Skip to main content

এছ এম এছ--- এনেকৈয়ে দৈনন্দিন

          পুৱা বিছনাতেই মোবাইলটো কঁপি উঠে। টোপনিৰ জলকা নুগুচা চকু মোহাৰি চাওঁ-- স্ক্রীণত ভাঁহি থাকে '3 messages received'। বুটাম টিপোঁ। এটা অর্পণৰ, পুৱাৰ শুভেচ্ছা জনাইছে। বাকী দুটা যোৱাৰাতি পঠোৱা। এটা সুব্রতৰ, আনটো শশাংকৰ। আগেয়ে ক'তো নোপোৱা দুটা অত্যন্ত হাঁহি উঠা কৌতুকৰ সৈতে শুভৰাত্রি জনাইছে (মেছেজকেইটা পঠোৱা সময়ৰ লেখত অৱশ্যে সুপ্রভাতহে হ'ব লাগিছিল)। স্বয়ংক্রিয়ভাৱে ৰিপ্লাইত আঙুলিবোৰে গুড মর্ণিং লিখে।

          গোট দিন এটা বাগৰি যায়। কোনো SMS নাই। আবেলি স্ক্রীণত ধৃতব্রতৰ নাম। খুলি চাওঁ-- "what does cash book determine? reply soon"। নাই নাই, এইবাৰ ৰিপ্লাই লিখিবলৈ ধৈর্য নহয়।

          গধূলি আকৌ ধৃতব্রতৰ মেছেজ-- "অই বোন্দা মেকুৰী"। ৰিপ্লাই দিওঁ-- "তোৰ নামত এটা মেকুৰী পুহিম চাল্লা"। ধৃতব্রত-- ".........."। হাঁহি উঠে খুব। কেতিয়াবা এনেকৈ অর্থহীন কথা পাতি থাকিও ভাল লাগে বন্ধুৰ লগত। messege received - message sent - message received - message sent। মোবাইলৰ বাৰম্বাৰ কঁপনি। এইবাৰ এটা এছ এম এছ ধ্রুৱৰ-- "জীয়াই আছ? যোৰহাট এৰিলি নি?" মই-- ".........."

          পঢ়া টেবুলত বহাৰ নিয়মকন কৰিবৰ হয়। এনেতে শিখাৰ এছ এম এছ-- "TET কেনেকুৱা হ'ল?" মই- "দিয়াই নাই, ......."

          বিছনাত পৰিবলৈ লওঁ। অলপ অগাপিছাকৈ তিনিটামান কঁপনি। কেইবাটায়ো পথাইছে একেটা SMS- "জয় সৰস্বতী মাতা কি! ইছ মেছেজ কো ১০ দোষ্টো কো ভেজো। নহী তো........"। বৰ বিৰক্তিৰে ফোনটো থওঁ। তেনেতে নয়নজ্যোতিৰ মেছেজ; পৰীক্ষাৰ ৰুটিন দিলে নেকি সুধিছে। বিছনাত পৰোঁতেই আকৌ এটা কঁপনি। এইবাৰ অনন্যা। এটা বৰ ধুনীয়া চিন্তাৰ এছ এম এছ। তাৰপিছত অমৃত- "dedicated to all batch mates.........." মৌচম, মিঠু, ৰাজশ্রী, বীণাপানি, ত্রিদীপ। ভাল লাগে। ৰিপ্লাই লিখোঁ। পঞ্চাননৰ এটা মেছেজ- "নিশা হ'লেই আকাশখনে মন মাৰি পেলায়...।" কৰবী ডেকা হাজৰিকাৰ বৰ ধুনীয়া দুশাৰী কবিতা। বঢ়িয়া! লাহে লাহে চকুবোৰ টানি ধৰে। ফোনটো গাৰুৰ কাষত থৈ দিওঁ লাহেকৈ।

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

খেতিৰ দিনৰ কবিতা

হুৰমূৰাই বাঢ়িছে এপথাৰ ব্যস্ততা কুঢ়া চৰাইৰ কঠিয়াতলীত পোনা মাছৰ উলাহ সমাৰ বোৱা মাটিৰ গোন্ধত গাভিনী টোমবোৰ পাতল হয় হোলোঙাত ওলমি গঙাচিলনীৰ কোঢ়ালবোৰো যায় নেকি কেনিবা? আলিৰ কানত ভেঁজা দি ৰোৱা এশাৰী খোকাত বন্দী ৰাতিৰ সাঁজৰ কল্‌মল্‌ ভোক ৰংমন অ', বেলিটোচোন ভাগৰিলেই তোৰহে ব্যস্ততাৰ শেষ নাই।