(১)
আইনাৰ খিৰিকিৰ বাহিৰলৈ
চাইছা নে?
সৌ ইটাৰ দেৱালৰ সিপাৰ পালেই বসন্ত
ওখ ওখ ঘৰৰ অৰণ্যৰ চুকে-কোণে
ৰাইজাই ফাগুনৰ চিঠি উৰোতেই
'জেণ্টলমেন'ৰ কামিজ সোলকাই থওঁ
আকাশক সুধোঁ তোমাৰ নাম
বৰ্ষা নে বন্যা?
ফিজি নে হিমা?
ক'লে 'ডিচিপ্লিন'
আহিম বুলিও বৰষুণ হৈ নাহিলা
গোটেই আবেলিটো অভিমান কৰি বহি থাকিও
কামত নহাৰ পিছত কাক সুধিম এতিয়া তোমাৰ কথা?
(২)
ডুবিবলৈ ধৰা বেলি এজনীৰ সৈতে
যমুনা ৰোডত মজাকৈ বহি থাকোঁতেই
ইচ আচ দূৰভাষ!!
কিহৰ তাড়নাত এই লেথাৰি নিচিগা কাম
বেংকৰ উৰ্ধমুখী বেলেঞ্চ আৰু নাম
জহন্নামে যোৱা দেওবাৰবোৰৰ দৰে
ৰোমাঞ্চৰ দিনতো নিৰ্মমভাৱে কলিজা গচকি
কৰ্প'ৰেট এজেণ্ডাৰ কি যে নিৰ্লজ্জ সমদল
মৰহি যোৱা গধূলি একোটাত
নিজৰ সৈতে অহৰহ সান্নিধ্যৰ দৰদাম
(৩)
সময়বোৰ এনেকৈ বিবৰ্ণ আৰু ধূসৰিত বাবেইতো
মই তোমাক 'কিডনেপ' কৰাৰ কথা ভাবোঁ
এইখন পৃথিৱীৰ পৰা
Comments
Post a Comment