: তই কি তাক এতিয়াও কঢ়িয়াই লৈ ফুৰিছ বুকুত?
: নাই পাহৰিছো। কিন্তু এই ফটোখন ডিলিট কৰিবলৈ মন নাযায়।
: হমম, মানুহে সোঁৱৰণিবোৰ পাৰ্মানেণ্টলি ডিলিট কৰিব পৰা হ'লে কিমান ভাল আছিল ন? লিখি লিখিও চেণ্ড নকৰাকৈ মচি দিয়া মেছেজবোৰৰ দৰে!
: তেওঁৰ লগত তোৰ মানে আকৌ কথা হৈছে নহয় নে?
: নাই ঈদৰ শুভেচ্ছা জনাইছিলো...ইনষ্টাগ্ৰামৰ ষ্ট'ৰীত। ধন্যবাদ এটা পোৱাৰ পিছত কেনে আছে সুধিবলৈ ভয় লাগিল। কিজানি ব্লক কৰি দিয়ে তাতো!
তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়। হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে মৌ-সৰা দি জহি
Comments
Post a Comment