ধূলিয়ৰি আলি এটা
গৈ থাকে কেনিবা
দূৰ হৈ দূৰ হৈ
বুকুৰ পৰা বুকুলৈ
বহু যোজন বাট অ' চেনাই
বহু যোজন বাট
কি নাম থ'বা আবেগৰ?
এন্ধাৰৰ চুবুৰিত হেৰাই যোৱা ছাঁ,
নে বতাহত দুলি থকা
সৰাপাতৰ মালিতা
তোমাৰ চহৰত
কতবাৰ নিৰুদ্দেশ হয়
মোৰ মফচলৰ ঠিকনা
খিৰিকিত উলমি ৰয়
সূতা চিঙা চিলাৰ কবিতা
তথাপিও কলিজাত মাটিৰ বাঁহী
এই বাজে এই নাচে ৰৈ ৰৈ
Comments
Post a Comment