Skip to main content

ঈশ্বৰৰ জন্মৰ আগেয়ে


শ্বৰৰ জন্মৰ আগেয়ে 
মানুহবোৰ জুইৰ কাষত ঘূৰণীয়াকৈ বহিছিল
পোৰা মঙহেৰে উদৰ পূৰাই
বিনিময় কৰিছিল গছৰ পৰা গুটি আৰু
গুটিৰ পৰা গছ হোৱাৰ গোপন কথা
উত্তৰীয় অবিহনে নিবাৰণ কৰিছিল লজ্জা
যিদিনাই প্ৰথমজন ঈশ্বৰৰ জন্ম হ'ল
সিদিনাই মানুহে বুদ্ধত্ব হেৰুৱালে

Comments

জনপ্ৰিয় লেখাসমূহ

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

খেতিৰ দিনৰ কবিতা

হুৰমূৰাই বাঢ়িছে এপথাৰ ব্যস্ততা কুঢ়া চৰাইৰ কঠিয়াতলীত পোনা মাছৰ উলাহ সমাৰ বোৱা মাটিৰ গোন্ধত গাভিনী টোমবোৰ পাতল হয় হোলোঙাত ওলমি গঙাচিলনীৰ কোঢ়ালবোৰো যায় নেকি কেনিবা? আলিৰ কানত ভেঁজা দি ৰোৱা এশাৰী খোকাত বন্দী ৰাতিৰ সাঁজৰ কল্‌মল্‌ ভোক ৰংমন অ', বেলিটোচোন ভাগৰিলেই তোৰহে ব্যস্ততাৰ শেষ নাই।