Skip to main content

Posts

গছবোৰৰ মৃত্যুত

ওখ গছবোৰ ঠিক এইখিনিতে বাগৰি পৰিছিল সিহঁতৰ কাৰণে কোনেও মৌন প্ৰাৰ্থনা কৰা নাছিল, অথবা কোনেও বন্ধৰো ঘোষণা কৰা নাছিল, কোনেও এবাৰলৈয়ো এষাৰ কথা কোৱা নাছিল সেই হতভগীয়া গছবোৰৰ বিষয়ে এপাহো ফুল নযচাকৈ বাটৰুৱাবোৰ পাৰ হৈ গৈছিল নিৰ্বিকাৰভাৱে মাথো সেই উদাৰ মহীৰূহই অতদিন আশ্ৰয় দিয়া সৰু সৰু চৰাইবোৰে কণমাণি ঠোঁট মেলি বৰ দুখলগাকৈ কান্দিছিল অৰু মই বেলিটোৰ তলতে আলিবাটত ৰৈ সিহঁতৰ দুখৰ সমভাগী হৈছিলো।

চম্পাৱতীৰ সাধু

নমৰা আঁউসীৰ ঘোপমৰা চোতালত কিলবিলকৈ ছাঁবোৰ ভৰিয়েদি বগাই আহে এখন হাতে বিচাৰি নাপায় আনখনৰ আঙুলি চম্পাৱতীৰ ফুল যেন হাত ঐ , সেওঁতাত নতুন সেন্দুৰ । নৈৰ পানীত বৈ যায় লূণীয়া মৌনতা “ আই মোৰ ভৰি কূটেকূটায় আই মোৰ দেহা ভকেভকায় আই তোৰ জোঁৱায়ে মাৰিলে পুৰি ” চম্পাৱতীৰ জহা ধান মৰহি মৰে চম্পাৱতীৰ চাঙঘৰ জহে ঐ খহে । বঁটা চৰাই ৰখোতে গধূলি হ ’ ল কানিমুনি বেলিকা একোকে নেদেখি চম্পাৱতী কেনিনো গ ’ ল ।

সাম্প্ৰতিক

ধূসৰ সময় নৈৰ বুকুত তেজ কুঁৱলী ফালি আগবাঢ়ে কাগজৰ নাওঁ ধোঁৱাত ৰূদ্ধ কণ্ঠস্বৰ সিপাৰৰ পৰা কোনে মাতে কাতৰাই “ আই ক ’ ত , আই ?” দৃষ্টি হেৰুৱাই মাছবোৰ ঢপলিয়াই মৰে মৰহা বননিত উচপিচাই এজাক প্ৰজাপতিৰ কজলা দুখ নিমাত গছবোৰৰ পৰা ওলমি থাকে মুখ হেৰুৱা একোখন বিবৰ্ণ মুখা পানীত জ্বলি থকা ঘৰ এটাৰ ছবি গুৰিবঠা ক ’ ত হেৰ ’ নাৱৰীয়া ? শূণ্যত মলঙেচোন বালিঘড়ীৰ আয়ুস কুম্ভীৰৰ অনুগ্ৰহত আমাৰ দিন আৰু ৰাতি ।

বেয়া পোৱাৰ অৱকাশ নাই

কোনে জানে , উদং বুকুত অজানিতে কেতিয়া নিগাজি হয় কাৰ অমিতাভ পদধ্বনি জপনামুখত প্ৰাচীন চিনাকি মুখবোৰৰ ভিৰ আহত পদূলিটো উচপিচাই উঠে শিলেৰে বন্ধা দেৱাল বগাই ছাঁ এটা পাৰ হৈ আহে প্ৰেম আৰু বিচ্ছেদে শ্যামবৰণীয়া সূতাৰে সাজি দিয়া অভিজ্ঞতাৰ আটোমটোকাৰী চোলাটো পিন্ধি মই বাট ভেটি থিয় দিওঁ কপৌজনীৰ পাখিত বিষাদবোৰ শুকাবলৈ বুলি নুৰিয়াই থওঁ মোৰ চহৰত এতিয়া বসন্ত উৎসৱ উদযাপন কৰো বিশ্বাস আৰু ভালপোৱা নোজোকাবি হেৰ ’ সোঁৱৰণি জীৱনটো ভাললগাকৈ চুটি হোৱাৰ বাবেই বেয়া পোৱাৰ অৱকাশ নাই

মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ

উভালি পৰা আকাশৰ বিদীৰ্ণ সেওঁতাৰে ক ’ লা ঘোঁৰাজাকৰ বনৰীয়া চেঁকুৰ এজনৰ বিধ্বস্ত দুচকুত আনজনৰ সাৱলীল টোপনিৰ ঘৰ মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ , জোনৰ বুকুৰ বেঙুনীয়া ঘাঁবোৰ নুশুকুৱালৈকে তৰ্জনী আঙুলিৰে আঁতৰাই থোৱা প্ৰতিটো তৰা । খিৰিকিৰ আইনাত হতাশাত হালধীয়া পৰা এটি এটি লুণীয়া কবিতাৰ নিৰ্বাক আঙুলি জাৰকেঁকোৱা আন্ধাৰত উজাগৰে নতশিৰ সৰিয়হফুলা হেঁপাহৰ পুৰাতন জুপুৰি দুহাত মেলি দিয়া অস্থিৰ বুদ্ধ , চিনাকি মেঘবন্দৰত পৰুৱাই পোৱা বেলিৰ নিৰ্বিকাৰ টোপনি নভঙালৈকে মহতিয়াই পেলোৱা বিষাদ - বৰষুণজাক ।