এই যে সন্ধ্যা নামিলেই তোমাৰ ছবি এখন উলিয়াই লৈছো, তুমি সিদিনা কোৱা লেথাৰি নিচিগা কথাবোৰ ভাবি অকলে অকলে হাঁহিছো এয়াও একোটা অভ্যাস। চোলাধৰাৰ ৰাস্তাৰে জেপত হাত ভৰাই অকলশৰে খোজকাঢ়ি ফুৰাৰ দৰে ভাললগা অভ্যাস। মোৰ চোলাৰ জেপত ৰঙা গোলাপ দেখি প্ৰিয়াই আটাইকে এটা কাহিনী শুনাইছে। গৌতমে প্ৰতিদিন মোৰ ফোনত তোমাৰ চেহেৰা বিচাৰি হাবাথুৰি খাইছে। এজাক মানুহে বাৰে বাৰে তোমাৰ ঠিকনা সুধি আমনি কৰিছে। সচাঁ-মিছা অলেখ কথাৰ ভিৰত মোৰ প্ৰিয় চহৰত মই বদনাম হৈ গৈছো। তোমাক লৈ যে ভাড়াঘৰৰ চুবুৰীত কি এক কৌতূহল তাকে লৈ মই আমোদ লোৱাটোও এটা অভ্যাস। ভাললগা অভ্যাস।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment