Skip to main content

Posts

সাম্প্ৰতিক

ধূসৰ সময় নৈৰ বুকুত তেজ কুঁৱলী ফালি আগবাঢ়ে কাগজৰ নাওঁ ধোঁৱাত ৰূদ্ধ কণ্ঠস্বৰ সিপাৰৰ পৰা কোনে মাতে কাতৰাই “ আই ক ’ ত , আই ?” দৃষ্টি হেৰুৱাই মাছবোৰ ঢপলিয়াই মৰে মৰহা বননিত উচপিচাই এজাক প্ৰজাপতিৰ কজলা দুখ নিমাত গছবোৰৰ পৰা ওলমি থাকে মুখ হেৰুৱা একোখন বিবৰ্ণ মুখা পানীত জ্বলি থকা ঘৰ এটাৰ ছবি গুৰিবঠা ক ’ ত হেৰ ’ নাৱৰীয়া ? শূণ্যত মলঙেচোন বালিঘড়ীৰ আয়ুস কুম্ভীৰৰ অনুগ্ৰহত আমাৰ দিন আৰু ৰাতি ।

বেয়া পোৱাৰ অৱকাশ নাই

কোনে জানে , উদং বুকুত অজানিতে কেতিয়া নিগাজি হয় কাৰ অমিতাভ পদধ্বনি জপনামুখত প্ৰাচীন চিনাকি মুখবোৰৰ ভিৰ আহত পদূলিটো উচপিচাই উঠে শিলেৰে বন্ধা দেৱাল বগাই ছাঁ এটা পাৰ হৈ আহে প্ৰেম আৰু বিচ্ছেদে শ্যামবৰণীয়া সূতাৰে সাজি দিয়া অভিজ্ঞতাৰ আটোমটোকাৰী চোলাটো পিন্ধি মই বাট ভেটি থিয় দিওঁ কপৌজনীৰ পাখিত বিষাদবোৰ শুকাবলৈ বুলি নুৰিয়াই থওঁ মোৰ চহৰত এতিয়া বসন্ত উৎসৱ উদযাপন কৰো বিশ্বাস আৰু ভালপোৱা নোজোকাবি হেৰ ’ সোঁৱৰণি জীৱনটো ভাললগাকৈ চুটি হোৱাৰ বাবেই বেয়া পোৱাৰ অৱকাশ নাই

মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ

উভালি পৰা আকাশৰ বিদীৰ্ণ সেওঁতাৰে ক ’ লা ঘোঁৰাজাকৰ বনৰীয়া চেঁকুৰ এজনৰ বিধ্বস্ত দুচকুত আনজনৰ সাৱলীল টোপনিৰ ঘৰ মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ , জোনৰ বুকুৰ বেঙুনীয়া ঘাঁবোৰ নুশুকুৱালৈকে তৰ্জনী আঙুলিৰে আঁতৰাই থোৱা প্ৰতিটো তৰা । খিৰিকিৰ আইনাত হতাশাত হালধীয়া পৰা এটি এটি লুণীয়া কবিতাৰ নিৰ্বাক আঙুলি জাৰকেঁকোৱা আন্ধাৰত উজাগৰে নতশিৰ সৰিয়হফুলা হেঁপাহৰ পুৰাতন জুপুৰি দুহাত মেলি দিয়া অস্থিৰ বুদ্ধ , চিনাকি মেঘবন্দৰত পৰুৱাই পোৱা বেলিৰ নিৰ্বিকাৰ টোপনি নভঙালৈকে মহতিয়াই পেলোৱা বিষাদ - বৰষুণজাক ।

তেওঁৰ বুকুৱেও হাহাকাৰ কৰে নে…

তেওঁ উদঙাই দিয়ে হাতীদাঁতৰ শৰীৰ কামিজৰ জেপত মই দুচকু সোলকাই থওঁ কলিজাৰ এন্ধাৰ কোঠাত বিপন্ন প্ৰজাপতি তেওঁৰ বুকুৱেও হাহাকাৰ কৰে নে , টেবুলৰ পৰা বাগৰি পৰা কবিতাবোৰৰ বিষাদত দোৰোল খোৱা জিভা দেখি ? খিৰিকি খুলিলেই সোমাই আহে আঁউসীৰ সেমেকা জোন চিনাকি দেৱালত চিনাকি দুখৰ পানীৰঙী ছাঁ জলঙাৰ সিপাৰে সেই শুকান ওঁঠযোৰ কঁপে এইপাৰে বিষাদত ভিজে মোৰ সৰিয়হ ফুলা হেঁপাহ ৰাতি দোভাগত কেনি সৰে কেতেকীৰ মাত ? এন্ধাৰত তলমূৰ কৰি থাকে প্ৰতিটো ষ্ট্ৰীটলাইট নিজানত অকলে তেওঁৰো কলিজা বিষায় নে জিভাত ছেদেলি - ভেদেলি তৰাবোৰ লৈ দুডোখৰকৈ ভাগি পৰি থকা ধৰাশায়ী আকাশ দেখি ? চকু তুলিলেই তৰাবোৰ খহি পৰে কেনিবা ওখতকৈয়ো ওখ ডালটোত ওলমি ৰয় নিচলা আকাশ আহত মজিয়াত সিঁচৰতি জিঁয়াপাখি কঁপে নে তেওঁৰো সেই এজাৰ ফুলৰ ওঁঠ শেতেলীৰ শিলচেঁচা খামোচত উচুপি উঠা ৰ ’ দে পোৰা হাবিয়াসৰ শেষপৃষ্ঠা পঢ়ি ?

সেউজীয়া ছাঁবোৰ

পানীৰ দাপোণত তোৰ জলমল মুখ চুই চাওঁতেই বিয়পি যায় দুচকুৰ কজলা নক্সা তোৰ ওঁঠত কাহানিতে মলঙিল মোৰ নাম কলিজাত নীলা নীলা বিষ লৈ বিচাৰিব পাৰি জানো সৰ্পিল সুগন্ধি ? যোৱাবাটে উলটি নাহে বেলি এতিয়া ক্ৰমাৎ দীঘল হৈ অহা সোঁৱৰণিৰ সেউজীয়া ছাঁবোৰে মোক গোটেই সন্ধিয়াটো খেদি ফুৰিব ।