Skip to main content

Posts

বিশেষ লেখা

প্ৰাচীন মহাসিন্ধুৰ পাৰত

             এ য়া একো একোটা জীৱন্ত সাধুকথা। আজিৰ পৰা ৫-৬ হাজাৰ বছৰ আগৰ কাহিনী। আমাৰ উপৰি পুৰুষৰ হৰপ্পাৰ পাশুপতি ছীল কাহিনী। সেইসকল উপৰি পুৰুষ যি সুখ-দুখ, দুৰ্যোগ-আনন্দৰ মাজেৰে জীৱনক উদযাপন কৰিব জানিছিল। তেওঁলোকে নৃত্য কৰিছিল, হেঙুল-হাইতাল ছবি আঁ‌কিছিল, কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰিছিল, যুঁজ-বাগৰত ভাগৰি পৰিছিল আৰু সেউজীয়া এডৰা শস্যমালাৰ সপোন দেখিছিল। নদীৰ বুকুৱেদি দিগন্ত বিচাৰি মেলি দিছিল বণিকৰ নাওঁ‌। কপাহী কাপোৰত নিজৰ পছন্দৰ ৰঙেৰে বোলাব জানিছিল তেওঁলোকে। মৌন ওঁ‌ঠ আৰু হাতৰ মৈলামেৰে তামবৰণীয়া কথাবোৰ লিখি ৰাখিছিল ভৱিষ্যৎ প্ৰজন্মৰ বাবে। পিতামহ-প্ৰপিতামহৰ স্মৃতিক মৃন্ময়  পাত্ৰত সাৱটি কঢ়িয়াই ফুৰিছিল দিনৰ পিছত দিন। বৃষ্টিহীনতাৰ শৈল-কঠোৰ আঙুলিকো তেওঁ‌লোকে চুমা দি সাজিছিল শীতল পানীৰ ঘৰ। হয়। এই সকলোবোৰ সঁ‌চা আছিল। প্ৰস্তৰৰ কাল অতিক্ৰমি সিন্ধু নদীৰ পাৰত পৃথিৱীৰ এক প্ৰাচীনতম সভ্যতাক হাজাৰ বছৰ ধৰি গঢ় দিছিল তেওঁ‌লোকে। এই গৌৰৱময়, প্ৰাচুৰ্যৰে ভৰা, সমৃদ্ধ সভ্যতা। কিন্তু সেয়া স্থায়ী নাছিল। কোনোৱেই কেতিয়াও স্থায়ী নাছিল। তথাপিও ইতিহাসত তেওঁ‌লোকৰ নিৰ্ভীক পদচিহ্নই আমাক বিস্মিত কৰে। এতিয়াও!! পুৰাতাত্বিক
Recent posts

খৰাং

গোটেই বাগিচাখন শুকাই আছে শীতে লঠঙা কৰি যোৱা গছবোৰ থিয় হৈ আছে প্ৰাচীন কীৰ্তিচিহ্ন একোটাৰ দৰে নাই, এইফালে বৰষুণৰ নাম-গোন্ধ নাই বনে-পাতে মাথো ফাগুনে এৰি যোৱা ধূলিৰ চামনি আকাশত শৰালীৰ কোৰ্হাল এটা নাই নাই, এইফালে বৰষুণৰ চিন-চাব নাই চ'তৰ কুলিৰ মাত এটা বহু দূৰৈত বাজে এই ঠাইলৈ বসন্তৰ কানসাৰেই নাই নাই, এইফালে কলীয়া ডাৱৰৰ ছাঁ‌টোও নাই

শেষ হ'বলৈ ধৰা ৰাতি এটাৰ কথা

ওৰেটো ৰাতি শুই থাকিলোঁ নৈখনৰ পাৰৰ শিল এচটাত পদবিহীন দিব্যাংগ হৈ কি মাছে খালে দুভৰি? কি মাছে খালে?? বৰনদীত সাতোৰোতে অচিন মাছে খালে দুভৰি অচিন মাছে খালে পূবে ফেহুঁ‌জালি দিওঁতেই কোন বনদেৱীয়ে বা বোলাই গ'ল যাদুকৰী চৰাইৰ পাখি পুনৰ গজি উঠিছে মোৰ পদযুগল সোণালী ডেউকা লগা পাদুকা এযোৰৰ সৈতে দুচকুত বাকি গ'ল অজস্ৰ হেঁ‌পাহ পুনৰ উৰিবলৈ

এই দিনবোৰ শেষ নহওঁতেই

টিনৰ চালত জিৰ জিৰকৈ  ন-বাৰিষাৰ বৰষুণ পৰিছে ৪ বাই ৩ ফুট খিৰিকিখনৰ বাহিৰৰ  পৃথিৱীখনে হাত বাউল দি মাতিয়েই আছে ডাল ভৰি ফুলি থকা ৰবাব টেঙাজোপালৈ অহা  মৌমাখিৰ জাকটো আঁ‌তৰি গৈছে পানীৰ গতিশীল টোপালৰ ভৰত দোঁ‌ খাই পৰা ফুলবোৰৰ এপাহ-দুপাহ সৰিছে অতদিন ধূলিৰে পোত খাই থকা চৌপাশত বৰষুণ মিহলি হোৱাৰ  সেই প্ৰাচীন চিনাকি গোন্ধটো  মই নাকেৰে উজাই লৈছোঁ‌ এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম  তুমি-মই একেলগে  এদিন বহিম তোমাৰ বেলকনিত ৰঙাচাহৰ কাপত চুমুক দি পাৰ হৈ যোৱা ধুমুহাজাকৰ কথাকে পাতিম এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম

হস্পিটেলৰ বিছনাৰ পৰা লাইভ

মোৰ ভাল লাগিছে যে আপুনি মোৰ অসুখৰ খবৰ ল'বলৈকে বুলি মেছেজ কৰিছে আপোনাৰ হাতৰ আখৰ মোবাইলৰ স্ক্ৰীনত ভাঁ‌হি অহা নাই যদিও মই অন্তৰেৰে বিশ্বাস কৰোঁ যে বিজ্ঞানে এদিন সেয়াও সম্ভৱ কৰিব মোৰ মোবাইলৰ স্ক্ৰীনত কলিং বুলি আপোনাৰ নামটো ভাঁ‌হি আহোতে মই পৰম আহ্লাদিত হৈছো ফোনটো ৰিচিভ কৰিবলৈ মোৰ সোঁ‌ মণিবন্ধত কেণ্ডুলাৰ সৰ্পিল চুমা  দুয়োহাতত চেলাইনেৰে খুৱাই থকা খাদ্য চেলাইনেৰে পিন্ধাই থকা বস্ত্ৰ আৰু চেলাইনেৰে আঁ‌কি থকা নতুন ঘৰৰ নক্সা তথাপিও মই পৰম সুখ পাইছোঁ কিয়নো বিনা স্বাৰ্থত আজিকালি কোনে কাৰ অসুখৰ খবৰ লয়! (সততে খবৰ লৈ থকা হিমানীৰ হাতত- চন্দন দা, ২৩/০২/২০২৪)

অৱসাদৰ কবিতা

বেলিয়ে থুকুচি থকা দিন একোটাৰ শেষত বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই অহা এখন নদী পকনীয়াত উটি অহা পানীমেটেকাৰ চুবুৰি এটাতে আছিল নেকি তোমাৰ গাৰ নিজান-জান গোন্ধ! যেন মাটিৰ কোলাহলে চুব নোৱাৰা গিৰিমালাৰ সুউচ্চ শিখৰ এটাত ফুলি থকা নিৰঞ্জন ব্ৰহ্মকমল।   ৰাতিৰ পিছত ৰাতি আহে, বা দিনৰ পিছত দিন শেষ নোহোৱা সাধু এটাই খোজেপতি লগ দিয়াৰ পৰত পানীমেটেকাৰ সেই চুবুৰিতেই অৱসন্ন শেতেলি।

অভিজ্ঞান

এইখিনিতে এদিন আমি            বহি আছিলোঁ একেলগে                     নদীখনৰ আঙুলি মূৰত। হাঁ‌হিমুখে পি খাইছিলোঁ            ঢলি পৰা সূৰুযৰ ৰং                    আৰু মুখৰিত মৌনতা। নিয়ৰে জুমুৰি দি ধৰা            ঘাঁ‌হনি এডৰাৰ গোন্ধত                    এতিয়াও তোমাৰ ওঁ‌ঠৰ ছবি। পৰ্ণপাতী অৰণ্যৰ আঁ‌চলৰ দৰে            সৰোঁ-নসৰোঁ‌কৈ খহি পৰা                    নিটাল নিৰ্বাক প্ৰাচীন সময়।

জন্মাষ্টমী

বন-ঢেকীয়াৰ কলপতীয়া হাবিডৰাত এজাক ধাৰাসাৰ বৰষুণৰ পিছৰ মৌনতা নুৰ খাই থকা কুমলীয়া আগ এটাৰ পৰা টুপকৈ টোপাল এটা সৰিল ঘনে ঘনে বিজুলী চমকি উঠা আকাশ কোনোবাই ক'লে, "জগন্নাথ উপজিল।"