এই যে সন্ধ্যা নামিলেই তোমাৰ ছবি এখন উলিয়াই লৈছো, তুমি সিদিনা কোৱা লেথাৰি নিচিগা কথাবোৰ ভাবি অকলে অকলে হাঁহিছো এয়াও একোটা অভ্যাস। চোলাধৰাৰ ৰাস্তাৰে জেপত হাত ভৰাই অকলশৰে খোজকাঢ়ি ফুৰাৰ দৰে ভাললগা অভ্যাস। মোৰ চোলাৰ জেপত ৰঙা গোলাপ দেখি প্ৰিয়াই আটাইকে এটা কাহিনী শুনাইছে। গৌতমে প্ৰতিদিন মোৰ ফোনত তোমাৰ চেহেৰা বিচাৰি হাবাথুৰি খাইছে। এজাক মানুহে বাৰে বাৰে তোমাৰ ঠিকনা সুধি আমনি কৰিছে। সচাঁ-মিছা অলেখ কথাৰ ভিৰত মোৰ প্ৰিয় চহৰত মই বদনাম হৈ গৈছো। তোমাক লৈ যে ভাড়াঘৰৰ চুবুৰীত কি এক কৌতূহল তাকে লৈ মই আমোদ লোৱাটোও এটা অভ্যাস। ভাললগা অভ্যাস।
তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...
Comments
Post a Comment