই পৰি থাকে টেবুলত। পিছে ব্যস্ত (বা অলস) দিনটো লিখি পেলোৱা
কেতিয়াও নহয়গৈ (অথবা নোৱাৰোঁগৈ)। কেতিয়াবা আৰম্ভণিৰপৰা চাওঁ--- ২8 ঘন্টাৰ
খতিয়ানৰ ঠাইত কিছুমান টুকুৰা-টুকুৰ বাক্য বা দফা। হঠাতে কেতিয়াবা লিখিম
বুলি আৰম্ভ কৰা গদ্যৰ টুকুৰা (আধৰুৱা হৈ ৰোৱাটোৱে সিহঁতৰ ভাগ্য)। স্কেটচেৰে
লিখি ৰখা কিছুমান ফোন নং আৰু ই-মেইল ঠিকনাও ভালদৰে চকুত পৰাকৈ জিলিকি
থাকে। তাৰ মাজতে প্রিয় গীতৰ একোখন তালিকা, অহাবাৰলৈ কিনিব লগা কিতাপৰ নাম
ইত্যাদি ইত্যাদি। কাঠপেঞ্চিলৰ স্কেটচ্ দুটামানেই মাজতে ভূমুকি মাৰে। নাই,
তথাপিও নাই এৰি অহা দিনবোৰ ইয়াত। প্রায় প্রতিটো পৃষ্ঠাতে অনুভৱৰ ডুখৰীয়া
কাব্য কিছুমানৰ উপস্থিতি অৱশ্যেই থাকে। অর্থাত্ আৱেগ-অনুভূতিবোৰ ডায়েৰীখনে
ঠিকেই ধৰি ৰাখে। সেইফালৰপৰা ডায়েৰীখন মোৰ প্রিয় বন্ধুৰ অন্যতম। প্রায়ে
ভাবোঁ, মাথোঁ ভাবোঁ ডায়েৰী লিখিম বুলি। পিছে কেতিয়াকৈ সেইটোহে নাজানো।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment