সৰুকালত গৰমৰ দিনবোৰত যেতিয়া বিদ্যুতৰ সংযোগ ব্যাহত হয় তেতিয়া বৰ আনন্দ পাইছিলোঁ। কাৰণ এটাই: উৎকট গৰমৰ বাহানা দেখুৱাই পঢ়াৰ পৰা হাত সাৰিব পাৰিম। সেই সময়ত গাঁৱৰ ঘৰত স্বাভাৱিকতে ইনভাৰ্টাৰ জাতীয় আহিলা নাছিল। বহু লোকৰ ঘৰত আনকি বিদ্যুতৰ সংযোগো নাছিল। ল'ড শ্বেডিং অতি ক'মেও এঘণ্টা সময় ধৰিতো চলিছিলেই, তাতোকৈ বেছি হোৱাৰো অনেক উদাহৰণ আছিল। এই দিনবোৰত চোতালত চকী-মূঢ়া লৈ বিচনী কোবাই ঘৰৰ সকলোৱে আড্ডা জমায়। গাঁৱৰে কোনোবাজন দদাইদেউ, পুথাওদেউ, বৰদেউতা, বুঢ়াদেউতা আহি কথাৰ পাগ উঠায়। এই আড্ডাত আমাৰ দৰে পঢ়া-শুনা কৰি থকা সৰু ল'ৰা-ছোৱালীক সততে ভাগ ল'বলৈ দিয়া নহয়। কাৰণ এয়া পঢ়াৰ সময়। ৰাতিৰ ভাতসাজ খোৱাৰ আগলৈকে ইফাল-সিফাল নচলিব। (পঢ়া মেজত বহি গোপনে টিংকল, চান্দমামাৰ ৰস লোৱাটো অন্য এক অধ্যায়।) কাৰেণ্ট যোৱাৰ লগে লগে বিচনী এখন লৈ "ইমান গৰম উঠিছে ভিতৰত" বুলি ঢপলিয়াই চোতাল পাওঁগৈ। সেই জনা-নজনা কথাৰ আড্ডাত নীৰৱে ভাগ লোৱাৰ হেঁপাহত। অন্তৰেৰে কামনা কৰোঁ ভাত বঢ়াৰ সময়লৈকে কাৰেণ্ট নাহক। সেই মনোকামনা কেতিয়াবা পূৰণ হয়। কেতিয়াবা নহয়। কোনো সময়ত আকৌ দেউতা বা বৰদেউতাহঁত 'উপকাৰী অত্যাচাৰ' কৰাৰ 'মুড'ত থাকিলে আড্ডাৰ ঠাইতে "পূৰণৰ সৰু নেওতাখন গাচোন" বুলি ক'লেহে লেঠা লাগে। "তেৰৰ পাঁচ গ'লে কিমান থাকিব" বুলি ৰেপিড ফায়াৰ ৰাউণ্ড আৰম্ভ কৰিলে "ইমান উজু কথাটোনো সুধিব লাগে নে" জাতীয় কিবাকিবি কৈ কৈ সময় অলপ গোটাই মনতে অংকটো কৰি লৈ উত্তৰটো দিওঁ। এতিয়া কন কন মইনাহঁতে পঢ়া-শুনা নকৰি চেলেং-পেটেং কৰি থাকিলে বাহিৰত ৰঙা চকু দেখুৱাওঁ যদিও ল'ৰালি কালৰ 'মই'টোৰ সৈতে মইনাহঁতৰ সাদৃশ্য দেখি পেটে পেটে বৰ হাঁহি উঠে।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment