Skip to main content

Posts

জলকুঁৱৰীৰ সপোন

পানী ভাঙি উঠি আহে তাই মাজৰাতি প্রতিজোপা থেৰেজুকলীয়া গছে দলিয়াই পেলায় এঙেৰুৱা আন্ধাৰৰ এৰাতি টোপনি মোৰ শৰীৰত বনৰীয়া সুৰ এটা গজে তাই মেৰিয়াই লোৱা মাছৰ গোন্ধত এলান্ধু আকাশখন এঙামুৰি দি উঠে ডাৱৰ ফালি নামি আহে সোণালী কালপুৰুষ ক'ৰবাত ফুলৰ চুবুৰী এটাই সাৰ পায় নৈপৰীয়া বালিত ভিজি সেউজীয়া হয় মোৰ যৌৱন প্রত্যেক ৰাতি তাইৰ চকুত চকু থওঁ এনেকৈয়ে একাবেঁকা সাপ এডাল হৈ পৰাৰ স্পষ্ট বাসনাত

তথাপি সংকোচ হয়

শিৱসাগৰৰ তোলনীয়া জীয়ৰী তুমি মই বছা পথাৰৰ চেনেহত যৌৱন পোৱা ল'ৰা বোকা মাটিৰ বাঁহীসুৰ তুমিও বুজি পোৱা বৰষুণৰে সহবাস কৰা প্রিয় পথৰুৱা মাটি তুমি ৰিক্সাৰপৰা ননমালৈকে গড়আলিটো জুপুকা লাগি থাকে তুমি হাতত নোলোৱালৈকে নিটাল মাৰি থাকে প্রতিটো ফুচকাৰ মচমচীয়া 'লিপিকা'ৰ গৰম চাহ তুমি ভাল নোপোৱা তথাপি মই ল'লে তুমিও আড্ডাত বহা ৰ'দৰ খটখটীৰে বেলিটো নামি আহি তোমাৰ চকুৰ ঠিক কোনখিনিত ঘৰ বান্ধে পোনপটীয়াকৈ চাবলৈ কিছু অসুবিধা মোৰ থুঁতৰিত কিন্তু তুমি নির্দ্বিধাই চকু থোৱা কলেজৰ সৰস মেলত সুমথিৰাৰ ফোঁটাটো মোক দিওঁতেই মই তোমাৰ হাঁহিটো বুটলি লওঁ চোলাৰ জেপত লাহেকৈ সুমুৱাই থওঁ তথাপি সুধিবলৈ বৰ সংকোচ হয় --- হাতখন ফটকৰে আঁতৰাই নিনিয়াটো তোমাৰ অন্যমনস্কতা নে একান্ত সেউজীয়া ইচ্ছা?

কোনোবাদিনা অনামিকা...

কোনোবাদিনা তুমি হঠাত্‍ ফোন কৰি ক'বা --- "তোমাৰ ওচৰলৈ গৈ আছোঁ, FSA -ৰ নোটছবোৰ জেৰক্স কৰা হৈ গ'ল" ধৰমৰাই মই বিছনাৰপৰা উঠিম কিমান ভ'ল্টৰ বিজুলী গাৰ মাজেদি গ'ল তাৰ উমান লোৱাৰ অবাক চেষ্টা এটা কৰিম বহুদিনৰ মূৰত কাপোৰবোৰ আলনাডালত নিজৰ সঠিক ঠাইত শান্তিৰে বহিব চুক এটাত শুই থকা ঝাৰুটোৱে সাৰ পাব (ছেঃ, জধলা টেবুলখন তথাপি জধলা!) হিচাপ ল'ম তিনিবাৰমান ---- দুকাপ কফিৰ জোখাৰে সকলো আছেনে নাই 'নতুন কি লিখিলা' বুলি সোধোঁতে অকণমান হাঁহিটো কেনি বাগৰি গ'ল মই চাই থাকিম লাহে লাহে তুমি এটা কবিতা হৈ পৰিবা দৰদী, অভিমানী, অভিসাৰী কবিতা এদিন তুমি হঠাত্‍ আহিবা অনামিকা

সাঁকো হেৰাল

এইমাত্র শুনিলোঁ--- দস্তাবেজৰ শত শত মুখৰিত পৃষ্ঠা নিমাত হৈ যোৱাৰ খবৰ বুকুভঙা বেজাৰত সেমেকি সেমেকি কঁপি কঁপি নিথৰ হ'ল শতটা অভিজ্ঞতাৰ অজস্র ৰহণেৰে বুলোৱা এডৰা অমিতাভ শব্দ আকাশখনে মাহটোত দ্বিতীয়বাৰৰ বাবে নিজা ৰং হেৰুৱাই নিঠৰুৱা হোৱা দেখিলোঁ ৰ'দজাক অন্যমনস্ক হ'ল দিনটোৰ বাবে সাঁকো হেৰাল সাঁকো জগলীয়াৰ ওপৰৰ সাঁকো চিগিল ঘপহকৰে নোহোৱা হ'ল লুইতৰপৰা গংগালৈ পোনপটীয়া দলং মাহটোত আকৌ এবাৰ বতাহজাকে পাহৰিলে সেউজীয়া বাঁহীসুৰৰ ঠিকনা এইবাৰ একেবাৰেই উকা হ'ল জনমভূমি সাঁকো হেৰাল, সাঁকো চিগিল (ডঃ মামণি ৰয়ছম গোস্বামীলৈ শ্রদ্ধাৰে।)

আহ্বান

ঠেৰেঙা লগা দুখৰ বিস্তীর্ণ ভগ্নাৱশেষৰ ওপৰত তোমাৰ উদ্দাম নৃত্য চোৱাৰ হাবিয়াস মোৰ বহুদিনীয়া ঠেকেচি পেলোৱা বিষাদৰ আধাপোৰা কলিজা উভালি পেলোৱা কজলা বেজাৰৰ সর্বগ্রাসী শিপা ভৰিৰ তলত পিষ্ট হওক শত আশংকাৰ শিলভাৰ বিনষ্ট হওক হেজাৰ ভয়ৰ সর্বনাশী হেঁচা কোঙা দুর্ভাগ্যৰ চেঁচা পৰা বুকুত গুঁজি দিয়া স্বর্ণিম সমৃদ্ধিৰ ৰ'দোন্মুখ তেজৰঙী পতাকা

অকলে

কুঁৱলীৰে মুখ ঢাকি বাহিৰত তৰাবোৰ কঁপে ডিঙিলৈকে মেৰাই লওঁ আন্ধাৰৰ নিহালী মৌনতাৰ নিয়ৰ সৰে এটোপ-দুটোপ সাৰে থাকে এপাহ ৰাতি ফুলা ফুল সাৰে থাকে অগা-ডেৱা সোঁৱৰণিৰ অযুত বর্ণালী।