Skip to main content

Posts

খৰাং

গোটেই বাগিচাখন শুকাই আছে শীতে লঠঙা কৰি যোৱা গছবোৰ থিয় হৈ আছে প্ৰাচীন কীৰ্তিচিহ্ন একোটাৰ দৰে নাই, এইফালে বৰষুণৰ নাম-গোন্ধ নাই বনে-পাতে মাথো ফাগুনে এৰি যোৱা ধূলিৰ চামনি আকাশত শৰালীৰ কোৰ্হাল এটা নাই নাই, এইফালে বৰষুণৰ চিন-চাব নাই চ'তৰ কুলিৰ মাত এটা বহু দূৰৈত বাজে এই ঠাইলৈ বসন্তৰ কানসাৰেই নাই নাই, এইফালে কলীয়া ডাৱৰৰ ছাঁ‌টোও নাই

শেষ হ'বলৈ ধৰা ৰাতি এটাৰ কথা

ওৰেটো ৰাতি শুই থাকিলোঁ নৈখনৰ পাৰৰ শিল এচটাত পদবিহীন দিব্যাংগ হৈ কি মাছে খালে দুভৰি? কি মাছে খালে?? বৰনদীত সাতোৰোতে অচিন মাছে খালে দুভৰি অচিন মাছে খালে পূবে ফেহুঁ‌জালি দিওঁতেই কোন বনদেৱীয়ে বা বোলাই গ'ল যাদুকৰী চৰাইৰ পাখি পুনৰ গজি উঠিছে মোৰ পদযুগল সোণালী ডেউকা লগা পাদুকা এযোৰৰ সৈতে দুচকুত বাকি গ'ল অজস্ৰ হেঁ‌পাহ পুনৰ উৰিবলৈ

এই দিনবোৰ শেষ নহওঁতেই

টিনৰ চালত জিৰ জিৰকৈ  ন-বাৰিষাৰ বৰষুণ পৰিছে ৪ বাই ৩ ফুট খিৰিকিখনৰ বাহিৰৰ  পৃথিৱীখনে হাত বাউল দি মাতিয়েই আছে ডাল ভৰি ফুলি থকা ৰবাব টেঙাজোপালৈ অহা  মৌমাখিৰ জাকটো আঁ‌তৰি গৈছে পানীৰ গতিশীল টোপালৰ ভৰত দোঁ‌ খাই পৰা ফুলবোৰৰ এপাহ-দুপাহ সৰিছে অতদিন ধূলিৰে পোত খাই থকা চৌপাশত বৰষুণ মিহলি হোৱাৰ  সেই প্ৰাচীন চিনাকি গোন্ধটো  মই নাকেৰে উজাই লৈছোঁ‌ এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম  তুমি-মই একেলগে  এদিন বহিম তোমাৰ বেলকনিত ৰঙাচাহৰ কাপত চুমুক দি পাৰ হৈ যোৱা ধুমুহাজাকৰ কথাকে পাতিম এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম

হস্পিটেলৰ বিছনাৰ পৰা লাইভ

মোৰ ভাল লাগিছে যে আপুনি মোৰ অসুখৰ খবৰ ল'বলৈকে বুলি মেছেজ কৰিছে আপোনাৰ হাতৰ আখৰ মোবাইলৰ স্ক্ৰীনত ভাঁ‌হি অহা নাই যদিও মই অন্তৰেৰে বিশ্বাস কৰোঁ যে বিজ্ঞানে এদিন সেয়াও সম্ভৱ কৰিব মোৰ মোবাইলৰ স্ক্ৰীনত কলিং বুলি আপোনাৰ নামটো ভাঁ‌হি আহোতে মই পৰম আহ্লাদিত হৈছো ফোনটো ৰিচিভ কৰিবলৈ মোৰ সোঁ‌ মণিবন্ধত কেণ্ডুলাৰ সৰ্পিল চুমা  দুয়োহাতত চেলাইনেৰে খুৱাই থকা খাদ্য চেলাইনেৰে পিন্ধাই থকা বস্ত্ৰ আৰু চেলাইনেৰে আঁ‌কি থকা নতুন ঘৰৰ নক্সা তথাপিও মই পৰম সুখ পাইছোঁ কিয়নো বিনা স্বাৰ্থত আজিকালি কোনে কাৰ অসুখৰ খবৰ লয়! (সততে খবৰ লৈ থকা হিমানীৰ হাতত- চন্দন দা, ২৩/০২/২০২৪)

অৱসাদৰ কবিতা

বেলিয়ে থুকুচি থকা দিন একোটাৰ শেষত বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই অহা এখন নদী পকনীয়াত উটি অহা পানীমেটেকাৰ চুবুৰি এটাতে আছিল নেকি তোমাৰ গাৰ নিজান-জান গোন্ধ! যেন মাটিৰ কোলাহলে চুব নোৱাৰা গিৰিমালাৰ সুউচ্চ শিখৰ এটাত ফুলি থকা নিৰঞ্জন ব্ৰহ্মকমল।   ৰাতিৰ পিছত ৰাতি আহে, বা দিনৰ পিছত দিন শেষ নোহোৱা সাধু এটাই খোজেপতি লগ দিয়াৰ পৰত পানীমেটেকাৰ সেই চুবুৰিতেই অৱসন্ন শেতেলি।

অভিজ্ঞান

এইখিনিতে এদিন আমি            বহি আছিলোঁ একেলগে                     নদীখনৰ আঙুলি মূৰত। হাঁ‌হিমুখে পি খাইছিলোঁ            ঢলি পৰা সূৰুযৰ ৰং                    আৰু মুখৰিত মৌনতা। নিয়ৰে জুমুৰি দি ধৰা            ঘাঁ‌হনি এডৰাৰ গোন্ধত                    এতিয়াও তোমাৰ ওঁ‌ঠৰ ছবি। পৰ্ণপাতী অৰণ্যৰ আঁ‌চলৰ দৰে            সৰোঁ-নসৰোঁ‌কৈ খহি পৰা                    নিটাল নিৰ্বাক প্ৰাচীন সময়।

জন্মাষ্টমী

বন-ঢেকীয়াৰ কলপতীয়া হাবিডৰাত এজাক ধাৰাসাৰ বৰষুণৰ পিছৰ মৌনতা নুৰ খাই থকা কুমলীয়া আগ এটাৰ পৰা টুপকৈ টোপাল এটা সৰিল ঘনে ঘনে বিজুলী চমকি উঠা আকাশ কোনোবাই ক'লে, "জগন্নাথ উপজিল।"

তাহানিতে

(১) তাহানিতে ৰাঙলীজনী  ঘৰলৈ উলটি নাহিলে  আইৰ টোপনি নাহিছিল ৰাতি বোপায়ে কৰিছিল ইকাটি-সিকাটি নঙলামুখত কিজানিবা  গাইজনীৰ মাত শুনা পায়! (২) আজিকালি আমি নিজৰ লগত নিজে ঘূৰি নাহো ঘৰলৈ টোপনিবোৰ থৈ দিওঁ‌ মকৰাজালত আন্ধাৰ বৰণীয়া চকুৰ গুৰিত প্ৰসাধন সানি পোহৰ কৰোঁ দেহি! নঙলামুখত ৰৈ  কোনে কালৈ বাট চায় এতিয়া!

অলিম্পিয়ান দেৱতাসকলৰ উত্থান

আদিদেৱী গেইয়া আৰু তেওঁৰ সন্তানসকল আদিতে জগতত একোকে নাছিল। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত অনাদি-অনন্ত মহাশূণ্যই বিৰাজ কৰিছিল। কোনোবা এক মুহূৰ্তত এই মহাশূণ্যৰপৰাই আদিদেৱী গেইয়া অৰ্থাৎ পৃথিৱীয়ে জন্মলাভ কৰে। তেওঁ আছিল সমস্ত জগতৰ মাতৃ আৰু উৰ্বৰতাৰ মূৰ্তমান স্বৰূপ। তেওঁৰ লগতে মহাশূণ্যৰ পৰা ইৰেবাছ অৰ্থাৎ আন্ধাৰ, হেমেৰা (দিবা) আৰু নিক্সৰো (নিশা) জন্ম হয়। এওঁ‌লোক আটায়ে আছিল গ্ৰীকসকলৰ আদি দেৱ-দেৱী আৰু এওঁ‌লোকে প্ৰকৃতিৰ একো একোটা প্ৰধান উপাদানক প্ৰতিনিধিত্ব কৰাৰ লগতে ইয়াক নিয়ন্ত্ৰণো কৰিছিল। সৃষ্টিৰ বিজয়ধ্বজাধাৰিণী গেইয়াই কালক্ৰমত কোনো পিতৃৰ অবিহনেই প'ণ্টাছ (সমুদ্ৰ), অ'ৰিয়া (পৰ্বত) আৰু ইউৰেনাচক (আকাশ) স্ৰজন কৰে। গেইয়া আছিল স্বয়ং উৰ্বৰতা। সৃষ্টিৰ অদম্য তাড়নাত তেওঁ ইউৰেনাচক সংগী হিচাপে বাছি লয়। প্ৰতিনিশা দেৱী নিক্সে আন্ধাৰৰ দেৱতা ইৰেবাছৰ সহায়ত গেইয়াক ঢাকি ধৰে আৰু তেতিয়াই ইউৰেনাচ নভোমণ্ডলৰ পৰা নামি আহি গেইয়াৰ সৈতে মিলনৰত হয়। এই মিলনৰ ফলত তেওঁলোকৰ সূৰ্যোজ্বল ছজন পুত্ৰ আৰু ছগৰাকী কন্যাৰ জন্ম হয়। এওঁ‌লোকেই হৈছে বিখ্যাত টাইটানসকল। ইয়াৰে মাজত ক্ৰ'নচ আছিল কনিষ্ঠতম টাইটান। পৰৱৰ্তী সময়ত গেইয়াই এশখন হাত আ...

ঋতুসমূহৰ উৎপত্তিৰ কাহিনী

প্ৰাচীন গ্ৰীচৰ আখ্যান। আদিতে পৃথিৱীত বাৰমাহে প্ৰাচুৰ্যৰ ঋতুৱেই বিৰাজ কৰিছিল। শীতাৰ্ত হৈ বিৰিখৰ পাতবোৰ খহি অৰণ্যখন লঠঙা হৈ পৰা নাছিল। সেউজীয়া ঘাঁ‌হনিডৰা তুষাৰে আৱৰি নিদ্ৰামগ্ন কৰা নাছিল। নিয়মিত বৰষুণৰ টোপালে চৌপাশ জীপাল আৰু উৰ্বৰা কৰি ৰাখিছিল। নদীসমূহত অবিৰাম গতিৰে শীতল পানীৰ ফল্গুধাৰা প্ৰবাহিত হৈছিল। শস্য আৰু কৃষিকাৰ্যৰ লগতে ভূমিৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী দেৱী ডিমিটাৰৰ কৃপাত সমগ্ৰ পৃথিৱীত চিৰবসন্তই অৱস্থান কৰিছিল।  ডিমিটাৰৰ মৰমৰ জীয়ৰীৰ নাম আছিল পাৰ্চিফোনি। তেওঁ প্ৰায়েই মাতৃৰ সৈতে অলিম্পাচ পৰ্বতৰ পৰা ধৰাৰ বুকুলৈ শস্যমালাৰ বৃদ্ধিৰ খতিয়ান ল'বলৈ আহিছিল। পাৰ্চিফোনিৰ খোজত বিবিধ ফুলে মূৰ ডাঙি উঠিছিল। তেওঁৰ মাত শুনি পক্ষীয়ে সুৰীয়া কণ্ঠৰে গীত জুৰিছিল। এইদৰেই এবাৰ তেওঁ লহপহকৈ বাঢ়ি অহা শস্য এডৰাৰ মাজেৰে উৎফুল্লিত হৈ ঘূৰি ফুৰিছিল। ইফালে সেই সময়তে উদ্গিৰণ হ'বলৈ ধৰা এক আগ্নেয়গিৰিক নিৰীক্ষণ কৰিবলৈ পাতালপুৰীৰ অধিপতি হেডিচো আহিছিল পৃথিৱীলৈ। বিধিৰ কি বিপাক! আগ্নেয়গিৰিৰ সলনি হেডিচৰ চকু পৰিল পাৰ্চিফোনিৰ ওপৰত। তেওঁ মুগ্ধ হৈ পাৰ্চিফোনিৰ ফালে ৰ লাগি চাই ৰ'ল। কি এই দৈৱিক সৌন্দৰ্য! কি নিৰ্মল, সদা হাস্য...

উত্তৰাধিকাৰ

আদিতে জগত আছিল মহাশূণ্য নাছিল কোনো দানৱ অথবা ঈশ্বৰ অমোঘ তিমিৰাচ্ছন্ন অসীমত নাছিল পাৰ্থিৱ নাৰী আৰু পুৰুষ  কিম্বা কোনো বহুবৰ্ণ কিন্নৰ। কোনো অজ্ঞাত আলোকপুঞ্জৰ অলৌকিক আৱিৰ্ভাৱত হোৱা  দেৱতাৰ জন্ম এক সাধুকথা। কিন্তু তেতিয়াই প্ৰথমবাৰৰ বাবে  তুমি জন্ম ল'লা পদ্মিনী হৈ চক্ৰপানিৰ চৰণ সেৱাৰ বাবে যি আছিল তোমাৰ জ্ঞাতে-অজ্ঞাতে হাজাৰ বছৰীয়া সভ্যতালৈ   পুৰুষে এৰি থৈ যোৱা উত্তৰাধিকাৰ। সেই অধিকাৰে অতযুগ লালন কৰা মদমগ্ন মুখেৰে মই আওঁ‌ৰাই যাওঁ‌: তুমি ৰম্যা, তুমি ভোগ্যা, তুমি উৰ্বৰা সমস্ত বেদীতে তুমি পূজ্যা। কিন্তু তোমাৰ হংসগমনত ৰিপুৰ জন্ম বস্ত্ৰৰ তলত মৈথুন কামনাৰ ভ্ৰষ্ট নৰক সাধুকথাৰ দেৱতাৰ উপাসনা গৃহত  সেয়ে তোমাৰ প্ৰৱেশ অনাধিকাৰ তোমাৰ মাতৃ অংগত ফুলা  মাসিক ৰক্তোৎপলৰ অপবিত্ৰতাৰে তুমি নাচাবা আকাশৰ উচ্চতা।

ইৰ’চ (কিউপিড) আৰু ছাইকীৰ কাহিনী

প্ৰা চীন গ্ৰীচৰ আখ্যান। ৰাজকুঁৱৰী ছাইকী আছিল অতীৱ সুন্দৰী। ছাইকীৰ সৌন্দৰ্যৰ খ্যাতি ইমানেই বিয়পি পৰিছিল যে জনসাধাৰণে তেওঁক সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিৰ (ভেনাচ) সমকক্ষ বুলি গন্য কৰিছিল। তেওঁৰ ৰূপসুধা আকণ্ঠ পান কৰিবলৈ দেশ-বিদেশৰ লোকে ৰাজমহলত আহি ভিৰ কৰিছিল আৰু তেওঁকেই দেৱীৰ আসনত স্থাপন কৰি এই অতুলনীয় সৌন্দৰ্যৰ আৰাধনা কৰিছিল। এই কথা স্বয়ং এফ্ৰোডাইটিৰ কাণতো নপৰাকৈ নাথাকিল। দেৱী এফ্ৰোডাইটিৰ সৈতে মৰণশীল এগৰাকী সাধাৰণ মানৱীৰ তুলনা? কেনে স্পৰ্ধা! এফ্ৰোডাইটিৰ পুত্ৰ ইৰ’চ (কিউপিড) আছিল প্ৰেম আৰু যৌনতাৰ দেৱতা। হাতত অনন্ত কামনাৰ ধনু আৰু কাঁড় লৈ তেওঁ দেৱতা আৰু মানৱৰ বুকুত প্ৰেমৰ দাৱানল জ্বলাই গোটেই জগত ভ্ৰমি ফুৰিছিল। এফ্ৰোডাইটিয়ে পুত্ৰ ইৰ’চক আদেশ দিলে- ইয়াৰ উপযুক্ত শাস্তি দিয়া হওক। কোনো কুৎসিত জীৱৰ প্ৰতি ছাইকীৰ অন্তৰত বাসনা জগাই তোলা হওক। কথামতেই কাম। ইৰ’চে সোণালী ডেউকা কোবাই তড়িৎ গতিৰে ছাইকীৰ প্ৰাসাদৰ দিশে উৰা মাৰিলে। কিন্তু ইয়াৰ পিছত কি হ’ল? ছাইকীৰ ৰূপসুধা দেখা পাই স্বয়ং প্ৰেমৰ দেৱতা বাসনাসিক্ত হৈ ধৰাশায়ী হৈ পৰিল। ইফালে এফ্ৰোডাইটিৰ ৰোষৰ কথা ছাইকীৰ পিতৃ ৰজাৰ কাণত পৰাত তেওঁ আতংকিত হৈ উঠিল। ইয়াৰ সমাধান ...