: তই কি তাক এতিয়াও কঢ়িয়াই লৈ ফুৰিছ বুকুত?
: নাই পাহৰিছো। কিন্তু এই ফটোখন ডিলিট কৰিবলৈ মন নাযায়।
: হমম, মানুহে সোঁৱৰণিবোৰ পাৰ্মানেণ্টলি ডিলিট কৰিব পৰা হ'লে কিমান ভাল আছিল ন? লিখি লিখিও চেণ্ড নকৰাকৈ মচি দিয়া মেছেজবোৰৰ দৰে!
: তেওঁৰ লগত তোৰ মানে আকৌ কথা হৈছে নহয় নে?
: নাই ঈদৰ শুভেচ্ছা জনাইছিলো...ইনষ্টাগ্ৰামৰ ষ্ট'ৰীত। ধন্যবাদ এটা পোৱাৰ পিছত কেনে আছে সুধিবলৈ ভয় লাগিল। কিজানি ব্লক কৰি দিয়ে তাতো!
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment