Skip to main content

তাহানিতে

(১)
তাহানিতে ৰাঙলীজনী 
ঘৰলৈ উলটি নাহিলে 
আইৰ টোপনি নাহিছিল ৰাতি
বোপায়ে কৰিছিল ইকাটি-সিকাটি
নঙলামুখত কিজানিবা 
গাইজনীৰ মাত শুনা পায়!

(২)
আজিকালি আমি নিজৰ লগত
নিজে ঘূৰি নাহো ঘৰলৈ
টোপনিবোৰ থৈ দিওঁ‌ মকৰাজালত
আন্ধাৰ বৰণীয়া চকুৰ গুৰিত
প্ৰসাধন সানি পোহৰ কৰোঁ
দেহি! নঙলামুখত ৰৈ 
কোনে কালৈ বাট চায় এতিয়া!

Comments

Post a Comment