তুমি ধেমালিতে ক'লা
মই ৰৈ গ'লো ইয়াত
সুহুৰিৰ দৰে ফাগুন
আৰু গাত নালাগে
বতাহৰ দৰে কথাবোৰ
বাৰে বাৰে সলাই ৰাগ
তুমি আকাশৰ ছবি
মই গোটেই সমতল হ'লেও
লগ নহওঁ দিগন্তত
ক'ৰবাত এটা ৰাতি
ক'ত লুকুৱাই থওঁ কোৱা
তুমি ধেমালিতে ক'লা
মই নিচুকালো
তিনিখন সাগৰৰ ঢৌ
গাৰু এটাত কবিতা লিখিলো
তুমি মচিবলে'
কলপতীয়া শিল এটাক
তোমাৰ কথা ক'লো
নিজেই শুনিবলে'
Comments
Post a Comment