Skip to main content

Posts

অনুৰোধ

অ' মোৰ প্রিয় গীত, পাহৰি নাযাবি মোৰ ওঁঠৰ ঠিকনা হেৰাই নাযাবি মোৰ প্রিয় ৰং, প্রিয় সুৰ আৰু প্রিয় শব্দেৰে সজা প্রিয় কবিতা বেলি লহিয়াবলৈ এতিয়াও বহুপৰ।

এনাজৰী

(১) নিমাতীৰ ভিজা বালি চাপৰি অকলশৰীয়া চিফুং এটাৰ মাতত জিৰজিৰকৈ সৰি পৰে জোনাক দুবাহুত মোৰ পাখি গজে দিখৌৰ বুকুতো উথপ্‌থপ্‌ লগাই এজাক উজানৰ চকামকা মাছ। (২) ক'ত নাচিছে বাগুৰুম্বা? ঢোলৰ মাতত ফাল ফাল বতাহ আৰু দুখোজমান যাওঁ নেকি আগুৱাই? মোৰ টাই-ফাকে গাৱঁৰ কেঁচা আলিবাট যেন কোনোবা মলামুখীয়া বড়ো গাভৰুৰ ঘনক'লা কেঁকোৰা চুলিৰ খেলিমেলি ভাঁজ। (৩) নাচাওঁ বুলি ভাবোঁ একোবাৰ আংলঙৰ ডাৱৰে ঢকা পাহাৰৰ ৰং বন্ধ চকুৰ অন্ধকাৰতো ঘনাই জিলিকে চমাঙৰ* শাৰী শাৰী চাঙঘৰ আৰাকৰ* নিচাত মজি থাকে পাহাৰ-ভৈয়ামৰ একেখন আকাশ। (৪) বকুলতলৰ নঙলামুখত ছাঁ পৰিল কহুঁৱাৰ ফাঁকেৰে সৰকি পৰিছে বেলি ডবাৰ কোবতেই হয়তো গধূলি নামে আন্ধাৰ-পোহৰৰ প্রশান্ত দোমোজাত গুনগুনকৈ শুনো আই-চিং-লাও*। (৫) বলিয়া বতাহেৰে পাক মিলাই ঘূৰে মনসা পূজাৰ দেওধনী ছোৱালী উদং ভৰিৰ গিৰিপনিত সাৰ পাই বছৰজুৰি শুই থকা কন্‌কনীয়া চোতাল হাবিখনৰ বুকু ভেদি জয়ঢোলৰ মাত। (৬) নগা পাহাৰত বৰষুণ পৰিলে উন্মনা হয় ভৈয়ামৰ নদী মানাহৰ উলু পোৰা ধোঁৱাৰ দৰে ৰং হেৰুৱা আকাশ ধুঁৱলী-কুঁৱলী। *চমাং>কার্বি লোক, আৰাক>কার্বিসকলৰ পৰম্পৰাগত পানীয়, আই-চিং-...

কহুঁৱা

অ' কহুঁৱা, তোৰ ছাঁতে লুকুৱাই থ' মোৰ ঘামত ভিজা দুপৰীয়া ছাঁ ৰূপ চৰোৱা কপাহী গাৰ ধনুগুনীয়া ভাঁজত লৈ আহ আহিনৰ গোটেই মাহজোৰা বতাহ উৰুৱাই দে টুকুৰা ডাৱৰ ঢাকি পেলা শৰতৰ আকাশ পছিমত বাজক লাহে লাহে বেলি লহিওৱাৰ হেঙুলীয়া গান

শাওণ

শাওণীয়া আকাশৰ আঁচলৰ তলত খেলিমেলি বৰষুণজাকত ৰাতিবোৰে গা পখালে, চকামকা ৰ'দ আৰু থুপি থুপি মেঘৰ ছাঁৰ লুকাভাকু খেলত চঞ্চল হয় দিনবোৰো। কানিমুনি সন্ধিয়াৰ চপল বতাহজাকৰ ওঁঠতো বকুলবনৰ সুগন্ধি গুনগুননি চিফুংৰ চিনাকী মায়াবী সুৰে হেঁচুকি জগাই যায় হৃদয়ৰ আলফুল ভাৱনা। শাওণৰে মৰমত জীপাল হৈ উঠে খেতিয়কৰ লহ্‌পহ্‌ সেউজীয়া সপোন আশাৰ উক্‌মুক্‌ গজাঁলি। এনেকৈয়ে সুখৰ নিঃকিন ভঁৰালবোৰ ৰঙেৰে উপচাবলৈ সাজু হয় শাওণ বাঢ়ি আহে আকলুৱা সপোনৰ আলসুৱা কোঁহ। (আগষ্ট, ২০১০)

বৰষুণ লাগে...

দুদিন ধৰি ৰ'দে পুৰিছে মাটি গছপাত এখিলাও লৰা নাই থমথম নিথৰ গৰমত পছোৱা কুৰুৱাই নিজে পাই জানো উশাহ? জোনৰ ওঁঠতো মিছলীয়া ডাৱৰ ডোখৰ ডোখৰ হৈ ওলমিছে এতিয়া মোৰ প্রিয় ফুল বিজুলী, প্রিয় গান উধামুধা এজাক বতাহ

পথৰুৱা শব্দ

মাছলৈ জোপ লোৱা বগলী এটাৰ ভাঁজত মোৰ পথৰুৱা শব্দ বোকাৰ গোন্ধ এটা লিখি পেলোৱাৰ অলস চেষ্টাত আঙুলিবোৰে 'কিপেড'ত খোজকাঢ়ি আছে ন-আলিৰে আহিলে মেঘে জোকোৱা পথাৰ চাবলৈ ভাল।