Skip to main content

Posts

Showing posts from October, 2011

অৰণ্য, নদী আৰু আমি

নৈপৰীয়া বালিত ভৰিৰ পটা সেমেকিছে ওঁঠে ওঁঠে বাগৰি বিয়পি পৰা হাঁহিবোৰত এবাটি লুকলাও চপ্‌চপীয়া হৈ পৰিছে আছাৰ খাই পৰা ৰ'দজাকৰ উমাল কথা-বতৰাত এঙামুৰি দি উঠিছে সাৱটা-সাৱটিকৈ শুই থকা এঙেৰুৱা শিলৰ খেলিমেলি জাক বগুৱা বাই ফুৰা মেঘৰ ছাঁত জিৰণি ল'বলৈ ভাগৰৰ বৰ অভাৱ আংলঙৰ সেউজীয়াবোৰ বৈ আহিছে দুচকুলৈ বুকুলৈকে শিপাইছে মুখৰিত নিচা হৈ মাছৰোকাটোৰ সৈতে সলাই লৈছোঁ মোৰ দুচকু ভটীয়নি শিলঘৰীয়াৰ সন্ধানত এই নদীৰ পানীয়ে সামৰি ৰাখে চিৰযৌৱনৰ মহামন্ত্র এই অৰণ্যই আৱৰি ৰাখে হিৰণ্ময় উচ্ছাসৰ যাদুকৰী ঠিকনা (একেলগে কঁহৰালৈ বনভোজৰ বাবে যোৱা প্রতিগৰাকী বন্ধু-বান্ধৱীৰ হাতত)

কুঁৱলী

কাঁচিজোনৰ মুখ ঢাকি বাৰে বাৰে আমনি কৰিম ওৰেটো ৰাতি সূতা পকোৱাদি মেৰিয়াই মেৰিয়াই বান্ধিম আলিবাটৰ কেঁকুৰি আন্ধাৰৰ গোটেই অৰণ্যজুৰি আগ্রাসী শিপা মোৰ গজ্‌গজীয়া ফেঁহুজালি চোতালত বহি লৈ শীতলাম আকাশৰ সুৰুঙাৰে খহি পৰা জুইফুল (ভাইটী নয়নজ্যোতিৰ হাতত...)

সৰাপাত

চেঁচা বতাহৰ অবিৰাম টনা-আঁজোৰাত ধৰাশায়ী হৈ পৰিছোঁ খহি পৰিছোঁ ভাগৰত লাহে লাহে মাটিত বিলীন হৈ যাম শিপাৰে বগুৱা বাই সোমাম শীতক আওকাণ কৰি পুনৰ সেউজীয়া হৈ পোখা মেলিম বাসন্তী পুৱাত

এটি গান অথবা কেইটামান শাৰী

#ভাগৰুৱা চকুবোৰে উচুপিছে লাহে লাহে এটি এটি ছাঁয়াছবি যায় আহে নীৰৱে কলিজাতে বাৰে বাৰে উচুপিছে কিনো দুখে কোন কেনি কাক এৰি বাট বুলে কোনে জানে এই দিন হ'ব সোঁৱৰণি এৰি গ'লো স্মৃতিকে সাৱটি নতুন সময় আঁকোৱালি #স্বপ্নময় দিন ৰাতি ভাৱনাৰে কথা পাতি সপোনৰ বালিঘৰ ভঙা-গঢ়া ঘনেপতি প্রতিটো পল প্রতিটো ক্ষণ পাৰ হৈ যায় এনেকৈয়ে পুৰণিয়ে মেৰিয়াই দিনবোৰ সামৰিলে তথাপিও থমকে দুভৰি এৰি গ'লো স্মৃতিকে সাৱটি নতুন সময় আঁকোৱালি #কলিজাৰে এনাজৰী যায় জানো জহি-খহি চেনেহৰে বান্ধ খুলি বর্ত্তমান যাব কেনি থোকাথুকি বেজাৰতে আজিয়ে বিদায় ল'লে যতনেৰে জাপি দিলোঁ সময়ৰ বোকোচাতে পাঁচোটা বছৰ গণি গণি এৰি গ'লো স্মৃতিকে সাৱটি নতুন সময় আঁকোৱালি -----মোৰ জীৱন পৰিপূর্ণ কৰি তোলা প্রত্যেকজন সহপাঠীৰ হাতত।

শেলুৱৈ

পাথৰৰ কঠিন বুকুতো শেলুৱৈ গজে সিহঁতেও কথা ক'ব খোজে ৰ'দ সহিব নোৱাৰাৰ দুখত সেমেকি থাকে সিহঁত এখন সেউজীয়াৰ অৰণ্যৰ সৃষ্টিৰ আৰম্ভণি হয় তাতে.. (অন্তৰংগ বন্ধু তথা সহপাঠী ধ্রুৱজ্যোতি বৰাৰ হাতত)

উপহাৰ

পূজাত নো কি দিওঁ তোমাক দুহাত যে উকা পৰা হ'লে পথালোহেঁতেন কুঁৱলীত সেমেকা তলসৰা শেৱালীৰ এটি পুৱা (তুমিতো চাগে তাত শেৱালীৰ গোন্ধ নাইপোৱা!) পথালোহেঁতেন নিয়ৰত তিতা অকাল বোধনৰ নিশা (নিয়ৰ পৰিছে নেকি তাত?) ইন্টাৰনেটত পথাইছোঁ শুভেচ্ছা, ভালপোৱা আৰু বন্ধুত্বৰ অশেষ কৃতজ্ঞতা.. (অসমৰ বাহিৰত থকা, অসমৰ দুর্গোত্‍সৱ 'মিছ' কৰা মোৰ বন্ধু-বান্ধৱী, তোমালোকৰ হাতত এই কবিতাটো দিলোঁ।)

স্থায়ীত্ব

খিৰিকিখন খুলি থৈছোঁ নির্বাক বতাহৰ নিৰুত্‍সাহ আহ-যাহ আকাশত জোনৰ লেশমানো নাই স্মৃতিৰ সৈতে মোৰ গোপন বুজাবুজি কেতিয়াও ম্যাদ নোকলা চুক্তি অর্থ হেৰুৱা কিছুমান কথা খামুচি ধৰি থাকিও ভাল লাগে মোৰ টেবুলৰ ওপৰত 'ন হন্যতে' এতিয়া কোঠাটোত মাথোঁ মই আৰু এবুকু বিষণ্ন সেউজীয়া।