Skip to main content

Posts

মোক এনে এখন পৃথিৱীৰ সাধু কোৱা

            মো ক এনে এখন পৃথিৱীৰ সাধু কোৱা য'ত এই দৈনন্দিন বিদ্বেষ আৰু ঘৃণাৰ অন্ধকাৰ আয়তৰ সিপাৰে এখন বিশাল আকাশৰ ঘৰ, য'ৰ পৰা জাকে জাকে সৰি পৰা  হেজাৰ পপীয়া তৰাৰ কুহুমীয়া নিৰ্যাসত আমি মুকলি চোতালত ৰৈ নিৰ্ভয়ে জাহ যাব পাৰোঁ‌ ৰাতিটোৰ বাবে। মোক এনে এখন পৃথিৱীৰ সাধু কোৱা য'ত নাই কোনো নিৰ্বাক ঈশ্বৰৰ ঘৰ যিখন পৃথিৱীত তুমি, মই, তেওঁ একেলগে গলি গলি কুঁৱলীত মিলি যোৱা একাদশীৰ সেমেকা জোনৰ তলত বিনিময় কৰিব পাৰোঁ‌ বিশ্বাস, প্ৰেম আৰু  জীৱন-বৈভৱৰ বিলাসী টোপোলা মোক এনে এখন পৃথিৱীৰ সাধু কোৱা।

নিৰ্বাক

শ ৰতৰ একোটা নিৰল সন্ধিয়াৰ আঙুলিত ধৰি ইজনে সিজনৰ ছাঁ‌ খেদি ফুৰাৰ হাবিয়াস কাহানিও নাছিল সউ দিগন্তত ঢলি পৰা গাখিৰতী পথাৰৰ সিপাৰে নিয়ৰত ভিজি থকা চিনাকি চহৰৰ কোনোবা এখন শূণ্য খিৰিকিৰ মুখত ৰৈ তথাগত ভংগীৰে স্বনিৰ্বাসনৰ আখৰাৰ কথাও আমি কোৱা নাছিলো সেয়ে তেওঁ যোৱাৰ বাটত এতিয়াও আহিনৰ লহপহ ওঁ‌ঠ জাক জাক কুঁৱলীয়ে ভেঁ‌টি ধৰা পদূলিত মহুৰা-সূতাৰ দৰে মেৰ খাই ৰৈ যোৱা নিৰ্যাস

গীত

আ কাশৰ একাঁ‌জলি দুহাতে আনি আবেলিৰ বতাহে দিলেহি সানি পলাশৰ পদূলিত ফাগুনে আহি চিনাকি চিনাকি জুৰিলে বাঁ‌হী আঙুলিৰ ফাঁ‌কেৰে হেঙুলীয়া ৰং হেঁ‌পাহৰ দৰে বৈ পৰিছে এধানি আইনাৰ খিৰিকিত তোমাৰেই ছবি গুনগুন অনুৰাগ শেৱালী সুৰভি বুকুৰ চোতাল মোৰ জোনাকী জোনাকী তোমাৰ ওঁ‌ঠৰ গান ৰাখিছো সামৰি আৱেগৰ শলিতাৰে প্ৰতিপল জ্বলে পখিলা পাখিৰ ৰঙে পদূলি শুৱনি এখোজ দুখোজ মোৰ পদূলি গৰকি সুৰৰ শলিতা হৈ দূবৰি গচকি ৰ'দালি কবিতা এটি জাকি মাৰি আহি বাহ সাজি পোহৰালে মনৰ কোঠালি আবেলিৰ দাপোণত সোণাৰুৰ পাহি কেতেকী মাতৰ ৰাতি বুকুৰ জুৰণি

স-শ-চ

          গ্ৰ ন্থপ্ৰেমী লোকেৰে ভৰি থকা এটা গোটত এজনে লিখিছে, "নিজৰ নামৰ প্ৰথম আখৰেৰে আৰম্ভ হোৱা অসমীয়া কিতাপ এখনৰ নাম লিখকচোন সকলোৱে। আ-কাৰ, ই-কাৰ মিলিব লাগিব।" এইটোনো কি ডাঙৰ কথাটো বুলি মিচিকিয়াই হাঁ‌হি এটা মাৰি কিতাপৰ নাম ভাবিবলৈ ধৰিলোঁ‌। ইফালে গ্ৰুপত তিতাবৰৰ অমৰজ্যোতিয়ে অসীমত যাৰ হেৰাল সীমা, ঘিলামৰাৰ মৌচুমীয়ে মৌন ওঁ‌ঠ মুখৰ হৃদয় বুলি কমেণ্ট কৰিলেই। মই কমেণ্ট পঢ়ি পঢ়ি ভাবিবলৈ ধৰিলোঁ‌। চাহেবপুৰাৰ বৰষুণ। এহ নহয়, 'চা'হে হ'ল। চ...চ...চ...। চৰাঘৰ বুলি কিবা কিতাপ আছে নে? চলচ্চিত্ৰ বুলি। নাই দেই, নাই। হৰি, হৰি! নায়েই নেকি? মোৰ মুখৰ হাঁ‌হিৰ বৰণ কলীয়া ডাৱৰলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময় নালাগিল। মনত পেলাবলৈ চেষ্টা কৰিছোঁ‌। নাই নাই নাই। চমাংকান(?), চেনাবৰ স্ৰোত, ছিন্নমস্তাৰ মানুহটো, ছাংলট ফেনলা...। ধেৎ নহয়! এইবাৰ কান্দোন ওলাই আহিবৰ উপক্ৰম হ'ল। কোনো এজন সাহিত্যিকে বাৰু 'চ' আখৰেৰে আৰম্ভ হোৱা কিতাপ এখন লিখিব নাপায় নে! হাঁ‌য় হাঁ‌য়! চকুচৰহা, চলিহা, চৰ্চৰী, চকলা টেঙা...। ইফালে কমেণ্টেৰে উপচি পৰিছে গোটটো। হঠাৎ বিজুলী চমকৰ দৰে নাম এটা মনলৈ অহাত চিঞৰি উঠিলো-পাই গ'লো...

পদূলিত মাৰ্চমাহ

প দূলিত মাৰ্চমাহ অলং-দলংকৈ  বোকোচাত বৈ অনা বছৰৰ হিচাপৰ মেটমৰা ভাৰ উদং উদং সউ ধূলিয়ৰি আলিবাট তুঁ‌হজুয়ে পোৰা দেহা  ইছাট-বিছাট ফাগুনৰ সেয়ে ঢং গোটেই আকাশজুৰি  ৰঙচুৱা পলাশৰ মুঠি মুঠি ৰং

শৈশৱৰ আলি-কেঁ‌কুৰি ১

        স ৰুকালত গৰমৰ দিনবোৰত যেতিয়া বিদ্যুতৰ সংযোগ ব্যাহত হয় তেতিয়া বৰ আনন্দ পাইছিলোঁ। কাৰণ এটাই: উৎকট গৰমৰ বাহানা দেখুৱাই পঢ়াৰ পৰা হাত সাৰিব পাৰিম। সেই সময়ত গাঁৱৰ ঘৰত স্বাভাৱিকতে ইনভাৰ্টাৰ জাতীয় আহিলা নাছিল। বহু লোকৰ ঘৰত আনকি বিদ্যুতৰ সংযোগো নাছিল। ল'ড শ্বেডিং অতি ক'মেও এঘণ্টা সময় ধৰিতো চলিছিলেই, তাতোকৈ বেছি হোৱাৰো অনেক উদাহৰণ আছিল। এই দিনবোৰত চোতালত চকী-মূঢ়া লৈ বিচনী কোবাই ঘৰৰ সকলোৱে আড্ডা জমায়। গাঁ‌ৱৰে কোনোবাজন দদাইদেউ, পুথাওদেউ, বৰদেউতা, বুঢ়াদেউতা আহি কথাৰ পাগ উঠায়। এই আড্ডাত আমাৰ দৰে পঢ়া-শুনা কৰি থকা সৰু ল'ৰা-ছোৱালীক সততে ভাগ ল'বলৈ দিয়া নহয়। কাৰণ এয়া পঢ়াৰ সময়। ৰাতিৰ ভাতসাজ খোৱাৰ আগলৈকে ইফাল-সিফাল নচলিব। (পঢ়া মেজত বহি গোপনে টিংকল, চান্দমামাৰ ৰস লোৱাটো অন্য এক অধ্যায়।) কাৰেণ্ট যোৱাৰ লগে লগে বিচনী এখন লৈ "ইমান গৰম উঠিছে ভিতৰত" বুলি ঢপলিয়াই চোতাল পাওঁ‌গৈ। সেই জনা-নজনা কথাৰ আড্ডাত নীৰৱে ভাগ লোৱাৰ হেঁ‌পাহত। অন্তৰেৰে কামনা কৰোঁ ভাত বঢ়াৰ সময়লৈকে কাৰেণ্ট নাহক। সেই মনোকামনা কেতিয়াবা পূৰণ হয়। কেতিয়াবা নহয়। কোনো সময়ত আকৌ দেউতা বা বৰদেউতাহঁ‌ত 'উপকাৰী...

উলটি নহা নাওবোৰ

বাঁ‌ হপাতৰ ঠাৰিত কঁ‌পি থকা  পকা কৰ্দৈৰ দৰে ৰ'দজাক ভিতৰ সোমাই আহিছে চৰাঘৰত লানি লানিকৈ ঢলি পৰিছে গছবোৰৰ ছাঁ‌ পাহাৰীয়া চৰাইৰ মাত এটা পাছচোতালত কেনিবাদি সৰিছে ঠিক এনেকুৱা এটা দিনতে নাও লৈ যোৱা নাৱৰীয়াবোৰ উলটি অহাৰ কথা আছিল ঠিক এনেকুৱা এটা দিনতে