সৰুকালত গৰমৰ দিনবোৰত যেতিয়া বিদ্যুতৰ সংযোগ ব্যাহত হয় তেতিয়া বৰ আনন্দ পাইছিলোঁ। কাৰণ এটাই: উৎকট গৰমৰ বাহানা দেখুৱাই পঢ়াৰ পৰা হাত সাৰিব পাৰিম। সেই সময়ত গাঁৱৰ ঘৰত স্বাভাৱিকতে ইনভাৰ্টাৰ জাতীয় আহিলা নাছিল। বহু লোকৰ ঘৰত আনকি বিদ্যুতৰ সংযোগো নাছিল। ল'ড শ্বেডিং অতি ক'মেও এঘণ্টা সময় ধৰিতো চলিছিলেই, তাতোকৈ বেছি হোৱাৰো অনেক উদাহৰণ আছিল। এই দিনবোৰত চোতালত চকী-মূঢ়া লৈ বিচনী কোবাই ঘৰৰ সকলোৱে আড্ডা জমায়। গাঁৱৰে কোনোবাজন দদাইদেউ, পুথাওদেউ, বৰদেউতা, বুঢ়াদেউতা আহি কথাৰ পাগ উঠায়। এই আড্ডাত আমাৰ দৰে পঢ়া-শুনা কৰি থকা সৰু ল'ৰা-ছোৱালীক সততে ভাগ ল'বলৈ দিয়া নহয়। কাৰণ এয়া পঢ়াৰ সময়। ৰাতিৰ ভাতসাজ খোৱাৰ আগলৈকে ইফাল-সিফাল নচলিব। (পঢ়া মেজত বহি গোপনে টিংকল, চান্দমামাৰ ৰস লোৱাটো অন্য এক অধ্যায়।) কাৰেণ্ট যোৱাৰ লগে লগে বিচনী এখন লৈ "ইমান গৰম উঠিছে ভিতৰত" বুলি ঢপলিয়াই চোতাল পাওঁগৈ। সেই জনা-নজনা কথাৰ আড্ডাত নীৰৱে ভাগ লোৱাৰ হেঁপাহত। অন্তৰেৰে কামনা কৰোঁ ভাত বঢ়াৰ সময়লৈকে কাৰেণ্ট নাহক। সেই মনোকামনা কেতিয়াবা পূৰণ হয়। কেতিয়াবা নহয়। কোনো সময়ত আকৌ দেউতা বা বৰদেউতাহঁত 'উপকাৰী অত্যাচাৰ' কৰাৰ 'মুড'ত থাকিলে আড্ডাৰ ঠাইতে "পূৰণৰ সৰু নেওতাখন গাচোন" বুলি ক'লেহে লেঠা লাগে। "তেৰৰ পাঁচ গ'লে কিমান থাকিব" বুলি ৰেপিড ফায়াৰ ৰাউণ্ড আৰম্ভ কৰিলে "ইমান উজু কথাটোনো সুধিব লাগে নে" জাতীয় কিবাকিবি কৈ কৈ সময় অলপ গোটাই মনতে অংকটো কৰি লৈ উত্তৰটো দিওঁ। এতিয়া কন কন মইনাহঁতে পঢ়া-শুনা নকৰি চেলেং-পেটেং কৰি থাকিলে বাহিৰত ৰঙা চকু দেখুৱাওঁ যদিও ল'ৰালি কালৰ 'মই'টোৰ সৈতে মইনাহঁতৰ সাদৃশ্য দেখি পেটে পেটে বৰ হাঁহি উঠে।
তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়। হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে মৌ-সৰা দি জহি
Comments
Post a Comment