Skip to main content

Posts

Showing posts from 2011

তথাপি সংকোচ হয়

শিৱসাগৰৰ তোলনীয়া জীয়ৰী তুমি মই বছা পথাৰৰ চেনেহত যৌৱন পোৱা ল'ৰা বোকা মাটিৰ বাঁহীসুৰ তুমিও বুজি পোৱা বৰষুণৰে সহবাস কৰা প্রিয় পথৰুৱা মাটি তুমি ৰিক্সাৰপৰা ননমালৈকে গড়আলিটো জুপুকা লাগি থাকে তুমি হাতত নোলোৱালৈকে নিটাল মাৰি থাকে প্রতিটো ফুচকাৰ মচমচীয়া 'লিপিকা'ৰ গৰম চাহ তুমি ভাল নোপোৱা তথাপি মই ল'লে তুমিও আড্ডাত বহা ৰ'দৰ খটখটীৰে বেলিটো নামি আহি তোমাৰ চকুৰ ঠিক কোনখিনিত ঘৰ বান্ধে পোনপটীয়াকৈ চাবলৈ কিছু অসুবিধা মোৰ থুঁতৰিত কিন্তু তুমি নির্দ্বিধাই চকু থোৱা কলেজৰ সৰস মেলত সুমথিৰাৰ ফোঁটাটো মোক দিওঁতেই মই তোমাৰ হাঁহিটো বুটলি লওঁ চোলাৰ জেপত লাহেকৈ সুমুৱাই থওঁ তথাপি সুধিবলৈ বৰ সংকোচ হয় --- হাতখন ফটকৰে আঁতৰাই নিনিয়াটো তোমাৰ অন্যমনস্কতা নে একান্ত সেউজীয়া ইচ্ছা?

কোনোবাদিনা অনামিকা...

কোনোবাদিনা তুমি হঠাত্‍ ফোন কৰি ক'বা --- "তোমাৰ ওচৰলৈ গৈ আছোঁ, FSA -ৰ নোটছবোৰ জেৰক্স কৰা হৈ গ'ল" ধৰমৰাই মই বিছনাৰপৰা উঠিম কিমান ভ'ল্টৰ বিজুলী গাৰ মাজেদি গ'ল তাৰ উমান লোৱাৰ অবাক চেষ্টা এটা কৰিম বহুদিনৰ মূৰত কাপোৰবোৰ আলনাডালত নিজৰ সঠিক ঠাইত শান্তিৰে বহিব চুক এটাত শুই থকা ঝাৰুটোৱে সাৰ পাব (ছেঃ, জধলা টেবুলখন তথাপি জধলা!) হিচাপ ল'ম তিনিবাৰমান ---- দুকাপ কফিৰ জোখাৰে সকলো আছেনে নাই 'নতুন কি লিখিলা' বুলি সোধোঁতে অকণমান হাঁহিটো কেনি বাগৰি গ'ল মই চাই থাকিম লাহে লাহে তুমি এটা কবিতা হৈ পৰিবা দৰদী, অভিমানী, অভিসাৰী কবিতা এদিন তুমি হঠাত্‍ আহিবা অনামিকা

সাঁকো হেৰাল

এইমাত্র শুনিলোঁ--- দস্তাবেজৰ শত শত মুখৰিত পৃষ্ঠা নিমাত হৈ যোৱাৰ খবৰ বুকুভঙা বেজাৰত সেমেকি সেমেকি কঁপি কঁপি নিথৰ হ'ল শতটা অভিজ্ঞতাৰ অজস্র ৰহণেৰে বুলোৱা এডৰা অমিতাভ শব্দ আকাশখনে মাহটোত দ্বিতীয়বাৰৰ বাবে নিজা ৰং হেৰুৱাই নিঠৰুৱা হোৱা দেখিলোঁ ৰ'দজাক অন্যমনস্ক হ'ল দিনটোৰ বাবে সাঁকো হেৰাল সাঁকো জগলীয়াৰ ওপৰৰ সাঁকো চিগিল ঘপহকৰে নোহোৱা হ'ল লুইতৰপৰা গংগালৈ পোনপটীয়া দলং মাহটোত আকৌ এবাৰ বতাহজাকে পাহৰিলে সেউজীয়া বাঁহীসুৰৰ ঠিকনা এইবাৰ একেবাৰেই উকা হ'ল জনমভূমি সাঁকো হেৰাল, সাঁকো চিগিল (ডঃ মামণি ৰয়ছম গোস্বামীলৈ শ্রদ্ধাৰে।)

আহ্বান

ঠেৰেঙা লগা দুখৰ বিস্তীর্ণ ভগ্নাৱশেষৰ ওপৰত তোমাৰ উদ্দাম নৃত্য চোৱাৰ হাবিয়াস মোৰ বহুদিনীয়া ঠেকেচি পেলোৱা বিষাদৰ আধাপোৰা কলিজা উভালি পেলোৱা কজলা বেজাৰৰ সর্বগ্রাসী শিপা ভৰিৰ তলত পিষ্ট হওক শত আশংকাৰ শিলভাৰ বিনষ্ট হওক হেজাৰ ভয়ৰ সর্বনাশী হেঁচা কোঙা দুর্ভাগ্যৰ চেঁচা পৰা বুকুত গুঁজি দিয়া স্বর্ণিম সমৃদ্ধিৰ ৰ'দোন্মুখ তেজৰঙী পতাকা

অকলে

কুঁৱলীৰে মুখ ঢাকি বাহিৰত তৰাবোৰ কঁপে ডিঙিলৈকে মেৰাই লওঁ আন্ধাৰৰ নিহালী মৌনতাৰ নিয়ৰ সৰে এটোপ-দুটোপ সাৰে থাকে এপাহ ৰাতি ফুলা ফুল সাৰে থাকে অগা-ডেৱা সোঁৱৰণিৰ অযুত বর্ণালী।

অৱধাৰিত

নিষিদ্ধ আন্ধাৰৰ কিলবিল আঙুলিবোৰে মোক চুই চাব খোজে বাৰে বাৰে বাট হেৰুৱাওঁ, আকৌ বিচাৰি পাওঁ পুনৰবাৰ হেৰুৱাওঁ পৈত্রিক কক্ষপথ থান-বান হয় পুৰাতন লক্ষ্মণৰেখা নষ্ট সময়ৰ সৈতে বর্ধমান মিতিৰালিত ৰক্তাভ লক্ষ্যই ক্রমাত্‍ বাগৰ সলায় এনেকৈয়ে এৰাসূঁতি সময়ত অপৈণত অতীতক এৰোঁ আঁউসীৰ আকাশ সাৱটি জ্বলে মোৰ নতুন জোন সন্তপর্ণে অনুসৰণ কৰোঁ এক নতুন স্বর্ণিম সপোন (অলপতে এজন অন্তৰংগ বন্ধুৱে ক'লে -- কলেজৰ পাঁচোটা বছৰত ময়েই সকলোতকৈ বেছি সলনি হ'লো...কথাষাৰে বৰকৈ ক্রিয়া কৰিলে...সেই অনুভূতি-অনুভৱেৰেই এই শাৰীকেইটা লিখিলোঁ।)

বিষাদৰ দুশাৰীমান

বাক চৰাই এটাই কন্দুৱাই থৈ গ'ল এঙেৰুৱা আকাশ ঈদৰ জোনটো হেৰুওৱাৰ দুখত লগৰীয়া ছাঁও লুকাল এপথাৰ নিলগত সেয়া বাঁহ ফুটাৰ শব্দ নিয়ৰৰ সৈতে দুখবোৰ সৰি আছে টোপাটোপে লুইতৰ দুয়োপাৰে গোট মাৰি আছে বৰফ-চেঁচা বিষাদ

অলপ আগলৈকে আমি কথা কৈ আছিলোঁ

অলপ আগলৈকে আমি কথা কৈ আছিলোঁ জীয়া মাছৰ দৰে খলখলাই আছিল মুখ বাগৰা ৰ'দ জিলিকা হাঁহি উফৰি ফুৰিছিল টুকুৰা-টুকুৰ ফিৰিঙতি শব্দ অলপ আগলৈকে ছটফটাই ফুৰা শব্দৰ সেউজীয়া ফৰিঙটোৰ পাখি কোনে কাটিলে, কোনে কপালত আঁকি দিলে বয়স্কৰ টিকটিকীয়া ফোঁট? কিমান আপোন হ'লে এৰি অহাৰ পৰত কলিজা ফাটে, চকুৱেদি বৈ আহে ক'বলৈ ৰৈ যোৱা কথাৰ লুণীয়া? কিমান আপোন হৈ পৰিলে বিচ্ছেদৰ যন্ত্রণা দুচকুত ৰঙা হৈ জ্বলে? বুকুত এটা শিল গজিছে লৰাব নোৱাৰো, খহাব নোৱাৰো, ভাঙিবও নোৱাৰো এয়া বিদায় লোৱাৰ ক্ষণ এতিয়া গোটেইখন নিমাওমাও (সময়ে লগ এৰোৱাব বিচৰা কলেজৰ অন্তৰংগ বন্ধু-বান্ধৱীকেইটাৰ হাতত মৰমেৰে)

এনেকৈয়ে

এদিন হঠাতে গোমা হ'ব আকাশ দোপালপিটা বৰষুণ এজাক লতা বগোৱাদি বগাব চৌপাশে সপ্তাহটোলৈ নিটাল মাৰিব বেলি এনেকৈয়ে কুঁৱলীত কঁপি-জপি সৰাপাতৰ আলিয়েদি শীত আহিব নামি

অৰণ্য, নদী আৰু আমি

নৈপৰীয়া বালিত ভৰিৰ পটা সেমেকিছে ওঁঠে ওঁঠে বাগৰি বিয়পি পৰা হাঁহিবোৰত এবাটি লুকলাও চপ্‌চপীয়া হৈ পৰিছে আছাৰ খাই পৰা ৰ'দজাকৰ উমাল কথা-বতৰাত এঙামুৰি দি উঠিছে সাৱটা-সাৱটিকৈ শুই থকা এঙেৰুৱা শিলৰ খেলিমেলি জাক বগুৱা বাই ফুৰা মেঘৰ ছাঁত জিৰণি ল'বলৈ ভাগৰৰ বৰ অভাৱ আংলঙৰ সেউজীয়াবোৰ বৈ আহিছে দুচকুলৈ বুকুলৈকে শিপাইছে মুখৰিত নিচা হৈ মাছৰোকাটোৰ সৈতে সলাই লৈছোঁ মোৰ দুচকু ভটীয়নি শিলঘৰীয়াৰ সন্ধানত এই নদীৰ পানীয়ে সামৰি ৰাখে চিৰযৌৱনৰ মহামন্ত্র এই অৰণ্যই আৱৰি ৰাখে হিৰণ্ময় উচ্ছাসৰ যাদুকৰী ঠিকনা (একেলগে কঁহৰালৈ বনভোজৰ বাবে যোৱা প্রতিগৰাকী বন্ধু-বান্ধৱীৰ হাতত)

কুঁৱলী

কাঁচিজোনৰ মুখ ঢাকি বাৰে বাৰে আমনি কৰিম ওৰেটো ৰাতি সূতা পকোৱাদি মেৰিয়াই মেৰিয়াই বান্ধিম আলিবাটৰ কেঁকুৰি আন্ধাৰৰ গোটেই অৰণ্যজুৰি আগ্রাসী শিপা মোৰ গজ্‌গজীয়া ফেঁহুজালি চোতালত বহি লৈ শীতলাম আকাশৰ সুৰুঙাৰে খহি পৰা জুইফুল (ভাইটী নয়নজ্যোতিৰ হাতত...)

সৰাপাত

চেঁচা বতাহৰ অবিৰাম টনা-আঁজোৰাত ধৰাশায়ী হৈ পৰিছোঁ খহি পৰিছোঁ ভাগৰত লাহে লাহে মাটিত বিলীন হৈ যাম শিপাৰে বগুৱা বাই সোমাম শীতক আওকাণ কৰি পুনৰ সেউজীয়া হৈ পোখা মেলিম বাসন্তী পুৱাত

এটি গান অথবা কেইটামান শাৰী

#ভাগৰুৱা চকুবোৰে উচুপিছে লাহে লাহে এটি এটি ছাঁয়াছবি যায় আহে নীৰৱে কলিজাতে বাৰে বাৰে উচুপিছে কিনো দুখে কোন কেনি কাক এৰি বাট বুলে কোনে জানে এই দিন হ'ব সোঁৱৰণি এৰি গ'লো স্মৃতিকে সাৱটি নতুন সময় আঁকোৱালি #স্বপ্নময় দিন ৰাতি ভাৱনাৰে কথা পাতি সপোনৰ বালিঘৰ ভঙা-গঢ়া ঘনেপতি প্রতিটো পল প্রতিটো ক্ষণ পাৰ হৈ যায় এনেকৈয়ে পুৰণিয়ে মেৰিয়াই দিনবোৰ সামৰিলে তথাপিও থমকে দুভৰি এৰি গ'লো স্মৃতিকে সাৱটি নতুন সময় আঁকোৱালি #কলিজাৰে এনাজৰী যায় জানো জহি-খহি চেনেহৰে বান্ধ খুলি বর্ত্তমান যাব কেনি থোকাথুকি বেজাৰতে আজিয়ে বিদায় ল'লে যতনেৰে জাপি দিলোঁ সময়ৰ বোকোচাতে পাঁচোটা বছৰ গণি গণি এৰি গ'লো স্মৃতিকে সাৱটি নতুন সময় আঁকোৱালি -----মোৰ জীৱন পৰিপূর্ণ কৰি তোলা প্রত্যেকজন সহপাঠীৰ হাতত।

শেলুৱৈ

পাথৰৰ কঠিন বুকুতো শেলুৱৈ গজে সিহঁতেও কথা ক'ব খোজে ৰ'দ সহিব নোৱাৰাৰ দুখত সেমেকি থাকে সিহঁত এখন সেউজীয়াৰ অৰণ্যৰ সৃষ্টিৰ আৰম্ভণি হয় তাতে.. (অন্তৰংগ বন্ধু তথা সহপাঠী ধ্রুৱজ্যোতি বৰাৰ হাতত)

উপহাৰ

পূজাত নো কি দিওঁ তোমাক দুহাত যে উকা পৰা হ'লে পথালোহেঁতেন কুঁৱলীত সেমেকা তলসৰা শেৱালীৰ এটি পুৱা (তুমিতো চাগে তাত শেৱালীৰ গোন্ধ নাইপোৱা!) পথালোহেঁতেন নিয়ৰত তিতা অকাল বোধনৰ নিশা (নিয়ৰ পৰিছে নেকি তাত?) ইন্টাৰনেটত পথাইছোঁ শুভেচ্ছা, ভালপোৱা আৰু বন্ধুত্বৰ অশেষ কৃতজ্ঞতা.. (অসমৰ বাহিৰত থকা, অসমৰ দুর্গোত্‍সৱ 'মিছ' কৰা মোৰ বন্ধু-বান্ধৱী, তোমালোকৰ হাতত এই কবিতাটো দিলোঁ।)

স্থায়ীত্ব

খিৰিকিখন খুলি থৈছোঁ নির্বাক বতাহৰ নিৰুত্‍সাহ আহ-যাহ আকাশত জোনৰ লেশমানো নাই স্মৃতিৰ সৈতে মোৰ গোপন বুজাবুজি কেতিয়াও ম্যাদ নোকলা চুক্তি অর্থ হেৰুৱা কিছুমান কথা খামুচি ...

এনেকৈয়ে শৰত্‍ আহক

লাহে লাহে অনাবৃত হওক অৰণ্যখন ওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰে পুৱাটোৰ সেমেকা গালেদি তৰুণ ৰ'দজাক বৈ আহক ভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওক বেলিটোৰ চেঁচা পৰি থকা মুখ লালকাল দি থকা এডৰা ৰামধেনুত প্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়া শেষ হওক অন্তহীন বৰষুণৰ ঋতু এনেকৈয়ে শৰত্‍ আহক।

শব্দৰ সন্ধিয়া

কৃষ্ণকায় গছ এজোপাৰ অবিন্যস্ত জখলাৰে নীলাভ জোনটো বগুৱা বাই নামি আহে লাহে লাহে ভাললগা গানৰ কলি এটাই ক'ৰবাত ডেউকা কোবায় জোনাকে বুকুৰ এচুকত ৰুই থৈ যায় উশাহ লৈ থকা এমুঠা শব্দৰ শিপাৰ জঁট নভঙা পুলি।

শৰতৰ এমুঠি স্কেট্‌ছ

(১) মেঘে সামৰি আনিছে আন্ধাৰ বৰণীয়া পোছাক বা-মাৰলিৰ দীঘলীয়া উছাহৰ শেহতীয়া দিন এতিয়াও ক্ষীণকৈ বাজি উঠোঁ হেন কৰে বৰষুণৰ সজালধৰা সেউজীয়া বাঁহী আকাশৰ শৰীৰজুৰি স্পন্দিত এটি ফৰকাল গীত। (২) গুনগুন আন্ধাৰে মেৰাই ধৰিছে সন্ধিয়া খহি পৰাৰ নিৰলস প্রচেষ্টাত বিভোৰ নিয়মীয়া তৰাকেইটা লুকুৱাই ৰখাৰ ব্যস্ততাৰে বন-পাতৰ কেঁচা আলিবাটেদি কুঁৱলীৰ নিমাত সমদল এটাৰ সঘন অহা-যোৱা। (৩) কৃষ্ণাইৰ মূৰৰ শেৱালী এপাহ মুকলি হ'ল ফেঁহুজালিৰ অৰণ্যজোৰা গীত নবজালৈকে সেই চিনাকি গোন্ধটোৰ সৈতে ৰাতিটোৱে হাতে হাত ধৰি আলাপ কৰিব ৰ'দ সৰিলেই সিহঁতে জিৰণি লোৱাৰ কথা। (৪) নিয়ৰ ভাঙি আগুৱাই এজাক চেমনীয়া বতাহ বেলিৰ চোওঁ-নোচোওঁ আঙুলিও চেঁচা পৰে গোটেই পথাৰজুৰি এবুকু সেমেকা সেউজীয়া কোনজনী ৰোৱণীৰ শাওণীয়া চেনেহত শালিৰ গেঁৰ ধৰা আহিন আজি লহপহীয়া। (৫) বুকুত ঘৰ সাজিব ধৰা নীলাভ জোন এটাৰ সৈতে অকাল বোধনৰ নির্মল জোনৰ নিৰপেক্ষ তুলনাত পাৰ হয় কাতিমহীয়া খাদ্যহীনতাৰ ঋতু পুৱালৈ সময়ে বোকোচাত গুঁজি দি যায় কুহকসনা একোটা জোনাকী ৰাতি।

সুধাকণ্ঠৰ ওপজা দিনত

যেতিয়াই সেই চিৰ দৰদী কণ্ঠই সাৰ পায় সোণালী বৰষুণ এজাকে সেমেকাই তোলে আকাশ সেউজীয়া আঙুলিৰে সুৰ এটাই মোক দাঙি লৈ যায় গীতটোৰ গভীৰৰপৰা গভীৰতম ঠাইলৈ আপোন মাটিৰ আলসুৱা গোন্ধ এটাই মূৰৰপৰা ভৰিলৈকে মেৰিয়াই ধৰে আন্দোলিত হয় স্পর্শকাতৰ অনুভূতি

বিষাদৰ এটোপাল

দোভাগ ৰাতি সাৰ পায় মোৰ প্রতিটো আধালিখা কবিতা কোনোবা অপেস্বৰীৰ সেমেকা ওঁঠত পূর্ণাবয়ৱ পোৱাৰ অলস আশা এটাত বন্দী মোৰ প্রতিটো আধাকেঁচা গীতৰ কলি বুকুৰ মৰুদ্যান এখনত উশাহ নসলোৱাকৈ বাজিবলৈ ধৰে সাঁচিপাতৰ বয়সৰ সেউজীয়া বাঁহী

লক্ষ্য অভিমুখে

গোটেই আকাশ জুৰি বেলিৰ স্বর্ণিম তেজ স্পর্শ কৰি চোৱাৰ আকাংক্ষাৰে ওপৰমুৱা গছৰ আগলিটোতে লহপহকৈ মোৰো হেঁপাহ বাঢ়ে আঙুলিত মোৰ যিদিনাই আকাশৰ ৰং লাগিব সেইদিনাই মই তললৈ চকু ফুৰাই চাম।

বাস্তৱ

স্বপ্নলোকত এতিয়া সূর্য্যাস্ত অনমনীয় দিঠকৰ সৈতে চিৰন্তন সহবাসৰ পুনঃ আখৰা দুচকুত নিতাল মাৰি পৰি থাকে কল্পনাৰ আমেজৰ শতছিন্ন টুকুৰা

অনুৰোধ

অ' মোৰ প্রিয় গীত, পাহৰি নাযাবি মোৰ ওঁঠৰ ঠিকনা হেৰাই নাযাবি মোৰ প্রিয় ৰং, প্রিয় সুৰ আৰু প্রিয় শব্দেৰে সজা প্রিয় কবিতা বেলি লহিয়াবলৈ এতিয়াও বহুপৰ।

এনাজৰী

(১) নিমাতীৰ ভিজা বালি চাপৰি অকলশৰীয়া চিফুং এটাৰ মাতত জিৰজিৰকৈ সৰি পৰে জোনাক দুবাহুত মোৰ পাখি গজে দিখৌৰ বুকুতো উথপ্‌থপ্‌ লগাই এজাক উজানৰ চকামকা মাছ। (২) ক'ত নাচিছে বাগুৰুম্বা? ঢোলৰ মাতত ফাল ফাল বতাহ আৰু দুখোজমান যাওঁ নেকি আগুৱাই? মোৰ টাই-ফাকে গাৱঁৰ কেঁচা আলিবাট যেন কোনোবা মলামুখীয়া বড়ো গাভৰুৰ ঘনক'লা কেঁকোৰা চুলিৰ খেলিমেলি ভাঁজ। (৩) নাচাওঁ বুলি ভাবোঁ একোবাৰ আংলঙৰ ডাৱৰে ঢকা পাহাৰৰ ৰং বন্ধ চকুৰ অন্ধকাৰতো ঘনাই জিলিকে চমাঙৰ* শাৰী শাৰী চাঙঘৰ আৰাকৰ* নিচাত মজি থাকে পাহাৰ-ভৈয়ামৰ একেখন আকাশ। (৪) বকুলতলৰ নঙলামুখত ছাঁ পৰিল কহুঁৱাৰ ফাঁকেৰে সৰকি পৰিছে বেলি ডবাৰ কোবতেই হয়তো গধূলি নামে আন্ধাৰ-পোহৰৰ প্রশান্ত দোমোজাত গুনগুনকৈ শুনো আই-চিং-লাও*। (৫) বলিয়া বতাহেৰে পাক মিলাই ঘূৰে মনসা পূজাৰ দেওধনী ছোৱালী উদং ভৰিৰ গিৰিপনিত সাৰ পাই বছৰজুৰি শুই থকা কন্‌কনীয়া চোতাল হাবিখনৰ বুকু ভেদি জয়ঢোলৰ মাত। (৬) নগা পাহাৰত বৰষুণ পৰিলে উন্মনা হয় ভৈয়ামৰ নদী মানাহৰ উলু পোৰা ধোঁৱাৰ দৰে ৰং হেৰুৱা আকাশ ধুঁৱলী-কুঁৱলী। *চমাং>কার্বি লোক, আৰাক>কার্বিসকলৰ পৰম্পৰাগত পানীয়, আই-চিং-...

কহুঁৱা

অ' কহুঁৱা, তোৰ ছাঁতে লুকুৱাই থ' মোৰ ঘামত ভিজা দুপৰীয়া ছাঁ ৰূপ চৰোৱা কপাহী গাৰ ধনুগুনীয়া ভাঁজত লৈ আহ আহিনৰ গোটেই মাহজোৰা বতাহ উৰুৱাই দে টুকুৰা ডাৱৰ ঢাকি পেলা শৰতৰ আকাশ পছিমত বাজক লাহে লাহে বেলি লহিওৱাৰ হেঙুলীয়া গান

শাওণ

শাওণীয়া আকাশৰ আঁচলৰ তলত খেলিমেলি বৰষুণজাকত ৰাতিবোৰে গা পখালে, চকামকা ৰ'দ আৰু থুপি থুপি মেঘৰ ছাঁৰ লুকাভাকু খেলত চঞ্চল হয় দিনবোৰো। কানিমুনি সন্ধিয়াৰ চপল বতাহজাকৰ ওঁঠতো বকুলবনৰ সুগন্ধি গুনগুননি চিফুংৰ চিনাকী মায়াবী সুৰে হেঁচুকি জগাই যায় হৃদয়ৰ আলফুল ভাৱনা। শাওণৰে মৰমত জীপাল হৈ উঠে খেতিয়কৰ লহ্‌পহ্‌ সেউজীয়া সপোন আশাৰ উক্‌মুক্‌ গজাঁলি। এনেকৈয়ে সুখৰ নিঃকিন ভঁৰালবোৰ ৰঙেৰে উপচাবলৈ সাজু হয় শাওণ বাঢ়ি আহে আকলুৱা সপোনৰ আলসুৱা কোঁহ। (আগষ্ট, ২০১০)

বৰষুণ লাগে...

দুদিন ধৰি ৰ'দে পুৰিছে মাটি গছপাত এখিলাও লৰা নাই থমথম নিথৰ গৰমত পছোৱা কুৰুৱাই নিজে পাই জানো উশাহ? জোনৰ ওঁঠতো মিছলীয়া ডাৱৰ ডোখৰ ডোখৰ হৈ ওলমিছে এতিয়া মোৰ প্রিয় ফুল বিজুলী, প্রিয় গান উধামুধা এজাক বতাহ

পথৰুৱা শব্দ

মাছলৈ জোপ লোৱা বগলী এটাৰ ভাঁজত মোৰ পথৰুৱা শব্দ বোকাৰ গোন্ধ এটা লিখি পেলোৱাৰ অলস চেষ্টাত আঙুলিবোৰে 'কিপেড'ত খোজকাঢ়ি আছে ন-আলিৰে আহিলে মেঘে জোকোৱা পথাৰ চাবলৈ ভাল।

স্বাধীনতাৰ দিনত

শীর্ণ, জৰাজীর্ণ, ভোকাতুৰ পদপথৰ দৰিদ্রতাও হ'ব পাৰে স্বাধীনতাৰ সংজ্ঞা হ'ব পাৰে ছটা দশকজোৰা ছদ্মবেশী বঞ্চনাও নতুবা খোজেপতি প্রাণৰ অন্তহীন সংশয়, আকাশ চাবলৈ ওপজা শংকা হ'ব পাৰে স্বাধীনতাৰ সময়োপযোগী সংজ্ঞা।

তুমি

তোমাৰ ঢৌখেলা চুলিয়েদি লাহেকৈ পিছলি পৰে বতাহে অঁকা এটি কবিতা তুমি দুচকুৰে আৱৰি থোৱা আঁউসীৰ নীলিম জোন হাতৰ মুঠিত সামৰি থোৱা এপথাৰ জোনাকী তুমি এবাৰ চালেই মেঘ ফালি সৰি সৰি পৰে তৰা থান-বান হয় আন্ধাৰ এডৰা ধৰ্‌ফৰাই উঠে কলিজাৰ বাটচৰা।

জানো মই, তয়ো জান

জানো মই, তয়ো জান-- ঠুনুকা নহয় তেজৰ সম্পর্ক কিন্তু প্রমাণ কৰিবি কিদৰে এই অবিনাশী সত্য? অহমিকাৰ আঁৰত চকুৰ পানী গুপুতে উতলে ফাঁটমেলা কলিজাত উজাগৰ যন্ত্রণা জ্বলে জানো মই, তয়ো জান। (কাৰোবালৈ, যাক মই খুব ভাল পাওঁ) ১০/৮/২০১১

শাওণী ৰাতিৰ গান

(১) বতাহে এটি গীত শিকাই যাৰ সুৰত প্রতিখিলা পাতৰ টোপনি ভাগে থৌকি-বাথৌ হয় খোলা খিৰিকীৰ মুখ (২) খিৰিকীৰ আইনাত খামুচি আছে নিখুঁত কাঁচিজোনৰ এফাল ডাৱৰীয়া শেঁতা জোনাকত জ্বলে অদূৰৰ গাভিনী পথাৰৰ সুখ (৩) জোঁটপোট লতাৰে বগুৱা বাই কুৰুলি এটা লাহেকৈ মাটিলৈ নামে মেঘ ফুলা আকাশত সেয়া কি জাতিংগামুখী চৰাই? (৪) বৰষুণত এন্ধাৰবোৰ তিতি থাকিলে পাথৰৰ নগৰীতো পিছৰাতি কলিজা ধৰফৰাই

বৰষুণ

আজি বৰকৈ তিতিলে খেতিয়কৰ খৰাং হেঁপাহ এতিয়া দুচকুত ভৰুণ কঠিয়াৰ ঘৰ ভৰিত ছটফট মাছৰ লাহ-বিলাহ ডাৱৰৰ ঠেঁহ ভাগোতে আকাশমুৱা গছৰ চুবুৰিটো তিতে কেঁচা ঘাঁহৰ গা জুৰ পৰে সেমেকি সেমেকি থাকে ৰাতিপুৱা বৰষুণৰ গানত কি সুৰ, কি ৰাগ? যি সুৰত নৈখন কাষচাপি আহে শেলুৱৈ টোপনিৰপৰা সাৰ পায় প্রতিছটা প্রাচীন শিল কালি হাবিখনৰ সিপাৰে খহি পৰা বেলিটো হেনো আজি গোটেই দিনটো শুব।

পুৱাতে

ইমান পুৱাতে নিয়ৰ ভাঙি আহিলো বহুদূৰ বিচাৰি নাপালো ক'ত ফুলিছে সুগন্ধি বনফুল, কি চৰায়ে গাইছে ৰ'দৰ গান, কেনি এঙামুৰি দি উঠে মৌ বৰষা চিনাকি সুৰ।

অকলশৰীয়া এৰাতিৰ দুশাৰীমান

সাৰে আছে মোৰ সৈতে ভোটাতৰা দুয়ো একেলগে লিখিছোঁ নিঃসংগতাৰ ইলিজি নিটাল মাৰি থাকে ক'লাজামু আকাশ কৰৈ এজোপাৰ লিচ্‌পিচ্‌ আগলিত পাক খাই ৰয় আধৰুৱা জোন। চৌপাশ মেৰিয়াই এজাক ভুনভুন সময় কাৰ পিছে পিছে ঢপলিয়াই আহিল ইমানবোৰ ভঙা-ছিঙা সুৰ? নিশাচৰ উৰুলি এটা বুকুতে বান্ধি ডুখৰীয়া আন্ধাৰত ৰৈ আছে কোন?

ৰ'দৰ অপেক্ষাৰ এদিন

বহুদিন ধৰি দেখা নাই প্রখৰ বেলিৰ তেজ ৰ'দলৈ মোৰ হেঁপাহ বাঢ়িছে আকাশলৈ মু কৰি ৰৈ আছে জুৰুলি-জুপুৰি হাবিখন ভিজা চোতালৰ মুখ সেমেকা বনবোৰ আৰু খেৰ-বাঁহৰ উৰুখা পঁজাটোৰ দুখ। (২০/৭/১১)

অনামিকাক লৈ ৰোমাণ্টিকতাৰ অলপ

শব্দহীন শব্দবোৰ সামৰি-সুতৰি দুই বেঞ্চ আঁতৰৰপৰা চাই আছিলোঁ---- তোমাৰ চুলিত লৰ্‌ফৰ্‌ বতাহৰ আঙুলি অনামিকা কবিতা এটাই কূটা কঢ়িয়াই বাহ সাজি আছিল হঠাত্‍ উঠি গ'লা তুমি এই যেন উৰি গ'ল এজাক ধান বুটলা ভাটৌ এপথাৰ তন্ময়তা ভাঙি

দুখৰ দিনত

অ' বাঁহী, উৰুঙা গধূলি নুশুনাবি তোৰ ভগ্ন হিয়াৰ গান নীৰৱ হৈয়েই চাকিব খুজিছোঁ হেৰুৱা দিনৰ সুখৰ অলপমান আৰু নোজোকাবি চকুৰ পানীক নালাগে ধুবলৈ ৰং সলোৱা বিষাদ চকুত লাগি থকা অভিমান

সময়

মই সময় মই মহাকাল ময়েই সকলো। এহাতত মোৰ মৃত্যুবাণ আনহাতত সৃষ্টিৰ বীজ মোতেই বিলীণ হয় পুৰণিৰ ভগ্নাৱশেষ মোতেই নতুনৰ অংকুৰণ ঘটে ময়েই বিশ্বনিয়ন্তা মোৰেই সামান্য ইংগিতত বসন্তই পৰশি যায় পুষ্প কানন বৰষাই চুমা খাই ৰুক্ষ মাটিক মোৰেই আঙুলিৰ ঠাঁৰত শীতে সেমেকাই তোলে এটি এটি ৰাতি কুঁৱলীৰ ওৰণিৰে আৱৰে পৃথিৱী ময়েই মৃত্যু, ময়েই ধ্বংস অবিৰাম প্রলয় নৃত্যৰে মই চূর্ণীকৃত কৰোঁ শত গৌৰৱৰ উন্নত স্তম্ভ ভৰিৰে মোহাৰো শত দম্ভ, কত বিজয় নিচান কত জয়ৰ অভিমান। ধ্বংসৰ শেষত সেই ভগ্নাৱশেষত ময়েই সৃষ্টিৰ বন্তিগছি হৈ গঢ়ি তোলো এক নতুন সভ্যতা সঁজাল ধৰা একোটি নৱতম সপোন মোৰেই বুকুৰ উমত জীপাল হৈ উঠে। মই চিৰশাশ্বত, অবিনশ্বৰ চিৰ গতিশীল,সর্বশক্তিমান।

ফেঁহুজালিৰ প্রতীক্ষাত এৰাতি

পপীয়া তৰাৰ হাতত বন্দী ৰাতিটোৰ আয়ুস বেলিৰ তেজত জ্বলি পোহৰ হোৱাৰ অপেক্ষাত এলান্ধু আন্ধাৰ কেতিয়া ভাগিব পূবাকাশৰ জঠৰ মৌনব্রত?

অপেক্ষা

বেলি, তেজে টগ্‌বগ্‌ মোৰ প্রিয় প্রতিৱেশী কাতৰে মাতিছোঁ--- ৰ'দজাক বুকুৰ দলৈকে হেঁচি হেঁচি গুঁজি দি যাবি কতদিন ধৰি দেখা নাই এছোৱা আকাশৰ ফৰকাল ৰং ভেঁকুৰা চোতালত লেপেট কাঢ়ি বহে গোটেইখিনি ভাগৰ ৰৈ আছোঁ, দি যাবিহি বুলি এবুকু কুহুমীয়া পোহৰ য'ত নিজেই গলি যাব পাৰি

সাপ

বৰষুণজাক খপ্‌জপকৈ পৰোঁতেই সাপটোৰ চিক্‌মিকনি দেখিছিলোঁ চাকিৰ অকমাণ পোহৰতচোন সি মোৰ ভৰিয়েদি বগাই আহে নিষিদ্ধতাত তাৰ হেনো দুআঙুল ডুবি চাবৰ মন

কবিতা৪

এটুকুৰা শিল হৈ শুই পৰিম নৈখনৰ বাটত চোওঁ-নোচোওঁকৈ মোক চুই যোৱা কল্‌কল্‌ শব্দৰ নামহীন চেঁচাত ঘামি উঠা গৰমবোৰ গলিব নৈপৰীয়া গছৰ ছাঁই চাকি চাব মোৰ ওঁঠৰ লুণীয়া অ' মেঘবোৰ, বেলিটোক পানীত নামিবলৈ নিদিবি শেলুৱৈৰ লগত মোৰ কথা আছে এতিয়া

বৰষুণত এদিন

ঘৰৰ পিৰালিতে লগ পালোঁ আজি মোৰ এৱাঁ নভঙা ল'ৰালি অমলিন হৈ থকা তাৰ হাঁহি এটা নাওৰা পানীৰ খল্‌মল্‌ ধেমালিত হেঁপাহ পলুৱাই তিতিছিল মায়ে আঁচুৰি দিয়া চুলিত জপিয়াই বহি বৰষুণৰ টোপালবোৰেও খুব ৰং কৰিছিল কাগজৰ কণমানি নাও এখনতে উঠি পানী যোৱা বাটেৰে গ'লগৈ সি পুনৰ কেতিয়াকৈ আহিব নোকোৱাকৈ

ৰাতি

এজাক তৰাৰ চপলতা সাৱটি আকাশৰ টোপনি নাহে কলপতীয়া হাবিখনৰ সিপাৰে ক'ত নামে একাদশীৰ জোন? এই যেন পানীৰপৰা উঠি আহিব সাধুকথাৰ জলকুঁৱৰী, নাম নজনা চৰাইৰ উৰুঙা মাত এটা খোপাত পিন্ধি.. মেৰিয়াই ধৰোঁ ধৰোঁকৈ থাকে কিবা বনফুলৰ গোন্ধ

ভনীলৈ বুলি এটা কবিতা

সপোনৰ ৰংবোৰ চুই চাবলৈ তয়েই শিকাইছিলি এদিন আশাবোৰ বুকুৰ উম দি জীয়াই ৰাখিবলৈয়োতো তোৰেপৰা শিকিলো যিদৰে শিকিলো চকুত পানী লৈ হাঁহিবলৈ মনত পৰেনে ল'ৰালিৰ খিল্‌খিল্‌ হাঁহি? কাজিয়া কৰি মুখ ফুলোৱা আবেলি? নাইবা গৰমৰ দুপৰীয়াবোৰৰ এটা এটা বদমাছি?? সময়ে কিমান বাগৰ সলালে নতুন কথাবোৰ পুৰণি হ'ল কিমান কথা আহি নতুন হ'লহি মাথোঁ সলনি নহ'লো আমি সময়ে আমাৰ ল'ৰালি মোহাৰি পেলালেও টগ্‌বগ্‌ যৌৱন আঁজুৰি নিলেও আমিতো সদায়েই চেনেহৰ ভাই-ভনী (ভগ্নী কৃষ্ণা গগৈৰ হাতত)

খেতিৰ দিনৰ কবিতা

হুৰমূৰাই বাঢ়িছে এপথাৰ ব্যস্ততা কুঢ়া চৰাইৰ কঠিয়াতলীত পোনা মাছৰ উলাহ সমাৰ বোৱা মাটিৰ গোন্ধত গাভিনী টোমবোৰ পাতল হয় হোলোঙাত ওলমি গঙাচিলনীৰ কোঢ়ালবোৰো যায় নেকি কেনিবা? আলিৰ কানত ভেঁজা দি ৰোৱা এশাৰী খোকাত বন্দী ৰাতিৰ সাঁজৰ কল্‌মল্‌ ভোক ৰংমন অ', বেলিটোচোন ভাগৰিলেই তোৰহে ব্যস্ততাৰ শেষ নাই।

প্রৱঞ্চিত

কালি প্রতাৰিত চকুবোৰ জ্বলি থাকিল গোটেই ৰাতি তেল নোহোৱা হৈ চাকিবোৰ বাৰে বাৰে নুমাইছিল এটা মাথোঁ শিখাত উত্‍সাহ দিবলৈকো শেষ হৈ গৈছিল আগ্রহ সুৰ হেৰুৱাই ওঁঠৰ গীতবোৰ হৈছিল নিঠৰুৱা নৈৰ পাৰৰ মৰিশালীত চিতাজুইৰ আঙঠাত গা সেকিবলৈ এন্ধাৰবোৰে ভিৰ কৰিছিল মানুহবোৰ আছিল বৰ ভাগৰুৱা তথাপিও টোপনিয়ে সান্ত্বনা দিয়াৰ অলপো নকৰিলে অপচেষ্টা জোনটো নিমাতে থৰ হৈ থকাৰ দৃশ্যও আছিল মর্মান্তিক ফেঁচাৰ প্রতিটো চিঞৰে বাঁকুহিছিল গধুৰ গধুৰ বুকু আজি বুদ্ধ পূর্ণিমা য'ত পোহৰে মূৰ তুলি হাঁহিব নোৱাৰে তাত বাহিৰৰ পূর্ণিমাৰ অর্থনো কি??

কেতিয়াবা নিজানত

তোমাক ক'ম ক'ম বুলিয়েই বুকুতে ৰ'ল ভালপোৱাৰ কঁপা কঁপা আখৰ এতিয়া উকলি যোৱা সময়বোৰে অকলে অকলে উচুপে এতিয়াও ক'ৰবাত মৌ-চাপৰিৰ ঐনিতমৰ সুৰ এটা হৈ বাজি থাকা ঐনিতমবোৰত বাৰু কিয় ইমান বেজাৰ?? (মৌ-চাপৰি যোৰহাটৰ এক নৈ চাপৰি।)

অপ্রাপ্তি

আকাশখন টুকুৰা-টুকুৰকৈ খহিছে বেলিয়ে পাহৰিছে পোহৰৰ ঠিকনা বুকুত গধুৰ উশাহ কাষত মাথোঁ এটা নিসংগ হুমুনিয়াহ এতিয়া হাঁহিৰ বাঁহী নাবাজে ওঁঠত কলিজাতে গোট মাৰিলে কলিজাৰ হেঁপাহ

কবিতা৩

ৰ'দ এচেৰেঙাৰ লগতে দুহাত মেলি চেমনীয়া দিনটো নামি আহিল চোতাললৈ কুহুমীয়া উমেৰে জগাই গ'ল ফুলৰ এটি এটি কলি দুপৰৰ জিলিৰ মাতত সি ডেকা বয়স পাব শেষত আবেলিৰ হেঙুলীয়াৰ লগত অন্ত হ'ব দিনটোৰ আয়ুস নতুন ৰাতি এটাৰ জন্মৰ ক্ষণত .. (১৭/৪/১১)

এয়া যে ফাগুনৰ বিদায়ৰ সময়

আজি আকাশখন গোমা গোমা তৰা এটিও সৰকি পৰিব নোৱাৰা জাকৰুৱা ডাৱৰৰ ভিৰ, জোনাকে অলপো সুৰুঙা নাপায় . . ফাগুনৰ ধূলিয়ৰী বাট চিকুণাবলৈকে চ'তাইৰ এয়া উছাহ ব'হাগে যে পদূলিত আহি জিৰায় . . (৪/২/১১)

অসীমত যাৰ হেৰাল সীমা

সেই ঠাইত থমকি ৰৈছিল সময় আঁকিবলৈ লৈ অতীত আৰু বর্তমানৰ সীমাৰেখা বুজাবলৈ লৈ জীৱন আৰু মৃত্যুৰ প্রভেদ একাকাৰ হৈ গৈছিল ভ্রম আৰু বাস্তৱৰ সংজ্ঞা অসীমত চাৰিজন লোকৰ সীমা হেৰাইছিল। (মোৰ অন্যতম প্রিয় উপন্যাস কাঞ্চন বৰুৱাৰ 'অসীমত যাৰ হেৰাল সীমা' পঢ়াৰ অনুভূতিৰে এই খেলিমেলি শাৰীকেইটা লিখিলোঁ।)

গৰু বিহুৰ দিনা

গৰুৰ গা ধুৱাওঁতে ভিজা তোমাৰ শৰীৰৰ লগত এক হৈ গৈছিল মোৰ বুকুৰ ধপ্‌ধপনি বিমুগ্ধ বিভোৰ চাৱনি মোৰ উশাহত নিজেই পাইছোঁ মই বনৰীয়া গোন্ধ

অ' প্রিয় বন্ধু

অ' প্রিয় বন্ধু, কিয় সোধ মোক কি হৈছে বুলি? সেয়া জনা হ'লে ময়ে হ'লোহেঁতেন মোৰ প্রিয় বন্ধু! "ভালনে?" বুলি তোৰপৰ শুনিলে সমূলি ভাল নালাগে মোৰ অসুখৰো আৰম্ভণি হয় তাতেই ...

আহ্বান

ৰাতি এটাক ওমলিবলৈ দিয়া তোমাৰ কিচ্‌কিচিয়া চুলিত দুখৰ লুণীয়া নৈখন ভাগৰি পৰক নামি আহক চেনেহৰ কিন্‌কিন্‌ বৰষুণ বুকুৰ চোতালত সাৰ পাই উঠক ভালপোৱাৰ প্রাচীন বাসনা আৰু আকাশৰ ফাঁকেৰে সৰি সৰি পৰা চিকুণ জোনাকত গজালি মেলক বহুদিনৰ এটি সাঁচতীয়া সপোনে ...

কবিতা২

বছা পথাৰৰ পিছল বোকা চলে ওপৰা-উপৰি মৈ কুহুমীয়া হোৱা পানী সাঁতুৰি থাকে তাত গর্ভৱতী পুঠিজনী গা-পোৰা ৰ'দত জিলিকে তাইৰ ধোঁৱাৰঙী পিঠি দুখন হাত আগুৱাই আহে নিথৰ হৈ পৰা এটা ছট্‌ফটনি সোমাই পৰে খালৈত নিটাল মাৰে পেটৰ পোৱালিৰ বাবে এটা অসহায় উচুপনি। (১১/০৩/১১)

ফাগুনলৈ বুলি

হেৰ' বলিয়া ফাগুন তোৰ মতলীয়া ৰঙেৰে ৰঙাই মোকো মাতাল কৰিলি চঞ্চল পছোৱাৰ পাখি উৰুৱাই মোকো বলিয়া কৰিলি ৰঙা পলাশৰ পাহিৰে বুৰ গ'ল গোটেইখন আকাশ সেন্দুৰীয়া হ'ল শিমলুৰ তল ৰবাব টেঙাৰ আলফুলীয়া গোন্ধত মনৰ বাহুত ডেউকা গজিল সাৰ পাই উঠিল কত কুমলীয়া গজালি দূৰণিতো সেয়া কুলিজনীৰে ৰঙিয়াল সুহুৰি অ' ফাগুন তোৰ আঁচলতে দেখোন পৃথিৱীৰ সঁজালধৰা চেনেহ নতুন প্রেমৰ ৰঙীণ ফাকুগুড়ি ..

কবিতা১

বৰষুণৰ সৈতে মিলনতেই গাভৰু হয় শুকান পথাৰখন ভৰপক হয় খেতিয়কৰ সপোন সুখৰ বাঁহীৰ সুৰ এটা বাজি থাকে অবিৰাম .. ফাগুনৰ বৰষুণজাকতে চিকুণ হয় ভাংফলীয়া নাঙল (১২/৩/১১)

সুপ্রভাত

ৰাতিটো বৰষুণত ভিজি আছিল শৰীৰটো নিচুকাইছিল প্রেমে (নে শৰীৰে প্রেমক?) হাবিখনে জোকাৰি পেলাইছিল বহুদিনৰ ধূলিময় অৱসাদ পুৱাটো এতিয়াও সেমেকি আছে কোনোবা চৰায়ে ঘনাই গাইছে "ৰ'দালি এ ৰ'দ দে।"

নামহীন

কুঁৱলীজাকত ৰৈ বাহিৰত ৰাতি এটা কঁপি আছে জোনৰ পোহৰে জিলিকাব নোৱাৰা তাৰ নিৰুত্‍সাহ মুখ ... আইনাৰ খিড়িকীৰ এইপাৰে ৰৈ আছোঁ মই, সাক্ষী হৈছোঁ---- লাইট প'ষ্টটোৰ তলত ফটা কেঁথাৰ উমত(?) জীয়াই থকাৰ কিছুমান অদম্য হেঁপাহৰ খৰ্‌মৰণিৰ ...

গ্রীষ্মৰ স্তৱক

(১) চেৰ্‌চেৰীয়া ৰদত দিনটোৰ আয়ুস বাঢ়িছে উশাহত হুৰ্‌মূৰকৈ উজাই আহিছে শুকান নৈখন ৰুক্ষ বতাহতে কঁপে আগলি কলাপাত .. (২) শীর্ণ কাকডোঙা, তাতেই নামিছে দুপৰৰ বেলি দুকাষে উলুৱনি জোপোহাত লৰে কপহুৱা পতাকা .. (৩) ৰৈ আছোঁ, বৰষুণজাক আহিলেই মই শুকান মাটি হৈ তিতিম এখিলা পাত হৈ পখালিম গা খেলিমেলিকৈ বাজি থাকিব ৰাগ মেঘমল্লাৰ .. (৪) ক'লা ডাৱৰৰ জাকৰুৱা উছাহত আকাশ যেতিয়া গধুৰ হ'ব তেতিয়াই সৰিব জাকৰুৱা বৰষুণ উলাহৰ গীত এটা তাত ৰৈ ৰৈ তিতিব ..