Skip to main content

দিনপঞ্জীৰ দৰে

          শীত নামিছে। এইকেইদিন কুঁৱলী বৰকৈ পৰিছে। বাহিৰত এখিলা গছপাতো, এডালি ঘাঁহ-বনো শুকান হৈ থকা নাই। দুৱাৰ-খিৰিকি নিকপকপীয়া কৰি সোমাই আছোঁ কোঠাত। ভিতৰত যথেষ্ট উম। টেবুলত মনালিছা শইকীয়াৰ 'আন্দোলিত আকাশে' মুখ ওন্দোলাই আছে। আজিলৈকে কিতাপখন পঢ়া নাই হোৱা; যোৱা গ্রন্থমেলাতে কিনা (এতিয়াহে হিচাপ কৰিছোঁ, ভালেকেইটা সপ্তাহ গ'ল দেখোন)। তাৰ লগতে পঢ়া-নপঢ়া আৰু ভালেকেইখন কিতাপৰ অলস জিৰণি। কোর্চৰ কিতাপৰ লগত মোৰ সৈতে অন্তৰংগতাৰ ক্ষেত্রত সিহঁতৰ সদায় যুঁজ-বাগৰ। হয়, এইকেইদিন সময় দিব পৰা নাই কিতাপবোৰক। ছেছনেল পৰীক্ষাৰ ধমকনিত বহুদিনৰ মূৰত 'নিজৰ' কিতাপবোৰ লুটিয়াইছোঁ অৱশ্যে। কিন্তু তাতোকৈ মোৰ প্রিয় বহীত কলম ধৰাই থকা আৰু কাঠপেঞ্চিল এবাকচ লৈ আঁক-বাঁক কৰাহে হৈছে বেছি। তাতোকৈয়ো বেছি হৈছে ফেচবুকত ঘূৰি ফুৰা আৰু বন্ধুমহলৰ সৈতে গল্প কৰা (আৰু এতিয়া এইটো লিখি আছোঁ)। পঢ়া-শুনা!!! সঁচাকৈ পঢ়া-শুনাবোৰ যদি প্রেমৰ দৰে হ'লহেঁতেন, কৰিব নলগাকৈয়ে নিজে নিজেই হৈ গ'লহেঁতেন (সহপাঠী এজনীৰ এছ.এম.এছৰ আঁত ধৰি)! আৰু আমি নিজৰ বাকীবোৰ হেঁপাহ ৰংমনে পূৰণ কৰি থাকিব পৰা হোৱা হ'লে! সেয়া, আৰম্ভ কৰিছিলোঁ ক'ত আৰু পালোঁহি ক'ত! আন কথা এটা লিখোঁ বুলি ভাবোঁতে দিনপঞ্জীৰ দৰেহে হ'লগৈ। প্রসংগৰ আঁতেই হেৰুৱালোঁ।

Comments

জনপ্ৰিয় লেখাসমূহ

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

অসীমত যাৰ হেৰাল সীমা

সেই ঠাইত থমকি ৰৈছিল সময় আঁকিবলৈ লৈ অতীত আৰু বর্তমানৰ সীমাৰেখা বুজাবলৈ লৈ জীৱন আৰু মৃত্যুৰ প্রভেদ একাকাৰ হৈ গৈছিল ভ্রম আৰু বাস্তৱৰ সংজ্ঞা অসীমত চাৰিজন লোকৰ সীমা হেৰাইছিল। (মোৰ অন্যতম প্রিয় উপন্যাস কাঞ্চন বৰুৱাৰ 'অসীমত যাৰ হেৰাল সীমা' পঢ়াৰ অনুভূতিৰে এই খেলিমেলি শাৰীকেইটা লিখিলোঁ।)